ETV Bharat / bharat

শোচনীয় মানৱীয় সংকটৰ প্ৰত্যক্ষদৰ্শী ভাৰত - India witnesses its worst humanitarian crisis

ভাৰতীয় মূলৰ বেলজিয়ান অৰ্থনীতিবিদ জিয়ান ড্ৰেজেৰ ভাৰতৰ খাদ্য সংকট সন্দৰ্ভত মত প্ৰকাশ ৷ ইনাডুৰ বিশেষ সংবাদদাতা এম. এল. নৰছিমহা ৰেড্ডীৰ সৈতে ড্ৰেজেৰ সাক্ষাৎকাৰ ৷ প্ৰব্ৰজিত শ্ৰমিক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ড্ৰেজেই ৷

খাদ্য সংকট
নিকৃষ্টতম মানৱীয় সংকটৰ প্ৰত্যক্ষদৰ্শী ভাৰত
author img

By

Published : May 24, 2020, 5:56 PM IST

Updated : May 24, 2020, 6:17 PM IST

জিয়ান ড্ৰেজে হৈছে এজন ভাৰতীয় মূলৰ বেলজিয়ান অৰ্থনীতিবিদ ৷ যোৱা চাৰিটা দশকত ভাৰতৰ বিভিন্ন সমস্যা সম্পৰ্কত তেওঁ কাম কৰি আহিছে ৷ এই সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ক্ষুধা, দুৰ্ভিক্ষ আৰু সামাজিক অসমানতা ৷ তেওঁ বিশ্বাস কৰে যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে প্ৰব্ৰজিত শ্ৰমিকৰ খাদ্য আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰা ৷ ড্ৰেজে বৰ্তমান দিল্লী স্কুল অৱ ইকন'মিকছ আৰু ৰাঁচী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কৰ্মৰত ৷ দুখীয়া শ্ৰেণীৰ লোকলৈ খাদ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা সৱল কৰি তোলা আৰু নিযুক্তি নিশ্চিতি আঁচনি কাৰ্যকৰী কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল ড্ৰেজেই ৷ ইনাডুৰ বিশেষ সংবাদদাতা এম. এল. নৰছিমহা ৰেড্ডীৰ সৈতে এক সাক্ষাৎকাৰত তেওঁ প্ৰব্ৰজিত শ্ৰমিক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লকডাউনৰ পাচত ভাৰতত খাদ্য সংকটৰ পৰিসৰ কিমান হ'ব ?

The Public Distribution System (PDS) য়ে বহু পৰিমাণে ক্ষুধা নিবাৰণ কৰিব পাৰে ৷ তিনিমাহৰ বাবে খাদ্য প্ৰদান দুগুণ কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত সঠিক ৷ PDS ৰ অধীনত নথকা 50 কোটি লোক আছে ৷ ইয়াৰে সকলো লোক দুখীয়া নহ'লেও অধিক সংখ্যকেই দুখীয়া ৷ এই মহামাৰীৰ ফলত ইয়াৰে অধিক সংখ্যক লোক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নামিছে ৷ ঝাৰখণ্ডত হাজাৰ হাজাৰ দুখীয়া লোকৰ ৰেছন কাৰ্ড নাই ৷ খাদ্য সংকটৰ পৰিসৰ কিমান হ'ব এয়া কোৱাটো কষ্টকৰ হ'লেও এয়া ক'ব পাৰিম য়ে, আমি এক ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছো ৷ ইয়াৰ পৰা মুক্ত হ'বৰ বাবে সকলো লোককে PDS ৰ অধীনত অন্তৰ্ভূক্ত কৰিব লাগিব ৷ The Food Corporation of India (FCI) য়ে বৃহৎ সংখ্যক খাদ্য সংৰক্ষিত কৰি ৰাখিছে ৷ চৰকাৰে অধিক সোনকালে এই খাদ্য মুকলি কৰি দিয়া উচিত ৷

প্ৰব্ৰজিত শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে নে ?

ৰাজ্যসমূহে গ্ৰহণ কৰা পূনৰ্সংস্থাপন ব্যৱস্থাক সমৰ্থন কৰি কেন্দ্ৰই বহুখিনি কাম কৰিব পাৰে ৷ কেন্দ্ৰই ৰাজ্যসমূহলৈ খাদ্য সামগ্ৰী যোগান আৰু ৰেছন কাৰ্ড নথকা লোসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিব পাৰে ৷ যিহেতু ৰাজহ সংগ্ৰহত বাধাৰ সন্মুখীন হৈছে সেয়েহে কেন্দ্ৰই ৰাজ্যসমূহলৈ সাহাৰ্য পুঁজি বৃদ্ধি কৰিব লাগে ৷ National Rural Employment Guarantee Act ৰ অধীনত নিযুক্তিৰ সুবিধা প্ৰদান কৰাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহযোগ কৰিব লাগে ৷ PDS, পেঞ্চন, নিযুক্তি আৰু সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে বৰ্তমানৰ পৰিস্থিতিত দুখীয়া লোকসকলে কিছু উপশম পাবলৈ সক্ষম হ'ব ৷ ৰাজহুৱা পাকঘৰ আৰু হিতাধিকাৰীৰ একাউন্টত টকা জমা কৰিলেও সহায়ক হ'ব ৷ বৰ্তমানৰ কল্যাণমূলক আঁচনি সমূহ অধিক শক্তিশালী ভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে ৷

আধুনিক ভাৰতৰ ইতিহাসত খাদ্য সংকট অধিক গুৰুতৰ নেকি ?

