ETV Bharat / bharat

ভাৰতৰ স্বাস্থ্য সেৱা ব্যৱস্থাক চিকিৎসাৰ প্ৰয়োজন - ভুৱা চিকিৎসা বীমা

অসংখ্য ভাৰতীয়ৰ বাবে চৰকাৰী স্বাস্থ্যসেৱা এতিয়াও উপযুক্ত নহয়। দেশৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ সংকটজনক অৱস্থাৰ প্ৰমাণ নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনখন। অভিলাসী প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মাত্ৰ ৪০ শতাংশ লোককহে সাঙুৰিছে। চিকিৎসা পৰ্যটন শব্দটো শ্ৰুতি মধুৰ যদিও নাগৰিকৰ কল্যাণ নিশ্চিত কৰাটোৱেই চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব। নীতি আয়োগৰ প্ৰতিবেদনে স্পষ্ট কৰিছে যে ৯৮ শতাংশ চিকিৎসালয়তে ১০জনতকৈ কম কৰ্মচাৰী আছে।

INDIAN HEALTHCARE SYSTEM NEEDS NURSING ETV BHARAT NEWS

author img

By

Published : Nov 28, 2019, 10:41 AM IST

Updated : Nov 28, 2019, 11:00 AM IST

চৰকাৰী সাহায্যপ্ৰাপ্ত স্বাস্থ্যসেৱাই এতিয়াও বহু লোককে সাঙুৰিব পৰা নাই। ভাৰতত ৰাজহুৱা স্বাস্থ্যসেৱাৰ দুখজনক অৱস্থাৰ বিষয়ে নীতি আয়োগে এক প্ৰতিবেদন প্ৰকাশ কৰিছে । এক সুসংহত স্বাস্থ্য সেৱাৰ বাবে এই প্ৰতিবেদনে কেইবাটাও প্ৰত্যাহ্বান আঙুলিয়াই দিয়ে। যি সময়ত আন দেশসমূহে তেওঁলোকৰ নাগৰিকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধন ব্যয় কৰি আহিছে,তেনে সময়ত ভাৰত এইক্ষেত্ৰত নামমাত্ৰ অৱস্থাতে আছে। অসংখ্য ভাৰতীয়ৰ বাবে চৰকাৰী স্বাস্থ্যসেৱা এতিয়াও উপযুক্ত নহয়। দেশৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ সংকটজনক অৱস্থাৰ প্ৰমাণ নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনখন। নতুন ভাৰতবৰ্ষ গঢ়াৰ লক্ষ্যৰে নীতি আয়োগে কেইবাটাও ক্ষেত্ৰ বাচি লৈছে । জিডিপিৰ অনুপাতত যদি আমি ভাৰতবৰ্ষত চৰকাৰে স্বাস্থ্য সেৱাত কৰা ব্যয়ৰ পৰিমাণ শ্ৰীলংকা,ইণ্ডোনেছিয়া, ইজিপ্ট আৰু ফিলিপাইনছৰ দৰে দেশৰ লগত তুলনা কৰিলে ভাৰতৰ পুতৌজনক অৱস্থা প্ৰতিফলিত হয়।

INDIAN HEALTHCARE SYSTEM NEEDS NURSING ETV BHARAT NEWS
দেশৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ সংকটজনক অৱস্থা

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গড়ে এগৰাকী ব্যক্তিৰ চিকিৎসাত ব্যয় মাত্ৰ ১৮ শতাংশ। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী ব্যক্তিয়ে মুঠ চিকিৎসা ব্যয়ৰ ৬৩ শতাংশ খৰচ কৰিবলগীয়া হয়। অভিলাসী প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মাত্ৰ ৪০ শতাংশ লোককহে সাঙুৰিছে। আন চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য বীমাত অন্তৰ্ভুক্ত ৫ শতাংশ লোক এই যোজনাৰ আওতাত নপৰে। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে অধিকাংশ লোকৰ বাবে স্বাস্থ্য সুৰক্ষা নাই। ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিয়ে প্ৰকাশ কৰামতে প্ৰতি বছৰে চিকিৎসাৰ বিলে ৬ কোটি লোকক ঋণগ্ৰস্ত কৰে। আনহাতে,উপযুক্ত সহায় বা নিৰ্দেশনা লাভ নকৰাৰ বাবে বহু লোক স্বাস্থ্য বীমাৰ সুবিধাৰ পৰাও বঞ্চিত । সময়মতে চিকিৎসা সেৱা লাভ নকৰাৰ ফলত বছৰি ২৪ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।

