ETV Bharat / bharat

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা - দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা

ভাৰতত 5.5 লাখৰো অধিক কোভিড-19 ৰোগী আৰোগ্য হোৱাৰ সময়তে দেশৰ বাবে ই এক শুভলক্ষণ হিচাপে পৰিগনিত হৈছে ৷ ৰাষ্ট্ৰীয় স্তৰৰ 63.02 শতাংশৰ তুলনাত দেশৰ 19খন ৰাজ্যৰ আৰোগ্য হোৱা হাৰ অধিক ৷

ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা

author img

By

Published : Jul 14, 2020, 3:36 AM IST

নিউজ ডেস্ক, 14 জুলাই : বিগত 24 ঘন্টাত ভাৰতত 28,700 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হয় যদিও দেশত আৰোগ্য হোৱাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷ কোভিড-19 মহামাৰীৰ সময়ত এয়া নিশ্চয়কৈ এক শুভলক্ষণ আৰু ইয়ে চৰকাৰে কিছু পৰিমানে হ'লেও সাময়িক সকাহ প্ৰদান কৰিছে ৷

ভাৰতত কোভিড-19ত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে 5.5 লাখ ৷ দেশৰ 19খন ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰোগ্য হাৰ 63.02 শতাংশৰ তুলনাত বেছি বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ৰ পৰিসংখ্যাত ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ 2.64 শতাংশ বিপৰীতে 30 খন ৰাজ্যত ইয়াৰ হাৰ কম ৷ উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ মৃত্যুৰ হাৰ 2.09 শতাংশৰ তলত আছে ৷ ছত্তিশগড়ৰ এই হাৰ হৈছে 1.7 শতাংশ আৰু কেৰেলাৰ এই হাৰ 1.43 শতাংশ ৷

স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াই সদৰী কৰা মতে, ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৰা সহযোগিতাৰ ফলতে এইদৰে কোভিড-19ৰ আৰোগ্যৰ হাৰ নিয়ন্ত্ৰণত আহিবলৈ সক্ষম হৈছে ৷

বিগত 24 ঘন্টাত 18850 গৰাকীৰো অধিক লোকে কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰিছে আৰু সমগ্ৰ দেশতে আৰোগ্য ৰোগীৰ সংখ্যা হৈছে 5,53,470 গৰাকী ৷ বিগত 24 ঘন্টাত প্ৰায় 2,19,103 গৰাকী লোকক পৰীক্ষা কৰা হৈছে আৰু দেশত এতিয়ালৈকে সৰ্বমুঠ 1,18,06,256 গৰাকী লোকৰ কোভিড-19ৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ দেশৰ প্ৰতি মিলিয়ন জনসংখ্যাৰ বিপৰীতে এতিয়া 8,555 গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়কঃ এমবিবিএছৰ পৰীক্ষা পাতিবলৈ নিৰ্দেশ কলকাতা উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.