ETV Bharat / bharat

ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল

author img

By

Published : Oct 14, 2019, 4:29 PM IST

Updated : Oct 14, 2019, 4:45 PM IST

আন্তঃৰাষ্ট্ৰীয় ন'বেল বঁটাত জিলিকি উঠিলে এগৰাকী ভাৰতীয় ৷ সোমবাৰে ঘোষণা কৰা অৰ্থশাস্ত্ৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জীকে ধৰি ইষ্টাৰ ডাফলো আৰু মাইকেল ক্ৰিমাৰে ৷

ঘোষণা হ'ল অৰ্থশাস্ত্ৰৰ ন'বেল

নিউজ ডেস্ক, 14 অক্টোবৰঃ ভাৰতীয় মূলৰ আমেৰিকান অভিজিৎ বেনাৰ্জী আৰু ইষ্টাৰ ডাফলোৰ লগতে মাইকেল ক্ৰিমাৰৰ শিৰত 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল বঁটা ৷ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ন'বেল বঁটাৰ বাবে নিৰ্বাচিত কৰে তিনিওগৰাকী অৰ্থনীতিবিদৰ নাম ৷

লগতে পঢ়কঃ ঘোষণা হ'ল ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ

আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ঘোষণা কৰা অনুসৰি, "for their experimental approach to alleviating global poverty." শীৰ্ষক বিষয়ৰ বাবে তিনিওগৰাকীয়ে লাভ কৰে চলিত বৰ্ষৰ সন্মানীয় অৰ্থশাস্ত্ৰ ন'বেল বঁটা ৷

লগতে পঢ়কঃ তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা

আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মুলকৰণৰ বাবে তিনিওগৰাকী অৰ্থনীতিবিদে সম্পন্ন কৰা গৱেষণাৰ স্বীকৃতি প্ৰদান কৰে ন'বেল কমিটিয়ে ৷ তেওঁলোকৰ অভিজ্ঞতাপুষ্ট গৱেষণাই উন্নয়নশীল অৰ্থশাস্ত্ৰত নব্য দিশৰ সূচনাৰে গৱেষণাৰ দিশ উন্মোচন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ তিনিগৰাকীলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা

কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেসিডেন্সি কলেজৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চশিক্ষা সম্পন্ন কৰিছিল 58 বছৰীয়া অভিজিৎ বেনাৰ্জীয়ে ৷ 1988 চনত হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইছডি ডিগ্ৰী গ্ৰহণ কৰিছিল বেনাৰ্জীয়ে ৷ বৰ্তমানে মাছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'ল'জিৰ অৰ্থবিজ্ঞান শাখাৰ ফৰ্ড ফাউণ্ডেশ্বন ইণ্টাৰনেশ্বনেল প্ৰফেছৰ হিচাপে কৰ্মৰত অভিজিৎ বেনাৰ্জী ৷

লগতে পঢ়কঃ ঘোষণা হ'ল 2018 আৰু 2019ৰ সাহিত্যৰ ন'বেল বঁটা

2003 চনত বেনাৰ্জীয়ে আব্দুল লটিফ জামিল পোভাৰ্টি এক্সন লেব গঠন কৰিছিল ৷ ইষ্টাৰ ডাফলো আৰু চেন্ধিল মুল্লাইনাথনৰ সৈতে যুটীয়াভাৱে বেনাৰ্জীয়ে গঠন কৰিছিল এইটো প্ৰতিষ্ঠান ৷

লগতে পঢ়কঃ ইথিঅ'পিয়াৰ প্ৰধানমন্ত্ৰী আবী আহমেদক 2019 বৰ্ষৰ শান্তিৰ নোবেল বঁটা

ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ হাই-লেভেল পেনেলত বিশিষ্ট ব্যক্তি হিচাপেও 2015 চনৰ পিচৰে পৰাই জড়িত হৈ আছে বেনাৰ্জী ৷

Intro:Body:

ভাৰতীয় মুলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰ সন্মানীয় ন'বেল 

আন্তঃৰাষ্ট্ৰীয় ন'বেল বঁটাত জিলিকি উঠিলে এগৰাকী ভাৰতীয় ৷ সোমবাৰে ঘোষণা কৰা অৰ্থশাস্ত্ৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জীকে ধৰি ইষ্টাৰ ডাফলো আৰু মাইকেল ক্ৰিমাৰে ৷ 

নিউজ ডেস্ক, 14 অক্টোবৰঃ ভাৰতীয় মুলৰ আমেৰিকান অভিজিৎ বেনাৰ্জী আৰু ইষ্টাৰ ডাফলোৰ লগতে মাইকেল ক্ৰিমাৰৰ শিৰত 2019 বৰ্ষৰ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল বঁটা ৷  আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ন'বেল বঁটাৰ বাবে নিৰ্বাচিত কৰে তিনিওগৰাকী অৰ্থনীতিবিদৰ নাম ৷

আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ঘোষণা কৰা অনুসৰি, "for their experimental approach to alleviating global poverty." শীৰ্ষক বিষয়ৰ বাবে তিনিওগৰাকীয়ে লাভ কৰে চলিত বৰ্ষৰ সন্মানীয় অৰ্থশাস্ত্ৰ ন'বেল বঁটা ৷ 

আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা নিৰ্মুলকৰণৰ বাবে তিনিওগৰাকী অৰ্থনীতিবিদে সম্পন্ন কৰা গৱেষণাৰ স্বীকৃতি প্ৰদান কৰে ন'বেল কমিটিয়ে ৷ তেওঁলোকৰ অভিজ্ঞতাপুষ্ট গৱেষণাই উন্নয়নশীল অৰ্থশাস্ত্ৰত নব্য দিশৰ সূচনাৰে গৱেষণাৰ দিশ উন্মোচন কৰিবলৈ সক্ষম হৈছে ৷ 

কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেসিডেন্সি কলেজৰ পৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চশিক্ষা সম্পন্ন কৰিছিল 58 বছৰীয়া অভিজিৎ বেনাৰ্জীয়ে ৷ 1988 চনত হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পিএইছডি ডিগ্ৰী গ্ৰহণ কৰিছিল বেনাৰ্জীয়ে ৷ বৰ্তমানে মাছাচ্যুচেটছ ইনষ্টিটিউট অৱ টেকন'ল'জিৰ অৰ্থবিজ্ঞান শাখাৰ ফৰ্ড ফাউণ্ডেশ্বন ইণ্টাৰনেশ্বনেল প্ৰফেছৰ হিচাপে কৰ্মৰত অভিজিৎ বেনাৰ্জী ৷ 

2003 চনত বেনাৰ্জীয়ে আব্দুল লটিফ জামিল পোভাৰ্টি এক্সন লেব গঠন কৰিছিল ৷ ইষ্টাৰ ডাফলো আৰু চেন্ধিল মুল্লাইনাথনৰ সৈতে যুটীয়াভাৱে বেনাৰ্জীয়ে গঠন কৰিছিল এইটো প্ৰতিষ্ঠান ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ হাই-লেভেল পেনেলত বিশিষ্ট ব্যক্তি হিচাপেও 2015 চনৰ পিচৰে পৰাই জড়িত হৈ আছে বেনাৰ্জী ৷ 

Conclusion:
Last Updated : Oct 14, 2019, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.