আৰু পঢ়কঃতিনিচুকীয়া আৰক্ষীৰ জালত তিনি ডকাইত

স্বাস্থ্যসেৱা উন্নত কৰি ৰাইজৰ আস্থা আদায়ৰ উদ্দেশ্যে নীতি আয়োগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ মূল উদ্দেশ্যে হৈছে ২০৩০ চনৰ ভিতৰত ১০ লাখ নৱজাতকৰ জীৱন সুৰক্ষা কৰা আৰু কৰ্মৰত-প্ৰাপ্তবয়স্কৰ ১৬ শতাংশ লোকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰে । চিকিৎসা পৰ্যটন শব্দটো শ্ৰুতি মধুৰ যদিও নাগৰিকৰ কল্যাণ নিশ্চিত কৰাটোৱেই চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব। স্বাস্থ্যসেৱাৰ উপলব্ধতা আৰু গুণগত মানৰ ক্ষেত্ৰত ১৯৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪৫ নম্বৰত। চীন,বাংলাদেশ,শ্ৰী লংকা,ভূটানে এইক্ষেত্ৰত আমাতকৈ বহুদূৰ আগবাঢ়ি আছে। এনেধৰণৰ বাহিৰৰ প্ৰতিবেদন মূল্যায়ন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে নিজে স্বীকাৰো কৰিছে যে দেশত ২০ শতাংশ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ৩০ শতাংশ সমূহীয়া স্বাস্থ্য কেন্দ্ৰঅভাৱ আছে । নিৰাপদ চিকিৎসা সেৱাৰ ধাৰণাটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি ভাৰতে ২০ লাখ চিকিৎসক আৰু ৪০ লাখ নাৰ্ছৰ অভাৱত ভুগি আছে

আৰু চাওকঃ বান বিধ্বস্ত অঞ্চলত কৃষিৰে সেউজ বিপ্লৱ

চৰকাৰে প্ৰকাশ কৰামতে ৫৭ শতাংশ এল’পেথিক চিকিৎসা অযোগ্য চিকিৎসকে প্ৰদান কৰে। লাখ লাখ অসহায় মানুহে ভুৱা চিকিৎসকৰ ওচৰলৈ যায়। তেওঁলোকৰ স্বাস্থ্য আৰু ধন ৰক্ষা কৰাৰ উদ্দেশ্যে জৰুৰীভাৱে ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব। নীতি আয়োগৰ প্ৰতিবেদনে স্পষ্ট কৰিছে যে ৯৮ শতাংশ চিকিৎসালয়তে ১০জনতকৈ কম কৰ্মচাৰী আছে। এই কথাই প্ৰমাণ কৰে যে যিসকলে ধন ব্যয় কৰিব পাৰে তেওঁলোকৰ বাবেহে উৎকৃষ্ট চিকিসা সেৱা উপলব্ধ। যিহেতু চিকিৎসালয় আৰু চিকিৎসক সকল মূলতঃ নগৰকেন্দ্ৰিক,সেয়ে গ্ৰাম্য চিকিৎসা খণ্ডৰ অৱস্থা তথৈবচ হৈ পৰিছে । নীতি আয়োগে সকীয়াই দিছে যে যদি চৰকাৰে বৰ্তমানৰ অৱস্থাক অৱহেলা কৰি থাকে তেন্তে ভুৱা চিকিৎসা বীমাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে চিকিৎসা ব্যয় বৃদ্ধ পাব। এয়া ৰাজনৈতিক নেতাসকলে সময়ৰ আহ্বান বুলি ভাৱিব লাগে।

