ETV Bharat / bharat

কেন্দ্ৰীয় বাজেটত দাখিল 'হাইড্ৰ'জেন শক্তি মিছন'

author img

By

Published : Feb 2, 2021, 10:33 PM IST

দ্ৰুত গতিত শক্তিৰ চাহিদা বৃদ্ধি হোৱাৰ লগতে জীবাশ্ম ইন্ধন অৰ্থনীতিৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী হ্ৰাস হোৱাৰ বাবে বিশ্বই এক বিকল্প হিচাপে হাইড্ৰ'জেন শক্তি ব্য়ৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । যাৰ বাবে ভাৰতে গুৰুত্ব প্ৰদান কৰি বাজেটত দাখিল কৰিছে 'হাইড্ৰ'জেন শক্তি মিছন' ।

কেন্দ্ৰীয় বাজেটত দাখিল 'হাইড্ৰ'জেন শক্তি মিছন'
কেন্দ্ৰীয় বাজেটত দাখিল 'হাইড্ৰ'জেন শক্তি মিছন'

নিউজ ডেস্ক , ২ ফেব্ৰুৱাৰী : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে মঙলবাৰে লোকসভাৰ বাজেট অধিৱেশনত সেউজ শক্তিৰ উৎসৰ পৰা হাইড্ৰ'জেন উৎপাদনৰ বাবে ২০২১-২২ চনত 'হাইড্ৰ'জেন শক্তি মিছন' আৰম্ভ কৰাৰ এক প্ৰস্তাৱ দাখিল কৰে । দ্ৰুত গতিত শক্তিৰ চাহিদা বৃদ্ধি হোৱাৰ লগতে জীবাশ্ম ইন্ধন অৰ্থনীতিৰ ক্ষেত্ৰত কেঁচা সামগ্ৰী হ্ৰাস হোৱাৰ বাবে বিশ্বই এক বিকল্প হিচাপে হাইড্ৰ'জেন শক্তি ব্য়ৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । এই উদ্দেশ্য় আগত ৰাখিয়ে বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰে এই বিশেষ আঁচনি ।

উল্লেখ যে হাইড্ৰ'জেন অথবা হাইড্ৰ'জেনযুক্ত পদাৰ্থ ব্য়ৱহাৰ কৰি শক্তি উৎপন্ন কৰা হয় যি শক্তি বিভিন্ন মাধ্য়মত ব্য়ৱহাৰ কৰিব পৰা যায় । এই শক্তি সহজ লভ্য় হোৱাৰ লগতে পৰিৱেশৰ প্ৰতিও কম ভাবুকি কঢ়িয়াই আনিব ।

এইবোৰ বিষয়ৰ প্ৰতি লক্ষ্য় ৰাখি ভাৰতে সেউজ হাইড্ৰ'জেন গৃহ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে যি সেউজ শক্তি উৎসৰ দ্বাৰা উৎপাদিত বিদ্যুতৰ ওপৰত চলিব লগতে ই জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব । ইফালে ই গ্ৰিড-স্কেল সংৰক্ষণ সমাধান প্ৰদান কৰিব আৰু এমোনিয়া উৎপাদনৰ ক্ষেত্ৰত ফীডষ্টক প্ৰদান কৰিব । বিশ্বৰ বিভিন্ন প্ৰান্তত হাইড্ৰ'জেন শক্তিৰ সহায়ত অট্টালিকা আৰু ঘৰে ঘৰে বিদ্যুতৰ যোগান , তাপ আৰু শীতলকৰণৰ উৎপাদন, সংৰক্ষণ আৰু বিতৰণ আদি পদক্ষেপ হাতত লৈছে । ইয়াক পৰিবহন উদ্যোগ আৰু ফীডষ্টকৰ নিৰ্মাণতো ব্যৱহাৰ কৰা হৈছে ।

উল্লেখ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নৱেম্বৰত কাৰ্বন নিৰ্গমনমুক্ত ইন্ধনেৰে ভাৰতক সেউজ শক্তিৰ পৰিচয় কৰাবলৈ ৰাষ্ট্ৰীয় হাইড্ৰ'জেন শক্তি মিছন আৰম্ভ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছিল। তেওঁ হাইড্ৰজেন শক্তিক বিনিয়োগকাৰীৰ সাক্ষাৎ আৰু এক্সপোত তৃতীয় বিশ্বব্যাপী নৱীকৰণযোগ্য শক্তি বুলি অভিহিত কৰিছিল । মোডীয়ে লগতে কৈছিল যে যোৱা ছয় বছৰত ভাৰতে ইয়াৰ সংস্থাপন কৰা নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি কৰিছে আৰু এই খণ্ডত বিনিয়োগৰ বাবেও আহ্বান জনাইছিল।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে চাউৰী চাউৰা শতবাৰ্ষিকী অনুষ্ঠানৰ উদ্বোধন কৰিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.