ETV Bharat / bharat

মহাকাশলৈ প্ৰক্ষেপনৰ বাবে সাজু ৩০ কৃত্ৰিম উপগ্ৰহ - ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে অহা মাৰ্চ মাহত মহাকাশলৈ প্ৰেৰণ কৰিব ৩০টাকৈ কৃত্ৰিম উপগ্ৰহ । শনিবাৰে চেন্নাইত এই কথা প্ৰকাশ কৰিছে সংস্থাৰ চেয়াৰমেন কে শিভানে ।

ইছৰো
author img

By

Published : Feb 24, 2019, 3:08 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰীঃমাৰ্চ মাহৰ ২১ তাৰিখে ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰিব মুঠ ৩০টাকৈ কৃত্ৰিম উপগ্ৰহ । PSLV-C45 মহাকাশযানৰ দ্বাৰা তিনিটা কক্ষপথলৈ প্ৰেৰণ কৰা হ'ব এইসমূহ উপগ্ৰহ । উপগ্ৰহসমূহৰ ভিতৰত এটা ভাৰতীয় উপগ্ৰহ হোৱাৰ বিপৰীতে বাকী ২৯টা বিদেশী উপগ্ৰহ থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ইছৰোৰ চেয়াৰমেনগৰাকীয়ে । ভাৰতে প্ৰেৰণ কৰিবলগীয়া উপগ্ৰহটোৱে মহাকাশৰ পৰা বৈদ্যুতিক বুদ্ধিমত্তাৰ ওপৰত বিশেষ কাম কৰিব বুলি জানিব পৰা গৈছে লগতে প্ৰথমবাৰৰ বাবে ইছৰোৱে PSLV-C45ৰ দ্বাৰা তিনিটাকৈ কক্ষপথত স্থাপন কৰিব এইসমূহ উপগ্ৰহ ।

etvbharat
ইছৰো

আনহাতে ইছৰোৰ চেয়াৰমেনগৰাকীয়ে অহা এপ্ৰিল মাহৰ ভিতৰত ভাৰতে চন্দ্ৰযান২ মহাকাশলৈ প্ৰেৰণৰ বাবে সাজু হৈ উঠিব বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে Small Satellite Launch Vehicle চমুকৈ SSLVৰ কথা উল্লেখ কৰি অহা জুলাই-আগষ্ট মাহৰ ভিতৰত দুটাকৈ বিশেষ ৰণকৌশলী উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে । আনহাতে ইছৰোৱে PSLV আৰু SSLV নিৰ্মাণৰ বাবে ব্যক্তিগত খণ্ডৰ L&T আৰু হিন্দুস্তান এৰ'নটিকেল লিমিটেডৰ সৈতে সংযুক্তভাৱে কাম কৰিব বুলিও জানিবলৈ দিয়ে ইছৰোৰ শীৰ্ষ বিষয়াগৰাকীয়ে ।

ইছৰো

উল্লেখ্য যে, যোৱা ১৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন কেবিনেট সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে । ইয়াৰ ভিতৰত ইছৰোৰ মহাকাশ গৱেষণা সংস্থাৰ গৱেষণা আৰু ইয়াৰ পৰিচালনা ব্যৱসায়িক ভিত্তিত গঢ়ি তোলাৰ বাবে এটা নতুন উদ্যোগ গঠনৰ বাবে অনুমতি প্ৰদান কৰিছে ।

AAAAAAA
AAAAAAA

AAAAAAAA

AAAAAAA
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.