ETV Bharat / bharat

চাবমেৰিণৰ পৰা ভাৰতৰ K৪ বেলিষ্টিক মিছাইল পৰীক্ষণ

author img

By

Published : Jan 25, 2020, 2:48 PM IST

বিশ্ব পাৰমাণৱিক অস্ত্ৰৰ সংঘত ভাৰত শেহতীয়া প্ৰৱেশকাৰী । প্ৰযুক্তি আৰু কৌশলগত প্ৰেক্ষাপটত কিছু ঐতিহাসিক দৃষ্টিকোণেৰে K৪ ক চোৱাটো হিতকৰ হ’ব । এছ এল বি এমক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ (পূৰ্বৰ ছোভিয়েটৰ ঐতিহ্য আৰু সম্পদৰ উত্তৰাধিকাৰী) মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে । শীতল যুদ্ধই তীব্ৰতা লাভ কৰাৰ সময়ত ১৯৮০ৰ দশকৰ মাজভাগত এই দুখন দেশে এছ এছ বি এনৰ ওপৰত গৈ এছ এল বি এম-এছ বাহিৰলৈ প্ৰেৰণ কৰিছিল । এছ এছ বি এনৰ সৰ্বাধিক ৰেঞ্জ আছিল ১২ হাজাৰ কিল’মিটাৰ আৰু চি ই পি আছিল এশ মিটাৰৰ ভিতৰত ।

চাবমেৰিণৰ পৰা পৰীক্ষণ
K৪ বেলিষ্টিক মিছাইল পৰীক্ষণ

দেওবাৰে অৰ্থাৎ ১৯ জানুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ উপকূলত পানীত ডুবি থকা এখন ছাবমেৰিনৰ পৰা ভাৰতবৰ্ষই সফলভাৱে ৩৫০০ কিল’মিটাৰ ৰেঞ্জৰ K৪ এছ এল বি এম (ছাবমেৰিন-লঞ্চড্-বেলিষ্টিক মিছাইল)ৰ পৰীক্ষণ সম্পন্ন কৰে । প্ৰাপ্ত খবৰ অনুসৰি, ইয়াৰ বাবে প্ৰয়োজনীয় সকলো কাৰিকৰী দিশেই সন্তোষজনক আছিল । যদিও কোনো চৰকাৰী প্ৰেছ বিবৃতি প্ৰকাশ কৰা হোৱা নাই, চৰকাৰী সূত্ৰই K৪ ৰ সফলতাৰ বিষয়ে নিশ্চিত কৰে । লগতে K৪ত চাৰ্কুলাৰ এৰৰ প্ৰ’বেবিলিটী চমুকৈ চি ই পি চীনা মিছাইলবোৰতকৈ অধিক সুসংহত বুলি প্ৰকাশ কৰে । K৪ এছ এল বি এমৰ সৈতে জড়িত থকা ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ ডি আৰ ডি অ’ৰ লগতে আন সংস্থাসমূহক ইয়াৰ বাবে প্ৰশংসা কৰিব লাগে যদিও K৪ৰ সক্ষমতা সন্দৰ্ভত অতিৰঞ্জিত দাবী কৰাটো সঠিক নহ’ব । বিশ্ব পাৰমাণৱিক অস্ত্ৰৰ সংঘত ভাৰত শেহতীয়া প্ৰৱেশকাৰী । প্ৰযুক্তি আৰু কৌশলগত প্ৰেক্ষাপটত কিছু ঐতিহাসিক দৃষ্টিকোণেৰে K৪ ক চোৱাটো হিতকৰ হ’ব । এছ এল বি এমক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ (পূৰ্বৰ ছোভিয়েটৰ ঐতিহ্য আৰু সম্পদৰ উত্তৰাধিকাৰী) মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে । শীতল যুদ্ধই তীব্ৰতা লাভ কৰাৰ সময়ত ১৯৮০ৰ দশকৰ মাজভাগত এই দুখন দেশে এছ এছ বি এনৰ ওপৰত গৈ এছ এল বি এম-এছ বাহিৰলৈ প্ৰেৰণ কৰিছিল । এছ এছ বি এনৰ সৰ্বাধিক ৰেঞ্জ আছিল ১২ হাজাৰ কিল’মিটাৰ আৰু চি ই পি আছিল এশ মিটাৰৰ ভিতৰত । ব্ৰিটেইন আৰু ফ্ৰান্সক মজলীয়া পাৰমাণৱিক অস্ত্ৰৰ শক্তি বুলি ধৰা হয় । এই দুখন দেশ আমেৰিকা নেতৃত্বাধীন ৱাণ্ডাৰৱাটাৰ ডেটাৰেণ্টৰ শক্তিৰ অংশীদাৰ ।

