ETV Bharat / bharat

2500 চিকিৎসক আৰু 35000 অতিৰিক্ত পেৰামেডিক নিয়োজিত কৰিব ভাৰতীয় ৰেলে - কোভিড-19 মহামাৰী

কোভিড-19 মহামাৰীৰ সৈতে যুঁজিবলৈ ভাৰতীয় ৰেলে অতিৰিক্তভাৱে নিয়োজিত কৰিব 2500 চিকিৎসক আৰু 35000 অতিৰিক্ত পেৰামেডিক ৷ ৰেলমন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

author img

By

Published : Apr 9, 2020, 11:26 AM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ সমগ্ৰ দেশতে দেখা দিয়া কোভিড-19 মহামাৰীৰ সময়তে ভাৰতীয় ৰেলৱে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷ ৰেল মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি, বিভাগৰ অধীনস্থ প্ৰায় 2500 চিকিৎসক আৰু 35000 পেৰামেডিকচ এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ অতিৰিক্তভাৱে নিয়োজন কৰা হ’ব ৷

ভাৰতীয় ৰেলৰ ওচৰত 586টা স্বাস্থ্য খণ্ড আছে ৷ ইয়াৰে 48খন ছাব-ডিভিজনেল হস্পিতাল, 56খন ডিভিজনেল হস্পিতাল, 8খন প্ৰডাকশ্বন ইউনিট হস্পিতাল আৰু 16খন জোনাল হস্পিতাল আছে ৷ এইসমূহ চিকিৎসালয়ৰ এটা বৃহৎ খণ্ড এতিয়াৰে পৰা কোভিড-19ৰ কামত নিয়োজিত কৰিব ৰেলৱে ৷ সদ্যহাতে ৰেলৱেৰ ওচৰত থকা 2546 গৰাকী চিকিৎসক, 35153 গৰাকী পেৰামেডিকৰ দ্বাৰা এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিব ৷

ৰেলৱেৰ 17খন ডেডিকেটেড হস্পিতাল আৰু 33 খন হস্পিতাল ব্লকত কোভিড-19 ৰোগীক চিকিৎসাৰ বাবে 5000 বিচনা সাজু কৰি তোলা হৈছে ৷ ইয়াৰ লগতে ৰেলৱে বিভিন্ন অংগসমূহত 11000 খন বিচনা নিৰীক্ষণ কক্ষৰ বাবে সাজু কৰি তোলা হৈছে ৷ ইয়াৰ উপৰিও ভাৰতীয় ৰেলে 10 দিনৰ ভিতৰত ইয়াৰ প্ৰায় 3250টা দবাক আছুতীয়া কক্ষলৈ ৰূপান্তৰিত কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.