ETV Bharat / bharat

ভিয়েটনামৰ বানপীড়িতলৈ ভাৰতৰ নৌসেনাৰ ১৫ টনৰ সাহাৰ্য

মধ্য় ভিয়েটনামত বানপীড়িত লোকৰ বাবে ১৫ টন মানৱীয় আৰু দুৰ্যোগ সাহাৰ্যৰ সৈতে মিছন সাগৰ-III নামেৰে ভাৰতীয় নৌসেনাৰ কিল্টন জাহাজখন বৃহস্পতিবাৰে হৌৰ মিহ্ন চহৰৰ নাহৰোঙ্গ বন্দৰত উপস্থিত হয় । চৰকাৰী বিবৃতি অনুসৰি কিল্টন জাহাজৰ এই অভিযান ভিয়েটনামত চলি থকা মহামাৰীত ভাৰতৰ এইচএআৰডিৰ অধীনত এক সহায় ।

ভিয়েটনামৰ বানপীড়িতলৈ ভাৰতৰ ১৫ টনৰ সাহায্য়

author img

By

Published : Dec 25, 2020, 6:13 PM IST

নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ : মধ্য় ভিয়েটনামত বানপীড়িত লোকৰ বাবে ১৫ টন মানৱীয় আৰু দুৰ্যোগ সাহায্য়ৰ সৈতে মিছন সাগৰ-III নামেৰে ভাৰতীয় নৌসেনাৰ কিল্টন জাহাজখন বৃহস্পতিবাৰে হৌৰ মিহ্ন চহৰৰ নাহৰোঙ্গ বন্দৰত উপস্থিত হয় । চৰকাৰী বিবৃত্তি অনুসৰি কিল্টন জাহাজৰ এই অভিযান ভিয়েটনামত চলি থকা মহামাৰীত ভাৰতৰ এইচএআৰডিৰ অধীনত এক সহায় ।

মিছন সাগৰ -III প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাগৰ ( সুৰক্ষা আৰু সকলো ক্ষেত্ৰতে বিকাশ ) আঁচনিৰ দৃষ্টিকোণৰ পৰা কৰা হৈছে । লগতে ভাৰতীয় নৌসেনাই প্ৰথম প্ৰতিক্ৰিয়া কৰি এক নিৰ্ভৰযোগ্য সংগী হিচাপে ভাৰতৰ স্থিতি স্পষ্ট কৰে । এই অভিযানে ASEAN দেশসমূহৰ মাজত থকা গুৰুত্বক ৰক্ষা কৰাৰ লগতে ভৱিষ্য়তেও এই সম্বন্ধ অধিক শক্তিশালী কৰিব ।

আৰ্থিক অংশীদাৰীত্বৰ ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ যথেষ্ঠ আগ্ৰহৰ বাবে বিগত দিনত দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী হৈছে । ২০১৬ চনত দ্বিপাক্ষিক সম্বন্ধও বিস্তৃত সামৰিক অংশীদাৰীত্বকলৈ উত্তোলিত কৰা হয় ।

বৰ্তমানৰ যাত্ৰাই দুয়োখন দেশৰ নৌসেনাৰ মাজত সামূদ্ৰিক সহযোগিতাক বঢ়োৱাৰ চেষ্টা কৰিব আৰু দুয়োখন দেশৰ মাজৰ বন্ধুত্ব অধিক শক্তিশালী কৰিব আৰু বিভিন্ন ক্ষেত্ৰত সুৰক্ষা আৰু স্থিৰতাটো উপযোগী হ'ব । বিবৃতিত কোৱা মতে, হৌৰ মিহ্ন চহৰ এৰা পিছত জাহাজখনে ২৬ আৰু ২৭ ডিচেম্বৰত দক্ষিণ চীন সাগৰত ভিয়েটনাম পিপলছ নৌসেনাৰ সৈতে এক যাত্ৰা অনুশীলনও কৰিব ।

লগতে পঢ়ক : ভাৰতত ক’ভিড-19ৰ পৰা আৰোগ্য লাভ প্ৰায় 97 লাখৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.