ETV Bharat / bharat

লাডাখত ভাৰতীয় সেনাৰ হাতত আটক চীনা সৈনিক

author img

By

Published : Oct 19, 2020, 6:54 PM IST

চীনৰ সৈতে ভাৰতৰ চলি থকা সীমা বিবাদৰ মাজতে লাডাখৰ ডেমছক চেক্টৰত সোমবাৰে ভাৰতীয় সেনাৰ হাতত আটক হৈছে এজন চীনা সৈনিক। সৈনিকজনে পথ হেৰুৱাই প্ৰকৃত নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰা বুলি জানিবপৰা গৈছে ।

Indian Army apprehends Chinese soldier, to be returned after formalities
লাডাখত ভাৰতীয় সেনাৰ হাতত আটক চীনা সৈনিক

নিউজ ডেস্ক, 19 অক্টোবৰ: চীনৰ সৈতে ভাৰতৰ চলি থকা সীমা বিবাদৰ মাজতে লাডাখৰ ডেমছক চেক্টৰত সোমবাৰে ভাৰতীয় সেনাৰ হাতত আটক হৈছে এজন চীনা সৈনিক। সৈনিকজনে পথ হেৰুৱাই প্ৰকৃত নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰা বুলি জানিবপৰা গৈছে । আটকাধীন চিনা সৈনিকজনক কৰ্পৰেল ৱাং য়া লং বুলি চিনাক্ত কৰা হৈছে ৷ তেওঁক নিয়ম অনুসৰি পিএলএৰ হাতত অৰ্পন কৰিব ভাৰতীয় সেনাই । এক তথ্য অনুসৰি ধৰা পৰাৰ সময়ত সৈনিকজনৰ সৈতে সামৰিক আৰু অসামৰিক ভালেমান নথিপত্ৰ উদ্ধাৰ কৰা হৈছে । সম্প্ৰতি আটকাধীন চীনা সেনাজনক প্ৰয়োজনীয় চিকিৎসা তথা অন্যান্য সাহায্য প্ৰদান কৰিছে ভাৰতীয় সেনাই।

লগতে পঢ়ক: পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত চি.আৰ.পি.এফ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.