নেশ্যনেল ডেস্ক, ৩ছেপ্টেম্বৰ: বাৰে-বাৰে মুখ থেকেচা খালেও ভাৰতৰ বিৰুদ্ধে কুটনীতি কৰিবলৈ নেৰে ৰঙা চীনে । পূৱ লাডাখত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে ভাৰতীয় সেনাৰ গতিবিধিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে আগ্ৰাসী চীনে । চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই বুধবাৰে দাবী কৰিছে যে, ভাৰত-চীনৰ মাজত থকা দ্বিপাক্ষিক চু্ক্তি ভাৰতে উলংঘন কৰিছে ।
নিৰ্ধাৰিত সীমা অতিক্ৰম কৰি ভাৰতীয় সেনা আগুৱাই গৈছে বুলি বুজাবুজিৰ চুক্তি ভংগৰ দোষ জাপি দিছে চীনে । ভাৰতীয় সেনাই প্ৰথমে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিছে আৰু সীমান্তত নিজৰ স্থিতি কিছু সাল-সলনি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে চীনে । ভাৰতৰ এনে কাৰ্যই দ্বিপাক্ষিক চু্ক্তি উলংঘন কৰাকে সূচাইছে বুলি মন্তব্য কৰে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰই ।
লগতে ভাৰত-চীনৰ সীমান্তত কৰ্তব্যৰত ভাৰতীয় সেনাক কঠোৰভাৱে শাসন কৰি যুদ্ধ হোৱাত উচতনি যোগোৱা আৰু অবৈধভাৱে নিয়ন্ত্ৰণ ৰেখা পাৰ কৰা সেনাক উভতাই নিবলৈ ভাৰত চৰকাৰক আহ্বান জনায় মুখপাত্ৰগৰাকীয়ে ।
আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতে ৰাজনৈতিক আৰু সামৰিক, এই দুয়োটা মাধ্যমেৰে চীনৰ পক্ষৰ সৈতে সাম্প্ৰতিক উত্তেজনাপূৰ্ণ আৰু আক্ৰমণাত্মক পৰিস্থিতি সন্দৰ্ভত কাৰ্যপন্থা গ্ৰহণৰ প্ৰস্তাৱ উত্থাপন কৰিছে । শান্তিপূৰ্ণ আলোচনাৰ মাজেৰে পশ্চিম ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰেখাৰ সৈতে জড়িত সমস্যাৰ সমাধান কৰিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ বুলি প্ৰকাশ কৰিছে । উল্লেখ্য যে, যোৱা ২৯ আৰু ৩০ আগষ্টত ভাৰতীয় সেনাই পেংগঙৰ সমীপত আগ্ৰাসী চীনৰ সেনাৰ প্ৰৱেশত বাধা প্ৰদান কৰিছিল ।