ETV Bharat / bharat

দশকৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ'ল ভাৰত : বিশ্বৰ ভিন্ন প্ৰান্তত গ্ৰহণৰ প্ৰভাৱ - সূৰ্যগ্ৰহণ বাতৰি

দশকৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ'ল কেৰালাবাসী ৷ ভৌগলিক অৱস্থিতিৰ বাবে কেৰালাৰ কাছাৰগড জিলাবাসী পোনপ্ৰথমবাৰৰ বাবে সাক্ষী হৈছে এই সূৰ্য গ্ৰহণৰ ৷

দশকৰ অন্তিমটো সূৰ্যগ্ৰহণৰ সাক্ষী হল ভাৰত:বিশ্বৰ ভিন্ন প্ৰান্তত গ্ৰহণৰ প্ৰভাৱ

author img

By

Published : Dec 26, 2019, 4:30 PM IST

Updated : Dec 26, 2019, 4:35 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ: এই দশকৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ'ল ভাৰত ৷ উৰিষ্যা, কেৰালা, গুজৰাট, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই সূৰ্য গ্ৰহণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল ৷ পুৱা 8.17 বজাৰ পৰা 10.57 বজালৈ দেখা গৈছে এই সুৰ্যগ্ৰহণ ৷ বাংলাদেশতো পুৱা 9.02 বজাৰ পৰা দিনৰ 12.08 বজালৈ দেখা পোৱা যায় এই সূৰ্য গ্ৰহণ ৷ এইবোৰৰ উপৰিও বিশ্বৰ বিভিন্ন স্থানত যেনে মালেছিয়া, ছৌদী আৰৱ, কাটাৰ, ইণ্ডোনেছিয়া আৰু ছিংগাপুৰৰ জনসাধাৰণৰ সাক্ষী হ'ল এই সূৰ্য গ্ৰহণৰ ৷

দশকৰ অন্তিমটো সূৰ্যগ্ৰহণৰ সাক্ষী হল ভাৰত:বিশ্বৰ ভিন্ন প্ৰান্তত গ্ৰহণৰ প্ৰভাৱ

অতীতৰে পৰা সূৰ্য গ্ৰহণৰ এক ধাৰ্মিক মহত্ব আছে ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে খাদ্য গ্ৰহণ নকৰে সূৰ্য গ্ৰহণৰ সময়ত ৷ দিল্লীৰ বিৰলা মন্দিৰ, কৰ্ণাটকৰ ছাই বাবা মন্দিৰ, কেৰালাৰ সবৰীমালা মন্দিৰকে ধৰি দেশৰ বিভিন্ন মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি দিয়া হয় এই সূৰ্য গ্ৰহণৰ বাবে ৷ আজি দিনৰ 12 বজাত ভক্তৰ বাবে পুনৰ খুলি দিয়া হয় মন্দিৰৰ দুৱাৰ ৷ উত্তৰ প্ৰদেশটো গংগা ঘাটত সূৰ্যগ্ৰহণ উপলক্ষে হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈ সূৰ্য পূজা আগবঢ়াই ৷

আনহাতে খালী চকুৰে এই সূৰ্য গ্ৰহণ পৰ্যবেক্ষণ কৰিলে চকুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিয়ে ৷ 'প্ৰত্যকজন মানুহৰ দৰে মইয়ো সূৰ্য গ্ৰহণক লৈ বহ উৎসাহী ৷ যদিও ডাৱৰৰ বাবে মই ভালদৰে সূৰ্যগ্ৰহণ চাব নোৱাৰিলো তথাপিও দেশৰ কিছু কিছু প্ৰান্তৰ গ্ৰহণ চাবলৈ মই সক্ষম হ'লো ৷ এইটো মোৰ বাবে বহু ভাল অভিজ্ঞতা আৰু বিশেষজ্ঞসকলৰ লগত আলাপ-আলোচনা কৰি এই বিষয়ে মই বহু জ্ঞানো অৰ্জন কৰবলৈ সক্ষম হ'লো' ৷ এই বুলি টুইটাৰ যোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পুনৰ 2031 চনৰ 21 মে'ত দেখিবলৈ পোৱা যাব সূৰ্য গ্ৰহণ ৷

লগতে পঢ়ক : আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

Intro:Body:

The last solar eclipse of the decade has began in Kerala on Thursday morning. Plenty of skygazers are watching the rare celestial phenomenon in North Kerala. Due to its geological positioning, Cheruvathur village in Kerala's Kasargod district is the first place from where the eclipse can be seen. The Sabarimala temple closed for about 4 hours due to the annual solar eclipse. The next annular eclipse will happen on May 21, 2031. 

Conclusion:
Last Updated : Dec 26, 2019, 4:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.