ETV Bharat / bharat

ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৯৪ লাখলৈ বৃদ্ধি

author img

By

Published : Nov 30, 2020, 2:08 PM IST

ভাৰতত অব্যাহত আছে COVID-১৯ৰ সংহাৰ । ৩০ নৱেম্বৰলৈকে ৯৪,৩১,৬৯১ জন লোক মহামাৰীৰ কবলত পৰিছে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, দেওবাৰে ৮,৭৬,১৭৩টা নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত মহামাৰীৰ কবলত পৰিছে  ৯৪,৩১,৬৯১ জন লোক

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ : চীনৰ যুহান চহৰত আৰম্ভ হোৱা কৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে বৰ্তমান বিভীষিকাৰ সৃষ্টি কৰিছে । ভাৰততো নিতৌ হাজাৰ হাজাৰ লোক মহামাৰীত আক্ৰান্ত হৈছে । দেওবাৰে নতুনকৈ আক্ৰান্ত হোৱা ৩৮,৭৭২ জন লোকসহ এতিয়ালৈকে দেশত মুঠ ৯৪,৩১,৬৯১ জন আক্ৰান্ত হৈছে । প্ৰাণঘাতী কৰ'ণাই প্ৰাণ কাঢ়িছে বহু জনৰ ।

ভাৰতত ১,৩৭,১৩৯ জন ৰোগীয়ে মহামাৰীৰে যুঁজি মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । মাত্ৰ দেওবাৰৰ দিনটোতে ভাৰতত কৰ'ণাত আক্ৰান্ত হৈ ৪৪৩ জন লোকৰ মৃত্যু হৈছে । সোমবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য । এতিয়ালৈকে ৮৮,৪৭,৬০০ জন আৰোগ্য হৈ উঠিছে আৰু ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৩.৮১ শতাংশ ।

দেশত মহামাৰীৰ বাবে হোৱা মৃত্যুৰ হাৰ হৈছেগৈ ১.৪৫ শতাংশ । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৯ নৱেম্বৰলৈকে ১৪,০৩,৭৯৯৭৬ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। দেওবাৰৰ দিনটোত ৮,৭৬,১৭৩ নমুনা পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰিছে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে ।

লগতে পঢ়ক:মৰিগাঁৱত প্ৰলোভনকাৰী কোম্পানীৰ বিষয়াক লপা-থপা একাংশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.