নেশ্বনেল ডেস্ক, 3 ডিচেম্বৰঃ ভাৰত মহাসাগৰত চীনৰ গতি-বিধি ভাৰতীয় নৌ-সেনাৰ তীক্ষ্ন নজৰত আছে ৷ ভাৰত মহাসাগৰক লৈ পাকিস্তান আৰু চীনৰ ৰণনীতিৰ বিষয়ে ভাৰতীয় নৌ-সেনা অৱগত আৰু ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ মঙলবাৰে সংবাদমেলযোগে এই কথা প্ৰকাশ কৰিছে, ভাৰতীয় নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে ৷ নৌ-সেনা দিৱসৰ এদিন পূৰ্বেই নতুন দিল্লীস্থিত নৌ-সেনা মূখ্যালয়ত এই কথা প্ৰকাশ কৰিছে নৌ-সেনা প্ৰধানগৰাকীয়ে ৷
লগতে পঢ়কঃ নৌসেনা দিৱসৰ পূৰ্বে বিশাখাপট্টনমত নৌ-বাহিনীৰ অনুশীলন
"2008 চনৰ পৰাই ভাৰত মহাসাগৰত চীনে নিজৰ অৱস্থিতি বৃদ্ধি কৰিছে ৷ ভাৰতীয় নৌ-সেনাই চীনৰ অৱস্থিতিৰ ওপৰত দীঘলীয়া সময় ধৰি নজৰ ৰাখিছে ৷ বিশেষ অৰ্থনৈতিক অঞ্চল (Exclusive Economic Zone)ত চীনৰ সাগৰীয়া গৱেষনা ভেছেল দেখিবলৈ পোৱা গৈছে ৷ সাতৰ পৰা আঠখন এনেকুৱা ভেছেল এই অঞ্চলটোত দেখিবলৈ পোৱা গৈছে ৷ খনন কাৰ্যৰ লগতে জলদস্যু প্ৰতিৰোধ অভিযানত এইসমূহ ভেছেল চীনে ব্যৱহাৰ কৰি আহিছে ৷ আমি চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাগৰীয় পথেৰে সন্ত্ৰাসবাদীয়ে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা চলাই আছে ৷ ইয়াৰ বাবে ভাৰতীয় নৌ-সেনা সদা সষ্টম ৷ দেশৰ সুৰক্ষাৰ বাবে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ ভাৰতীয় নৌ-সেনা সক্ষম ৷" সংবাদমেলত নৌ-সেনা প্ৰধান এডমিৰেল কৰমবীৰ সিঙে এই কথা প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল