ETV Bharat / bharat

এণ্টি ড্ৰোণ চিষ্টেম ক্ৰয়ৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ ভাৰতীয় নৌসেনা বাহিনীৰ

author img

By

Published : Dec 9, 2020, 9:45 AM IST

শত্ৰুৰ উচ্চ গতি সম্পন্ন ড্ৰোণক বাধা প্ৰদান কৰাৰ হেতু ইজৰাইলী অস্ত্ৰ-শস্ত্ৰৰ প্ৰণালী ক্ৰয়ৰ চুক্তি চূড়ান্ত কৰিছে ভাৰতীয় নৌসেনা বাহিনীয়ে ৷ আগন্তুক বৰ্ষতেই এই SMASH 2000 ফায়াৰ কণ্ট্ৰ’ল চিষ্টেমৰ আৰম্ভণি কৰা হ’ব ৷

Indian Navy finalises procurement of anti-drone systems
এণ্টি ড্ৰোণ চিষ্টেম ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ ভাৰতীয় নৌসেনা বাহিনীৰ

নিউজ ডেস্ক,6 ডিচেম্বৰ : ভাৰতীয় নৌসেনা বাহিনীয়ে ইজৰাইলী অস্ত্ৰ-শস্ত্ৰৰ প্ৰণালী ক্ৰয়ৰ চুক্তি চূড়ান্ত কৰিছে ৷ এই অস্ত্ৰ-শস্ত্ৰই উচ্চ গতি সম্পন্ন শত্ৰুৰ ড্ৰোণক বাধা প্ৰদান কৰিব ৷ মঙলবাৰে নৌসেনা বাহিনীৰ এক সূত্ৰই এই কথা উল্লেখ কৰে ৷

লগতে নৌসেনা বাহিনীৰ সূত্ৰই কয় যে, আগন্তুক বৰ্ষত SMASH 2000 ফায়াৰ কণ্ট্ৰ’ল চিষ্টেমৰ আৰম্ভণি কৰা হ’ব বুলি তেওঁলোক আশাবাদী ৷ অৱশ্যে নৌসেনাই ক্ৰয় কৰিবলৈ লোৱা এই কণ্ট্ৰ’ল চিষ্টেমৰ পৰিমাণ বৰ্তমানো জানিব পৰা হোৱা নাই ৷

ইজৰাইলী ফাৰ্ম স্মাৰ্ট শ্বুটাৰে নিৰ্মাণ কৰা এই অস্ত্ৰই উচ্চ গতি সম্পন্ন ড্ৰোণক তললৈ নমাই আনিব পাৰে বুলি সূত্ৰই জানিবলৈ দিয়ে ৷ এই অস্ত্ৰ ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ভাৰতে এক ড্ৰোণ ব্যৱহাৰ কৰি এই পৰীক্ষা সম্পন্ন কৰে ৷

উল্লেখ্য যে, বিগত সপ্তাহত নৌসেনাৰ মুখ্য সমৰ্থক কৰমবীৰ সিঙে সংবাদ মাধ্য়মযোগে কয় যে, তেওঁ অন্য়ান্য প্ৰণালীৰ দ্বাৰাও মানৱহীন চিষ্টেমসমূহ প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷

লগতে পঢ়ক : অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.