ভাৰতৰ স্বাস্থ্য সেৱা ব্যৱস্থাক চিকিৎসাৰ প্ৰয়োজন

লগতে চাওকঃশ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ ম’হৰ শিং

দক্ষিণ কোৰিয়া,তুৰ্কী,পেৰু,মালদ্বীপৰ দৰে দেশে অতি দূৰদৃষ্টিৰে তেওঁলোকৰ চিকিৎসা খণ্ডক আগবঢ়াই নিছে। তেওঁলোকে ভাৱে যে ভাল জনস্বাস্থ্য মানৱ সম্পদ উন্নয়নৰ বাবে অপৰিহাৰ্য। কানাডা,কাটাৰ,ফ্ৰান্স,নৰৱে,নিউজিলেণ্ড আদিয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উদাৰণ দাঙি ধৰি আহিছে । ওপৰত উল্লেখ কৰা দেশসমূহ আৰু ভাৰতৰ মাজত থকা বৃহৎ ব্যৱধানৰ মূলতে হৈছে সম্পদৰ সীমাবদ্ধতা। ভাৰতত জনমূৰি চিকিৎসা সেৱাত ব্যয় ৪৫১৭ টকা বা ৬৩ আমেৰিকান ডলাৰ,ইপিনে চীনে ইয়াৰ সাত গুণ নাগৰিকৰ চিকিৎসা সেৱাৰ বাবে ব্যয় কৰে। কিউবা,অষ্ট্ৰিয়া,বেলজিয়াম আৰু ডেনমাৰ্কৰ দৰে দেশে তেওঁলোকৰ জিডিপিৰ ৭-৮ শতাংশ স্বাস্থ্য ক্ষেত্ৰত ব্যয় কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ ১.১ শতাংশহে খৰচ কৰে । নাগৰিকে বহন কৰিবলগীয়া চিকিৎসা ব্যয়ৰ পৰিমাণ হ্ৰাস কৰি ইটালী,গ্ৰীছ,হংকঙত স্বাস্থ্য সেৱা সুৰক্ষা আঁচনিসমূহে যথেষ্ট গুৰুত্ব লাভ কৰিছে । সকলো নাগৰিককে স্বাস্থ্য সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে চুইজাৰলেণ্ডে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়কঃভূমি অধিগ্ৰহণৰ ধন প্ৰদানৰ নামত ধুবুৰীত কেলেংকাৰী

বিল গেটছে কৈছে-“ভাৰত এক আশাব্যঞ্জক অৱস্থাত আছে আৰু প্ৰাথমিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আন দেশৰ বাবে উদাহৰণ হ’ব পাৰে”। এই কথাষাৰক সত্য প্ৰতীয়মান কৰিবলৈ আৰু চৰকাৰী চিকিৎসালয়ৰ মান উন্নত কৰাৰ উদ্দেশ্যে ধন আবণ্টন,খালী থকা পদসমূহ পূৰণ আদি সমস্যা দূৰ কৰিব লাগিব । চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ৰূপায়ণৰ প্ৰতি সদিচ্ছা দেখুৱাব লাগিব । যেতিয়া অসুস্থ স্বাস্থ্য সেৱাক উপযুক্ত চিকিৎসা প্ৰদান কৰা হ’ব তেতিয়াহে ৰাজহুৱা স্বাস্থ্যসেৱাত স্থিৰতা আহিব ।

লগতে পঢকঃফিল্ম ফেয়াৰে নকৰে অসমৰ পৰ্যটনৰ বিকাশঃ দিলীপ নাথ

Intro:Body:

ভাৰতৰ স্বাস্থ্য সেৱা ব্যৱস্থাক চিকিৎসাৰ প্ৰয়োজন

  চৰকাৰী সাহায্যপ্ৰাপ্ত স্বাস্থ্যসেৱাই এতিয়াও বহু লোককে সাঙুৰিব পৰা নাই । ভাৰতত ৰাজহুৱা স্বাস্থ্যসেৱাৰ দুখজনক অৱস্থাৰ বিষয়ে নীতি আয়োগে এক প্ৰতিবেদন প্ৰকাশ কৰিছে । এক সুসংহত স্বাস্থ্য সেৱাৰ বাবে এই প্ৰতিবেদনে কেইবাটাও প্ৰত্যাহ্বান আঙুলিয়াই দিয়ে । যি সময়ত আন দেশসমূহে তেওঁলোকৰ নাগৰিকৰ স্বাস্থ্যৰ বাবে যথেষ্ট ধন ব্যয় কৰি আহিছে, তেনে সময়ত ভাৰত এইক্ষেত্ৰত নামমাত্ৰ অৱস্থাতে আছে । অসংখ্য ভাৰতীয়ৰ বাবে চৰকাৰী স্বাস্থ্যসেৱা এতিয়াও উপযুক্ত নহয় । দেশৰ ৰাজহুৱা চিকিৎসা ব্যৱস্থাৰ সংকটজনক অৱস্থাৰ প্ৰমাণ নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনখন । নতুন ভাৰতবৰ্ষ গঢ়াৰ লক্ষ্যৰে নীতি আয়োগে কেইবাটাও ক্ষেত্ৰ বাচি লৈছে । জিডিপিৰ অনুপাতত যদি আমি ভাৰতবৰ্ষত চৰকাৰে স্বাস্থ্য সেৱাত কৰা ব্যয়ৰ পৰিমাণ শ্ৰীলংকা, ইণ্ডোনেছিয়া, ইজিপ্ট আৰু ফিলিপাইনছৰ দৰে দেশৰ লগত তুলনা কৰিলে ভাৰতৰ পুতৌজনক অৱস্থা প্ৰতিফলিত হয় ।  