চাবমেৰিণৰ পৰা পৰীক্ষণ
K৪ বেলিষ্টিক মিছাইল পৰীক্ষণ

চীনে ১৯৬৪ চনৰ অক্টোবৰত প্ৰথমে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ সক্ষমতাৰ বিষয়ে ঘোষণা কৰে আৰু ১৯৮২ চনৰ অক্টোবৰত প্ৰথমটো এছ এল বি এম পৰীক্ষণ সম্পন্ন কৰে । ৰে এল-১ মিছাইলৰ ১৭০০ কিল’মিটাৰ ৰেঞ্জৰ ক্ষমতা আছিল । পৰৱৰ্তী দশকসমূহত চীনে ছাবেমৰিণৰ ক্ষমতা আৰু পানীৰ তলত সামৰিক শক্তি বৃদ্ধিত যথেষ্ট বিনিয়োগ কৰে । ২০১৮ চনৰ নৱেম্বৰ মাহত চীনে 9 হাজাৰ কিল’মিটাৰ ৰেঞ্জৰ জে এল-৩ৰ পৰীক্ষণ সম্পন্ন কৰে । এই মিছাইল নাৱৰ সৈতে সংযুক্ত কৰিব পাৰি আৰু ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । এনে এক আঞ্চলিক আৰু গোলকীয় পৰিৱেশত ভাৰকবৰ্ষই নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধিৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিব । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহত এক টুইটযোগে পানীৰ তলৰ সামৰিক শক্তিক্ষেত্ৰত নিজৰ অন্তৰ্ভুক্তিৰ বিষয়ে ঘোষণা কৰিছিল ৷ ভাৰতৰ গৌৰৱ, পাৰমাণৱিক ছাবমেৰিণ আই এন এছ অৰিহাণ্টে ইয়াৰ প্ৰথমটো ডেটাৰেঞ্চ পেট্ৰ’ল সম্পন্ন কৰিছে । এই টুইটৰ জৰিয়তেই ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে যে দেশখনে এতিয়া সীমাবদ্ধ অথচ বিশ্বাসযোগ্য ৱাণ্ডাৰৱাটাৰ ডেটাৰেণ্ট অৰ্জন কৰিছে ।

