ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Nov 3, 2020, 12:12 PM IST

ভাৰতত 82.67 লক্ষাধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ আনহাতে মৃত্য়ু হোৱা লোকৰ সংখ্যা হৈছেগৈ 1,23,097 গৰাকী ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 3 নৱেম্বৰ: ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 40,000 তকৈ হ্ৰাস পায় ৷ দেশত সম্প্ৰতি 82.67 লাখ লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্য়া ৷ আনহাতে ভাৰতত 76 লক্ষাধিক লোকলৈ বৃদ্ধি পায় আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য় ৷

ভাৰতত বৰ্তমানলৈ 82,67,623 গৰাকীলৈ বৃদ্ধি পালে মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ 38,310 গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ আনহাতে বিগত 24 ঘণ্টাত নতুনকৈ মৃত্য়ু হোৱা 490 গৰাকী লোকৰ সংখ্য়াৰে দেশত মৃতকৰ সংখ্য়া বৃদ্ধি পালে মুঠ 1,23,097 গৰাকী লোকলৈ ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

বৰ্তমানলৈ দেশত মুঠ 76,03,121 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷ আৰোগ্য লাভ কৰা লোকৰ সংখ্য়া মুঠ আক্ৰান্তৰ সংখ্য়াৰ 91.96 শতাংশ ৷ আনহাতে মৃতকৰ সংখ্য়া হৈছে 1.49 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰদান কৰা তথ্য মতে, বৰ্তমানলৈ দেশত মুঠ 11,17,89,350 টা নমুনা পৰীক্ষা কৰা হৈছে ৷ সোমবাৰৰ দিনটোত দেশজুৰি মুঠ 10,46,247 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.