  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গড়ে এগৰাকী ব্যক্তিৰ চিকিৎসাত ব্যয় মাত্ৰ ১৮ শতাংশ । কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী ব্যক্তিয়ে মুঠ চিকিৎসা ব্যয়ৰ ৬৩ শতাংশ খৰচ কৰিবলগীয়া হয় । অভিলাসী প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মাত্ৰ ৪০ শতাংশ লোককে সাঙুৰিছে । আন চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য বীমাত অন্তৰ্ভুক্ত ৫ শতাংশ লোক এই যোজনাৰ আওতচাত নপৰে । এই পৰিসংখ্যাই প্ৰমাণ কৰে যে অধিকাংশ লোকৰ বাবে স্বাস্থ্য সুৰক্ষা নাই । ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিয়ে প্ৰকাশ কৰামতে প্ৰতি বছৰে চিকিৎসাৰ বিলে ৬ কোটি লোকক ঋণগ্ৰস্ত কৰে । আনহাতে, উপযুক্ত সহায় বা নিৰ্দেশনা লাভ নকৰাৰ বাবে বহু লোক স্বাস্থ্য বীমাৰ সুবিধাৰ পৰাও বঞ্চিত । সময়মতে চিকিৎসা সেৱা লাভ নকৰাৰ ফলত বছৰি ২৪ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় ।   

 স্বাস্থ্যসেৱা উন্নত কৰি ৰাইজৰ আস্থা আদায়ৰ উদ্দেশ্যে নীতি আয়োগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে । ইয়াৰ মূল উদ্দেশ্যে হৈছে ২০৩০ চনৰ ভিতৰত ১০ লাখ নৱজাতকৰ জীৱন সুৰক্ষা কৰা আৰু কৰ্মৰত-প্ৰাপ্তবয়স্কৰ ১৬ শতাংশ লোকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰে । চিকিৎসা পৰ্যটন শব্দটো শ্ৰুতি মধুৰ যদিও নাগৰিকৰ কল্যাণ নিশ্চিত কৰাটোৱেই চৰকাৰখনৰ প্ৰাথমিক দায়িত্ব । স্বাস্থ্যসেৱাৰ উপলব্ধতা আৰু গুণগত মানৰ ক্ষেত্ৰত ১৯৫ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪৫ নম্বৰত । চীন, বাংলাদেশ, শ্ৰী লংকা, ভূটানে এইক্ষেত্ৰত আমাতকৈ বহুদূৰ আগবাঢ়ি আছে । এনেধৰণৰ বাহিৰৰ প্ৰতিবেদন মূল্যায়ন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰে নিজে স্বীকৰা কৰিছে যে দেশত ২০ শতাংশ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ৩০ শতাংশ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ অভাৱ আছে । নিৰাপদ চিকিৎসা সেৱাৰ ধাৰণাটোৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি ভাৰতে ২০ লাখ চিকিৎসক আৰু ৪০ লাখ নাৰ্ছৰ অভাৱত ভুগি আছে ।    

