ETV Bharat / bharat

ফেণীৰ প্ৰভাৱঃ সাহায্যৰ বাবে সাজু নৌসেনা

author img

By

Published : Apr 30, 2019, 11:04 AM IST

ওড়িশা চৰকাৰে সোমবাৰে দুৰ্যোগ প্ৰশমন বিভাগক আগন্তুক পৰিস্থিতিৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ প্ৰভাৱ পৰা অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে সাহায্য শিবিৰ ,খাদ্য আদিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জাননী জাৰি কৰিছে ৷

সাহায্যৰ বাবে সাজু নৌসেনা

বিশাখাপট্টনম , 30 এপ্ৰিল : শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ফেণী ঘূৰ্ণী বতাহৰ বাবে ভাৰতৰ উপকূল অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বিভাগটোৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি ভাৰতৰ পূব উপকূল অঞ্চলত ঘূৰ্ণী বতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে ৷ ঘূৰ্ণী বতাহ ফেণীৰ প্ৰভাৱত উপকূল অঞ্চলৰ দাতি কাষৰীয়া অঞ্চল সমূহত প্ৰচণ্ড ধুমুহা আৰু বৰষুণে আহিব বুলিও বতৰ বিজ্ঞান তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ৷

নৌসেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি বিশাখাপট্টনম আৰু চেন্নাইত ভাৰতীয় নৌসেনাৰ জাহাজসমূহ ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব পৰা অঞ্চলসমূহত সাহায্য প্ৰদানৰ বাবে সাজু কৰি ৰখা হৈছে ৷ এই জাহাজসমূহত চিকিৎসা সেৱা , বস্ত্ৰ , খাদ্য, উদ্ধাৰ সামগ্ৰীকে ধৰি সকলো ধৰণৰ সা-সুবিধা আছে বুলি নৌ সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷ ইয়াৰোপৰি নৌসেনাৰ বিমান সমূহো আই এন এচ ৰাজালি, আই এন এচ ডেগাত উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰখা হৈছে ৷ আনহাতে ওড়িশ্যাৰ চৰকাৰে সোমবাৰে দুৰ্যোগ প্ৰশমন বিভাগক আগন্তুক পৰিস্থিতিৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণৰ বাবে সাহাৰ্য শিবিৰ ,খাদ্য আদিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও জাননী জাৰি কৰিছে ৷

Intro:Body:

INDIAN

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.