নিউজ ডেস্ক, 8 এপ্ৰিলঃ কোভিড-19 ত আক্ৰান্ত হৈ আমেৰিকাত কৰ্মৰত ভাৰতীয় মুলৰ এগৰাকী সাংবাদিকৰ মৃত্যু ঘটে ৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰত কৰ্মৰত সাংবাদিকগৰাকী ব্ৰহ্ম কাঞ্চিবোটলা বুলি জানিব পৰা গৈছে ৷ কাঞ্চিবোটলাই বিগত 28 বছৰে আমেৰিকাত সাংবাদিকতা আগবঢ়াই আহিছিল ৷ ইয়াৰে ভিতৰত 11 বছৰ তেওঁ মাৰ্জাৰ মাৰ্কেটছ নামৰ সংস্থাটোৰ সৈতে এগৰাকী কন্টেন্ট এডিটৰ হিচাপে কাম কৰি আছিল আৰু নিউজ ইণ্ডিয়া-টাইমছ নামৰ সাপ্তাহিক বাতৰি কাকতখনত এগৰাকী ষ্ট্ৰীংগাৰ হিচাপে কাম কৰি আছিল ৷
সোমবাৰে দুপৰীয়াৰ ভাগত নদিন চিকিৎসালয়ত থকাৰ অন্তত মৃত্যুমুখত পৰে সাংবাদিকগৰাকী ৷ এই কথা জানিবলৈ দিয়ে সাংবাদিকগৰাকীৰ পুত্ৰ সুদামা কাঞ্চিবোটলাই ৷ 66 বছৰীয়া সাংবাদিকগৰাকীয়ে United News of Indiaৰ সৈতে কাম কৰি আছিল ৷ মাৰ্চ মাহৰ 23 তাৰিখে তেওঁৰ দেহত কোভিড-19ৰ লক্ষণে দেখা দিয়ে আৰু তেওঁক মাৰ্চ 28 তাৰিখে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ মাৰ্চৰ 31 তাৰিখে তেওঁক ভেন্টিলেটৰলৈ নিয়া হয় আৰু সোমবাৰে দুপৰীয়াৰ ভাগত তেওঁ মৃত্যুক সাৱতি লয় ৷