  চৰকাৰে প্ৰকাশ কৰামতে ৫৭ শতাংশ এল’পেথিক চিকিৎসা অযোগ্য চিকিৎসকে প্ৰদান কৰে । লাখ লাখ অসহায় মানুহে ভুৱা চিকিৎসকৰ ওচৰত যায় । তেওঁলোকৰ স্বাস্থ্য আৰু ধন ৰক্ষা কৰাৰ উদ্দেশ্যে জৰুৰীভাৱে ফলপ্ৰসূ ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব । নীতি আয়োগৰ প্ৰতিবেদনে স্পষ্ট কৰিছে যে ৯৮ শতাংশ চিকিৎসালয়তে ১০জনতকৈ কম কৰ্মচাৰী আছে । এই কথাই প্ৰমাণ কৰে যে যিসকলে ধন ব্যয় কৰিব পাৰে তেওঁলোকৰ বাবেহে উৎকৃষ্ট চিকিসা সেৱা উপলব্ধ । যিহেতু চিকিৎসালয় আৰু চিকিৎসকল মূলতঃ নগৰকেন্দ্ৰিক, সেয়ে গ্ৰাম্য চিকিৎসা খণ্ডৰ অৱস্থা তথৈবচ হৈ পৰিছে । নীতি আয়োগে সকীয়াই দিছে যে যদি চৰকাৰে বৰ্তমানৰ অৱস্থাক অৱহেলা কৰি থাকে তেন্তে ভুৱা চিকিৎসা বীমাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে চিকিৎসা ব্যয় বৃদ্ধ পাব । এয়া ৰাজনৈতিক নেতাসকলে সময়ৰ আহ্বান বুলি ভাবিব লাগে ।   

    দক্ষিণ কোৰিয়া, তাৰ্কী, পেৰু, মালদ্বীপৰ দৰে দেশে অতি দূৰদৃষ্টিৰে তেওঁলোকৰ চিকিৎসা খণ্ডক আগবঢ়াই নিছে । তেওঁলোকে ভাবে যে ভাল জনস্বাস্থ্য মানৱ সম্পদ উন্নয়নৰ বাবে অপৰিহাৰ্য ।কানাডা, কাটাৰ, ফ্ৰাণ্স, নোৰৱে, নিউজিলেণ্ড আদিয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উদাৰণ দাঙি ধৰি আহিছে । ওপৰত উল্লেখ কৰা দেশসমূহ আৰু ভাৰতৰ মাজত থকা বৃহৎ ব্যৱধানৰ মূলতে হৈছে সম্পদৰ সীমাবদ্ধতা ।  ভাৰতত জনমূৰি চিকিৎসা সেৱাত ব্যয় ৪৫১৭ টকা বা ৬৩ আমেৰিকান ডলাৰ, ইপিনে চীনে ইয়াৰ সাত গুণ নাগৰিকৰ চিকিৎসা সেৱাৰ বাবে ব্যয় কৰে ।  কিউবা, অষ্ট্ৰিয়া, বেলজিয়াম আৰু ডেনমাৰ্কৰ দৰে দেশে তেওঁলোকৰ জিডিপিৰ ৭-৮ শতাংশ স্বাস্থ্য ক্ষেত্ৰত ব্যয় কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ ১.১ শতাংশহে খৰচ কৰে । নাগৰিকে বহন কৰিবলগীয়া চিকিৎসা ব্যয়ৰ পৰিমাণ হ্ৰাস কৰি ইটালী, গ্ৰীছ, হংকঙত স্বাস্থ্যসেৱা সুৰক্ষা আঁচনিসমূহে যথেষ্ট গুৰুত্ব লাভ কৰিছে । সকলো নাগৰিককে স্বাস্থ্য সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে চুইজাৰলেণ্ডে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । 

  বিল গেটছে কৈছে-“ভাৰত এক আশাব্যঞ্জক অৱস্থাত আছে আৰু প্ৰাথমিক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আন দেশৰ বাবে উদাহৰণ হ’ব পাৰে”। এই কথাষাৰক সত্য প্ৰতীয়মান কৰিবলৈ আৰু চৰকাৰী চিকিৎসালয়ৰ মান উন্নত কৰাৰ উদ্দেশ্যে ধন আৱণ্টন, খা্লী থকা পদসমূহ পূৰণ আদি সমস্যা দূৰ কৰিব লাগিব । চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনি ৰূপায়ণৰ প্ৰতি সদিচ্ছা দেখুৱাব লাগিব । যেতিয়া অসুস্থ স্বাস্থ্য সেৱাক উপযুক্ত চিকিৎসা প্ৰদান কৰা হ’ব তেতিয়াহে ৰাজহুৱা স্বাস্থ্যসেৱাত স্থিৰতা আহিব । 

Conclusion:
Last Updated : Nov 28, 2019, 11:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.