নিউজ ডেস্ক, ২ জুনঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড-১৯ আক্ৰান্ত লোকৰ প্ৰতি লক্ষ্য ৰাখি দেশত কৰ'ণা ভাইৰাছৰ পৰীক্ষাগাৰ বৃ্দ্ধিত গুৰুত্ব আৰোপ কৰিছে ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই। ১ জুনত দেশত ৬৮১ টা পৰীক্ষাগাৰ স্থাপনৰ বাবে অনুমতি প্ৰদান কৰে 'ICMR'য়ে । ইয়াৰে ৪৬৭ টা চৰকাৰী আৰু ২০৫ টা ব্যক্তিগত পৰীক্ষাগাৰ।

উল্লেখ্য যে,দেশত প্ৰতিদিনে প্ৰায় ১ লাখ ২০ হাজাৰ লোকৰ কোভিড পৰীক্ষা কৰা হয়। ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাৰ বিশেষজ্ঞ নিবেদিতা গুপ্তাই সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে। তদুপৰি কোভিড ১৯ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থাই আৰম্ভ কৰিছে 'Serological Survey'। লগতে, কৰ'ণা ভাইৰাছৰ পৰীক্ষণ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে 'ICMR'য়ে স্বদেশী প্লেটফৰ্ট (indigenous platforms) ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে বিশেষজ্ঞ নিবেদিতা গুপ্তাই। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ তথা জিলাসমূহত 'TrueNat screening' আৰু 'confirmatory test' উপলব্ধ হোৱাত দেশত কৰ'ণা পৰীক্ষা বৃদ্ধি পাইছে বুলি বিশেষজ্ঞগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, দেশত প্ৰতিদিনে কৰ'ণা ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহৰ তুলনাত মৃত্যুৰ হাৰ কম। ভাৰতত এই মহামাৰীত মৃত্যু হোৱা লোক ২.৮২ শতাংশ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই উল্লেখ কৰে। এইপৰ্যন্ত দেশত কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিছে। আনহাতে,এই মহামাৰীত ৫,৬২৮ গৰাকী লোক মৃত্যুমুখত পৰাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৯৬,৫০০ গৰাকীৰ অধিক ৰোগীয়ে।
লগতে চাওকঃ দিহিং পাটকাই ৰক্ষাৰ্থে প্ৰতিবাদ