তেজপুৰ, 10 মে' : শনিবাৰে ভাৰত-চীন সীমান্তৰ উত্তৰ ছিকিমৰ নিকটৱৰ্তী স্থানত সংঘৰ্ষত লিপ্ত হয় ভাৰতীয় আৰু চীনা সৈন্য ৷ তথ্য অনুসৰি, 5000 মিটাৰতকৈ অধিক উচ্চতাৰ নাকু লা চেক্টৰত দুই পক্ষৰ মাজত তীব্ৰ সংঘাত হোৱাৰ ফলত কেবাজনো সেনা জোৱান আহত হয় ৷ দুয়ো দেশৰ সীমাৰ মীমাংসা নোহোৱাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অৱগত কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে: কৰ্নেল পি, খোংচাই ৷
পৰৱৰ্তী সময়ত স্থানীয় পৰ্যায়ত আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় ৷ উল্লেখ্য যে, এনে ধৰণৰ সমস্যাসমূহ নিৰ্ধাৰিত নিয়মাৱলী অনুসৰি সমাধা কৰা হয় ৷ আনহাতে বহু বছৰৰ পাচত এনে ঘটনা সংঘটিত হোৱা বুলি অৱগত কৰে প্ৰতিৰক্ষা বিভাগে ৷ ভাৰত আৰু চীনৰ সীমান্ত ৩,৪৮৮ কিঃ মিঃ দৈৰ্ঘৰ ৷ ২০১৭ চনত চীনা সৈন্যই ভাৰতীয় সৈন্যৰ ওপৰত শিলবৰ্ষণো কৰিছিল ৷