ETV Bharat / bharat

ৰুছক পিছ পেলাই কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষত ভাৰত - আমেৰিকা আৰু ব্ৰাজিল

সমগ্ৰ বিশ্বৰ ভিতৰতে ৰুছক পিছ পেলাই মহামাৰী কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষস্থান দেশ হিচাপে চিহ্নিত হ'ল ভাৰতবৰ্ষ । Worldometerৰ তথ্য অনুসৰি,আমেৰিকা আৰু ব্ৰাজিলৰ পাচতে কৰ'ণাত আক্ৰান্তৰ ক্ষেত্ৰত দেওবাৰে ভাৰত তৃতীয় শীৰ্ষত থকা বুলি সদৰি কৰে ।

কৰ'ণা ভাইৰাছ
কৰ'ণা ভাইৰাছ
author img

By

Published : Jul 6, 2020, 10:39 AM IST

নিউজ ডেস্ক, ৬ জুলাইঃ সমগ্ৰ বিশ্বৰ ভিতৰতে ৰুছক পিছ পেলাই কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষস্থানত ভাৰত । দেওবাৰে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৬.৯০ লাখ অতিক্ৰম কৰাৰ পাচতে বিশ্বৰ ভিতৰতে তৃতীয় সৰ্বাধিক কৰ'ণা ক্ষতিগ্ৰস্ত দেশ হিচাপে পৰিগণিত হৈছে । আনহাতে,সমগ্ৰ বিশ্বৰ ভিতৰত কৰ'ণা আক্ৰান্ত তথা কৰ'ণাৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশ হিচাপে প্ৰথম স্থানত আছে শক্তিশালী দেশ আমেৰিকা আৰু দ্বিতীয় স্থানত আছে ব্ৰাজিল ।

কৰ'ণা ভাইৰাছ
কৰ'ণা আক্ৰান্তৰ ক্ষেত্ৰত তৃতীয় শীৰ্ষত ভাৰত

Worldometer ৰ তথ্য অনুসৰি, দেওবাৰ পৰ্যন্ত আমেৰিকাত কৰ'ণা আক্ৰান্তৰ সংখ্যা ২৯,৫৪,৯৯৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ব্ৰাজিলত বৃদ্ধি হয় ১৫,৭৮,৩৭৬ গৰাকী । আনহাতে,পূৰ্বে তৃতীয় স্থানত থকা ৰুছত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ৬,৮১,২৫১ গৰাকী । পিটিআইৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্ত সংখ্যা হৈছে ৬,৯০,৩৪৯ গৰাকী । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৯,৬৮৩ গৰাকী ।

বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা মহামাৰী COVID-19ৰ তথ্য সংগ্ৰহ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন হাপকিন্স বিশ্ববিদ্যালয়েও বিশ্বৰ ভিতৰত ৰুছক অতিক্ৰম কৰি ভাৰত কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বুলি সদৰি কৰে ।

আনহাতে,স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত ২৪,৮৫০ গৰাকী নতুনকৈ কৰ'ণা আক্ৰান্ত ব্যক্তি লাভ কৰাৰ বিপৰীতে এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬১৩ গৰাকী ব্যক্তিৰ । ভাৰতত একেৰাহে তৃতীয় দিনৰ বাবে সৰ্বাধিক ব্যক্তি কৰ'ণাত আক্ৰান্ত হোৱা বুলিও সদৰি কৰে স্বাস্থ্য মন্ত্ৰণালয়ে । ভাৰতত বৰ্তমান পৰ্যন্ত ৪,০৯,০৮২ গৰাকী ব্যক্তি কৰ'ণা মুক্ত ঘোষণা কৰাৰ বিপৰীতে ২,৪৪,৮১৪ গৰাকীৰ দেহত বৰ্তমানেও কৰ'ণা সক্ৰিয় হৈ আছে বুলি সদৰি কৰে ।

লগতে চাওকঃ সন্ত্ৰাসবাদী পুত্ৰক পিতৃ-মাতৃয়ে কৰা আত্মসমৰ্পনৰ আহ্বানৰ ভিডিঅ' ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.