স্বাধীনতাৰ পূৰ্বে ভাৰতে বেংগল দূৰ্ভিক্ষ প্ৰত্যক্ষ কৰিছিল ৷ এই দূৰ্ভিক্ষ বৰ্তমানতকৈও অধিক ভয়াবহ আছিল ৷ তাৰ পাচত কিছু সংখ্যক খাদ্য সংকটৰ ঘটনা পোহৰলৈ আহিছিল ৷ 1966-67 চনত বিহাৰ অনাবৃষ্টিৰ সন্মুখীন হৈছিল ৷ আনহাতে, স্বাধীনতাৰ পাচত এয়াই নিকৃষ্টকম খাদ্য সংকট দেখা পাইছো ৷

প্ৰব্ৰজিত শ্ৰমিক সকলক পুনৰ্সংস্থাপন দিয়াত চৰকাৰ বিফল হোৱাৰ কাৰণ কি ?

সাধাৰণতে প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতি চৰকাৰৰ ব্যৱহাৰ অতি কঠোৰ ৷ এইবাৰ সেই ব্যৱহাৰ আমাৰ সকলোৰে বাবে টিভি আৰু ইন্টাৰনেটৰ জৰিয়তে পৰিলক্ষিত হ'ল ৷ যোৱা কিছু সপ্তাহত কেন্দ্ৰ আৰু ৰাজ্যসমূহকো বহু ক্ষেত্ৰত প্ৰব্ৰজিত শ্ৰমিকৰ ক্ষেত্ৰত কঠোৰ হোৱা দেখা গ'ল ৷ সংস্থাপনৰ অভাৱ, চৰকাৰৰ পৰা সহায় আৰু খাদ্য লাভ কৰিবলৈ সক্ষম নোহোৱাত নিজ ঘৰত উপস্থিত হ'বৰ বাবে বহু শ্ৰমিকে হাজাৰ হাজাৰ কিল'মিটাৰ খোজ কাঢ়ি যোৱাও উদাহৰণ লাভ কৰিলো ৷ তেওঁলোকক সহায় কৰাৰ পৰিৱৰ্তে আমি কষ্টৰ মাজলৈহে ঠেলি দিলো ৷

ভাৰতে পুষ্টিকৰ খাদ্যৰ অভাৱত ভূগিব পাৰে নেকি ?

নিশ্চয়, ভাৰতত সৰ্বাধিক লোক পুষ্টিহীনতাত ভোগে ৷ কল্যাণমূলক আঁচনি আৰু PDS ৰ পাচতো ভাৰতত বহুসংখ্যক লোক অনাহাৰে থাকিব লগা হৈছে ৷ ক্ষুধা নিবাৰণৰ বাবে কেৱল খাদ্য গ্ৰহণ কৰিলেই নহ'ব ৷ এজন মানুহৰ দেহত পুষ্টিকৰ খাদ্যৰো প্ৰয়োজন ৷ পুষ্টিকৰ খাদ্য বুলিলে সঠিক ডায়েট, পৰিস্কাৰ খাদ্য আৰু পানীৰ কথা সূচায় ৷ কিন্তু, ভাৰতৰ দুখীয়া লোকৰ বাবে এই সুবিধা নাই ৷ বৰ্তমানৰ লকডাউনে তেওঁলোকৰ সমস্যা আৰু বৃদ্ধিহে কৰিলে ৷ চৰকাৰৰ আৰ্থিক সহায়ৰ অভাৱত তেওঁলোকৰ পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ সম্ভাৱনা আছে ৷

অহা কিছু দিনত, ৰাজ্যসমূহে অধিক প্ৰব্ৰজিত শ্ৰমিক সম্পৰ্কত চিন্তা-চৰ্চা কৰা উচিত নে ? ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি ?

দুখীয়া ৰাজ্য বিশেষকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহক অধিক সহায়ৰ প্ৰয়োজন ৷ তেওঁলোক অধিক সংকটত পৰিছে ৷ বহু কোম্পানীয়ে এই ৰাজ্যসমূহৰ পৰা কম খৰছত শ্ৰমিকক নিয়োজিত কৰি লাভালাভ সংগ্ৰহ কৰিছিল যদিও সংকটৰ সময়ত গা এৰা দিয়ে ৷ কেন্দ্ৰৰ সাহাৰ্যৰ অবিহনে এই ৰাজ্যসমূহে শ্ৰমিকসকলৰ সহায় কৰিব নোৱাৰে আৰু কেন্দ্ৰই এই ক্ষেত্ৰত অধিক দায়িত্ব মূৰ পাতি লোৱা উচিত ৷

যিহেতু প্ৰব্ৰজিত শ্ৰমিকসকল নিজ অঞ্চললৈ ঘূৰি গৈছে সেয়ে ৰাজ্য চৰকাৰৰ শ্ৰমিকৰ অভাব হোৱাৰ সম্ভাৱনা আছে কিয়নো অতি শীঘ্ৰে তেওঁলোক ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ ৷ আপোনাৰ পৰামৰ্শ ?

প্ৰব্ৰজিত শ্ৰমিকসকল কোনোবা এদিন ঘূৰি আহিব ৷ কিছু সময়ৰ বাবে তেওঁলোকে নিজ অঞ্চলৰ ওচৰতে কৰ্ম সংস্থাপন বিচাৰিব ৷ বিহাৰ আৰু ঝাৰখণ্ডত অতিৰিক্ত শ্ৰমিক থকা বাবে শ্ৰমিকসকলৰ দৈনিক ভাত্তা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে ৷ বহু ৰাজ্যতে শ্ৰমিকৰ সহায়াৰ্থে শ্ৰমিক আইন পৰিৱৰ্তন কৰা পৰিলক্ষিত হৈছে ৷ কৰ্ম সংস্থাপনৰ অভাৱ আৰু খাদ্য সংকটৰ বাবে শ্ৰমিকসকল ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈছে ৷

Last Updated : May 24, 2020, 6:17 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.