ETV Bharat / bharat

হেলিকপ্টাৰৰ সহায়ত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

গান্ধী জয়ন্তীৰ দিনটোত বিশেষ কাৰ্যসূচী হাতত লয় ভাৰতীয় নৌ-সেনাই ৷ নৌ-সেনাই ইয়াৰ UH3H হেলিকপ্টাৰৰ সহায়ক আকাশমাৰ্গৰ পৰা গছৰ গুটি সিঁচৰিত কৰি গছপুলি ৰোপনৰ কাম সম্পন্ন কৰে ৷

হেলিকপ্টাৰৰ সহায় গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

author img

By

Published : Oct 3, 2020, 8:30 AM IST

Updated : Oct 3, 2020, 8:36 AM IST

নিউজ ডেস্ক, 3 অক্টোবৰ : ভাৰতীয় নৌ-সেনাই প্ৰগতি ভাৰত ন্যাস আৰু গ্ৰেটাৰ বিশাখাপট্টনম পৌৰসভাৰ সহায়ত আকাশমাৰ্গৰ পৰা গছৰ বীজ সিঁচৰিত কৰি এক অভিনৱ ৰূপত পালন কৰে 151 সংখ্যক গান্ধী জয়ন্তী ৷ বিশাখাপট্টনমস্থিত নৌ-সেনাৰ ইষ্টাৰ্ণ নাভেল কামাণ্ডে এই বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে ৷

হেলিকপ্টাৰৰ সহায় গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ
হেলিকপ্টাৰৰ সহায় গছপুলি ৰোপনেৰে গান্ধী জয়ন্তী পালন নৌ-সেনাৰ

নৌ-সেনাৰ ইষ্টাৰ্ণ নাভেল কামাণ্ডৰ ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ; ভাইচ এডমিৰেল অতুল কুমাৰ জৈন (পিভিএছএম, এভিএছএম, ভিএছএম)এ এই কাৰ্যসূচী মুকলি কৰে ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ বিজয় সাই ৰেড্ডীকে ধৰি বিশাখাপট্টনমৰ সাংসদ এমভি সত্যনাৰায়ন, স্থানীয় বিধায়ক আৰু নৌ-সেনাৰ বিষয়া-জোৱান তথা পৌৰসভাৰ বহুটো কৰ্মচাৰীয়ে ৷

ইষ্টাৰ্ণ নাভেল কামাণ্ডৰ অধীনস্থ নৌ-সেনা বন্দৰ আইএনএছ ডেগাৰ পৰা এই কাৰ্যসূচী মুকলি কৰা হয় ৷ আকাশমাৰ্গৰ পৰা গছৰ বীজ সিঁচৰিত কৰি গছপুলি ৰোপন কৰা কাৰ্যত নৌ-সেনাই ব্যৱহাৰ কৰে তিনিখনকৈ UH3H হেলিকপ্টাৰ ৷ তিনিওখন হেলিকপ্টাৰৰ সহায়ত 6.25 টন বিভিন্ন জাতৰ গছৰ বীজ আকাশৰ পৰা সিঁচৰিত কৰা হয় ৷

গান্ধী জয়ন্তীত গছপুলি ৰোপন ভাৰতীয় নৌ-সেনাৰ

প্ৰতিখন হেলিকপ্টাৰৰ সহায়ত 2 টনকৈ ওজনৰ প্ৰায় 50,000 হাজাৰ বীজ পেডাগানটায়েডা, অগনামপুডি, নাইডু থোতা, চিনামুশিদিৱাডা আৰু পাভুৰালেকোন্দা নামে পাঁচটাকৈ স্থানত সিঁচৰিত কৰে নৌ-সেনাই ৷

লগতে পঢ়ক : নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া

Last Updated : Oct 3, 2020, 8:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.