ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ জানুৱাৰী: অহা ২০ ফেব্ৰুৱাৰী পৰ্যন্ত ইংলেণ্ডত থকা ভাৰতীয় দূতাবাসে সেৱা আগবঢ়োৱাৰ পৰা বিৰত থাকিব । বুধবাৰে টুইটযোগে ভাৰতীয় দূতাবাসে এই কথা প্ৰকাশ কৰে । লণ্ডনত থকা উচ্চায়ুক্তৰ সেৱা বন্ধ হৈ থাকিব । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে পঞ্চম পৰ্যায়ৰ নিৰ্দেশনা জাৰি কৰিছে ইংলেণ্ড চৰকাৰে ।
উল্লেখ্য যে, SARS-CoV-২ৰ তুলনাত ইংলেণ্ডত আৰম্ভ হোৱা COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা কম সময়ৰ ভিতৰতে অধিক সংক্ৰমণ হয় । জনছ হপকিনছ বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ইংলেণ্ডত বৰ্তমান ২,৭৮২,৭০৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে আৰু ৭৬,৪২৮ জনে প্ৰাণ হেৰুৱাইছে ।