ETV Bharat / bharat

স্পেইন-ইলেণ্ডক অতিক্ৰম কৰি শীৰ্ষ চতুৰ্থ স্থানলৈ অগ্ৰসৰ ভাৰত

author img

By

Published : Jun 9, 2020, 10:46 PM IST

Updated : Jun 9, 2020, 10:59 PM IST

এসময়ত ক'ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা ইটালীকো ইতিমধ্যে অতিক্ৰম কৰিছে ভাৰতে । 

India will soon reach 4th position among Covid19 infected countries
স্পেইন-ইলেণ্ডক অতিক্ৰম কৰি শীৰ্ষ চতুৰ্থ স্থানলৈ অগ্ৰসৰ ভাৰত

নিউজ ডেস্ক, ৯ জুন : দেশত 'আনলক-১' আৰম্ভ হোৱাৰ পাছৰে পৰা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা । বৰ্তমান কোভিড-১৯ ত আক্ৰান্ত হোৱা বিশ্বৰ শীৰ্ষ দেশৰ তালিকাত ষষ্ঠ স্থানত আছে ভাৰত । এসময়ত ক'ৰণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰা ইটালীকো ইতিমধ্যে অতিক্ৰম কৰিছে ভাৰতে । ইটালী বৰ্তমান কোভিড-১৯ত আক্ৰান্ত শীৰ্ষ দেশৰ তালিকাৰ সপ্তম স্থানত আছে ।

কেন্দ্ৰীয় চৰকাৰে ৩১ মে'ত আনলক-১ তথা পঞ্চম পৰ্যায়ৰ লক ডাউনৰ কথা ঘোষণা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত শিথিলতা অনাৰ পাছৰে পৰা দেশত দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে কোভিড ১৯ ত আক্ৰান্তৰ সংখ্যা । বিগত দুদিনত ভাৰতত ক্ৰমে ১০,৮৬৪ গৰাকী আৰু ৮,৪৪২ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড ১৯ ত । ইয়াৰ বিপৰীতে স্পেইনত বিগত দুদিনত ক্ৰমে ১৬৭ আৰু ২৪০ গৰাকী লোক আক্ৰান্ত হৈছে এই ৰোগত । একেদৰে ইলেণ্ডত ক্ৰমে ১,২০৫ গৰাকী আৰু ১,৩২৬ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড ১৯ ত ।

ভাৰতত কোভিড-১৯ ত আক্ৰান্ত হোৱা লোকৰ বৃদ্ধিৰ হাৰ এইদৰে অব্যাহত থাকিলে আগন্তুক ২-৩ দিনত যে ভাৰতে কোভিড-১৯ত আক্ৰান্ত শীৰ্ষ দেশৰ তালিকাত বৰ্তমান চতুৰ্থ আৰু পঞ্চম স্থানত থকা স্পেইন আৰু ইলেণ্ডক অতিক্ৰম কৰিব,সেয়া নিশ্চিত । স্পেইন আৰু ইউকেত বৰ্তমান কোভিড-১৯ ত আক্ৰান্তৰ সংখ্যা হৈছে ক্ৰমে ২৮৮,৭৯৭ গৰাকী আৰু ২৮৭,৩৯৯ গৰাকী । আনহাতে ভাৰতত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছে ২৬৭,৬১৪ গৰাকী ।

লগতে চাওকঃ গুৱাহাটী সাতগাঁওৰ আমবাৰীত দুজন দেহত কোভিড-১৯ পজিটিভ

Last Updated : Jun 9, 2020, 10:59 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.