সীমাবদ্ধ বা মজলীয়া শব্দটো ব্যৱহাৰ কৰাটো ভুল বুলি ক’ব নোৱাৰি । কিয়নো অৰিহাণ্ট এনে এক মিছাইলেৰে সজ্জিত যাৰ ৰেঞ্জ ৭৫০ কিল’মিটাৰ । এই কথা স্পষ্ট যে পৰৱৰ্তী এছ এছ বি এনৰ নাওখনত ইয়াতকৈ অধিক ৰেঞ্জৰ মিছাইলৰ প্ৰয়োজন হ’ব । এই ব্যৱধানকে K৪ এ পূৰণ কৰিব বিচাৰিছে । নৌসেনাৰ প্ৰাক্তন মুৰব্বী আৰু চীফছ্ অৱ্ ষ্টাফ কমিটীৰ অধ্যক্ষ এডমিৰেল অৰুণ প্ৰকাশে অৰিহাণ্টে ইয়াৰ প্ৰথমটো পেট্ৰ’ল সম্পন্ন কৰাৰ পাছত কৈছিল, তিনিখলপীয়া পাৰমাণৱিক শক্তিৰ অংশ হিচাপে এছ এছ বি এনে পানীৰ তলত লুকাই থাকি আক্ৰমণ কৰিবলৈ সক্ষম । ই দেশৰ পাৰমণৱিক শক্তিৰ প্ৰতি বৃহৎ অৱদান আগবঢ়াব । কিন্তু ভাৰতৰ মিছাইলবোৰৰ আন্তঃমহাদেশিক ৰেঞ্জ লাগিব যাতে ই প্ৰতিবন্ধক শক্তি আৰু কেন্দ্ৰসমূহক আৰৱ সাগৰ আৰু বংগোপ উপসাগৰৰ পৰা উৎখাত কৰিব পাৰে । এই ক্ষেত্ৰত ১৯ জানুৱাৰীত ৩৫০০ কিল’মিটাৰ ৰেঞ্জৰ K৪ৰ পৰীক্ষণক ক্ষুদ্ৰ অথচ তাৎপৰ্যপূৰ্ণ পদক্ষেপ বুলি ক’ব পাৰি । পানীৰ তলত চাবমেৰিণৰ পৰা বেলিষ্টিক মিছাইল প্ৰক্ষেপ কৰাটো পৃথিৱীৰ যিকোনো সামৰিক শক্তিৰ বাবে অতি প্ৰত্যাহ্বানমূলক কাম । মাটিৰ পৰা উৎক্ষেপণ কৰা বালিষ্টিক মিছাইলৰ দুটা ডমেইন থকাৰ বিপৰীতে এছ এল বি এমৰ তিনিটা ভিন্ন ভিন্ন বৈশিষ্টৰ ডমেইন থাকে । যেতিয়া পানীৰ পৰা প্ৰক্ষেপ কৰা হয় তেতিয়া এছ এল বি এমে প্ৰথমে পানীৰ মাধ্যমটো পাৰ হ’ব আৰু মাটি অতিক্ৰম কৰি ওপৰলৈ ওলাই যাব লাগিব । হাজাৰ হাজাৰ কিল’মিটাৰ অতিক্ৰম কৰাৰ পাছত পুনৰ চূড়ান্ত লক্ষ্যত আক্ৰমণ কৰিবলৈ মাটিত পৰিব লাগিব ।

চাবমেৰিণৰ পৰা পৰীক্ষণ
K৪ বেলিষ্টিক মিছাইল পৰীক্ষণ

এয়া অতি জটিল কাৰিকৰী বিষয় । ইয়াৰ লগতে আন আন দিশবোৰৰো সমন্বয় প্ৰয়োজন । যেনে উচ্চ ক্ষমতাসম্পন্ন মিছাইল প্ৰক্ষেপ কৰাৰ লগে লগে চাবমেৰিনৰ স্থিতিৰ ওপৰত প্ৰভাৱ পৰিব । ১৯ জানুৱাৰীৰ K৪ পৰীক্ষণ এখন ডুবি থকা পণ্টুনৰ পৰা কৰা হৈছিল আৰু পৰৱৰ্তী মিছাইল পৰীক্ষণ আৰিহাণ্ট শ্ৰেণীৰ দ্বিতীয়খন নাৱৰ পৰা কৰিব বুলি আশা কৰিব পাৰি । আন দেশসমূহৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে এছ এল বি এমৰ কাৰ্যক্ষমতাৰ স্বীকৃতি লাভ কৰিবলৈ আৰু কিছু বছৰ লাগিব । তেতিয়ালৈকে ভাৰতৰ পানীৰ তলৰ সামৰিক শক্তি বা ৱাণ্ডাৰৱাটাৰ ডেটাৰেণ্টৰ কাম চলি আছে আৰু চৰকাৰৰ প্ৰয়োজনীয় সদিচ্ছাৰ লগতে আৰ্থিক সম্পদ প্ৰদান কৰিলেহে কাংক্ষিত লক্ষ্যত উপনীত হ’ব বুলি ক’ব পাৰি ।

-চি উদয় ভাস্কৰ

Sir
Please find the translated article.
Title:India tests K4 Submarine Launched Ballistic Missile
Regards
Rinkumani Pathak

On Thu, Jan 23, 2020 at 1:35 PM Mrinal Das <mrinal.das@etvbharat.com> wrote:
Dear Rinkumoni
Please do this articles urgently.
Regards

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.