ETV Bharat / bharat

প্ৰাক্তন সৈনিকৰ নামত গীতে-মাতে এটা দিন

ভাৰতীয় সেনাৰ উদ্যোগত প্ৰাক্তন সৈনিকৰ বাবে আয়োজন কৰা হয় এটা বিশেষ দিন ৷ শনিবাৰে বঙাইগাঁৱৰ জিলা পুথিভড়ালত দেশৰ প্ৰাক্তন সৈনিকসকলৰ বাবে আয়োজন কৰা হয় প্ৰাক্তন সৈনিক শিবিৰ ৷ সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ অন্তৰ্গত 5ম গাড়ৱাল ৰাইফলছে আয়োজন কৰে এই শিবিৰ ৷

বঙাইগাঁৱত প্ৰাক্তন সৈনিক শিৱিৰ
author img

By

Published : Oct 26, 2019, 8:51 PM IST

বঙাইগাঁও, 26 অক্টোবৰঃ বঙাইগাঁও জিলাত প্ৰাক্তন সৈনিকসকলৰ বাবে শনিবাৰে অনুষ্ঠিত হৈ যায় এটি প্ৰাক্তন সৈনিক শিবিৰ ৷ দেশৰ বাবে সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে আয়োজন কৰা হয় এই শিবিৰটো ৷

Indian Army Veteran Rally
প্ৰাক্তন সৈনিক শিৱিৰৰ এটা দৃশ্য

ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ অন্তৰ্গত 5ম গাড়ৱাল ৰাইফলছে অনুষ্ঠিত কৰে শিবিৰটো ৷ শিবিৰটোত চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ আৰু ধুবুৰীৰ প্ৰায় দুই হাজাৰোধিক প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে ৷ শিবিৰত প্ৰাক্তন সৈনিকসকলৰ বাবে স্বাস্থ্য শিবিৰকে ধৰি অন্যান্য আইনী সাহায্য শিবিৰ তথা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷

Indian Army Veteran Rally
প্ৰাক্তন সৈনিক শিৱিৰৰ এটা দৃশ্য

প্ৰাক্তন সৈনিকসকলৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলাত শিবিৰটো অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে জিলা উপায়ুক্ত আদিল খানে ৷ আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সৈনিক কল্যাণনিধিৰ সঞ্চালক ব্ৰিগেডিয়াৰ যোশী ৷ ইয়াৰ উপৰিও অনুষ্ঠানত চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ আৰু ধুবুৰী জিলাত কৰ্মৰত স্থলসেনাৰ বিভিন্ন ইউনিটৰ শীৰ্ষ বিষয়াসকলৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল উপস্থিত থাকে ৷

বঙাইগাঁৱত প্ৰাক্তন সৈনিক শিৱিৰ

প্ৰাক্তন সৈনিকসকলৰ বাবে আয়োজন কৰা অনুষ্ঠানটোত স্থানীয় লোকসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বড়োসকলৰ নৃত্যৰ লগতে কোচ-ৰাজবংশীসকলৰ নৃত্য তথা অন্যান্য অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷

Intro:বঙাইগাঁওত ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাৰ সমাৱেশৰ আয়োজন । বিভিন্ন কল্যান মুলক কাৰ্যসুচি ।

Body:বঙাইগাঁও জিলা পুথিভঢ়ালত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ ৫ম গাৰৱাল ৰাইফলচৰ উদ্যোগত আজি দিনযোৰা কাৰ্য্যসুচিৰে অনুষ্টিত হয় প্ৰাক্তন সেনা শিবিৰৰ । সেনাবাহীনিত দীৰ্ঘদিন সেৱা আগবঢ়োৱাৰ পিচত অৱসৰ লোৱা লোক সকলে নিজৰ পৰিয়াল পোহপাল দিয়াত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ ক্ষেত্ৰত তেওঁলোকক সহায়ৰ বাবে আগবাঢ়ি আহে সেনাবাহিনী । সেয়ে এই ধৰনৰ অনুষ্টানৰ আয়োজন কৰি প্ৰাক্তন সেনা তথা বীৰ সেনানি সকলৰ পৰিয়ালৰ লগতে বৰ্তমানেও সেৱা আগবঢ়াই থকা সেনা পৰিয়ালৰ মনোৰঞ্জনৰ লগতে বিভিন্ন দিশত সজাগতা তথা অসুবিধা আতৰোৱাৰ ক্ষেত্ৰত সহায় কৰে ।
আজি ৰাতিপুৱাৰে পৰা বঙাইগাঁও জিলা পুথিভঢ়ালত আয়োজিত অনুষ্ঠানত চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ আৰু ধুবুৰীৰ সেনা পৰিয়ালৰ দুই হেজাৰোধিক লোকে অংশগ্ৰহন কৰি স্বাস্থ্য সেৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সুবিধা গ্ৰহন কৰে ।
অনুষ্টানত সেনাৰ ব্ৰিগেডিয়াৰ জোশী, সেনাৰ চাৰিওখন জিলাৰ জেষ্ট বিষয়া সকল, বঙাইগাঁও জিলা উপায়ুক্ত আদিল খান, আৰক্ষী অধিক্ষক সুবোধ সোনোৱাল সহ বহু সংখ্যক বিষয়া উপস্থিত থাকে ।

বাইট : সেনাৰ ব্ৰিগেডিয়াৰ জোশী, আদিল খান ।

Conclusion:ভাৰতীয় সেনাৰ এই ধৰনৰ অনুষ্টান বোৰে সেনাৰ পৰিয়াল, বীৰ সেনানি তথা দেশ মাতৃৰ হৈ সেৱা আগবঢ়োৰ বীৰ সকলৰ পৰিয়ালে বহু পৰিমানে সকাহ পোৱাৰ লগতে সহায় লাভ কৰে । দৈনন্দিন জীৱনত মথখামুখি হৈ অহা বিভিন্ন অসুবিধা সমুহো সমাধানৰ সুবিধা লাভ কৰে । এয়াই আমাৰ দেশৰ বীৰ জোৱান সকলৰ পৰিয়ালৰ প্ৰতি ভাৰতীয় সেনাৰ দায়িত্ব ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.