ETV Bharat / bharat

ভাৰতে চীনলৈ ভ্ৰমণ আৰু বাণিজ্যৰ নিষেধাজ্ঞা পুনৰীক্ষণ কৰিব লাগেঃ ৰাষ্ট্ৰদূত - ‘Year of China-India Cultural and People-to-People Exchanges’

ভাৰত চৰকাৰে ঘোষণা কৰিছে যে এই সপ্তাহৰ শেষৰ পিনে চৰকাৰে চীনলৈ চিকিৎসা সামগ্ৰী এক সাহায্য বিমানযোগে ৱুহানলৈ প্ৰেৰণ কৰিব যাতে চীনে COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পাৰে । ওভতনি যাত্ৰাত ৱুহান আৰু হুবেইৰ পৰা ভাৰত বা আন দেশৰ নাগৰিকে অনুৰোধ কৰিলে তেওঁলোকক লৈ আহিবলৈ বিমানখনত সীমিত ক্ষমতা থাকিব । বিগত কিছুদিনত ভাৰতবৰ্ষই সফলতাৰে চীনৰ পৰা ছশৰো অধিক ভাৰতীয় নাগৰিকৰ লগতে সাতজন মালদ্বীপৰ নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । মালদ্বীপৰ নাগৰিককেইজন কিছুদিন নিৰীক্ষণত থাকি নিৰাপদ বুলি ঘোষণা কৰাৰ পাছত দ্বীপ ৰাষ্ট্ৰখনলৈ উভতি গৈছে ।

India Should Review Travel and Trade Restrictions To China- Envoy
ভাৰতে চীনলৈ ভ্ৰমণ আৰু বাণিজ্যৰ নিষেধাজ্ঞা পুনৰীক্ষণ কৰিব লাগেঃ ৰাষ্ট্ৰদূত
author img

By

Published : Feb 24, 2020, 12:25 PM IST

কৰ'না ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সময়ত ভাৰতবৰ্ষই চীন ভ্ৰমণ আৰু বাণিজ্যৰ ক্ষেত্ৰত দিয়া পৰামৰ্শাৱলী পুনৰীক্ষণ কৰিব বুলি নতুন দিল্লীস্থিত চীনৰ ৰাষ্ট্ৰদূত ছান উইদঙে আশা প্ৰকাশ কৰিছে । দূতাবাসত সাংবাদিকৰ সৈতে বাৰ্তালাপত ভাগ লৈ তেওঁ ভাৰতক নিষেধাজ্ঞা সন্দৰ্ভত বস্তুনিষ্ঠ,যুক্তিপূৰ্ণ আৰু শান্তভাৱে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে চীনৰ ঔষধৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ মানৱীয়তাৰ দৃষ্টিকোণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ ঐত্যমতক কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনায় । “বিশ্ব স্বাস্থ্য সংস্থাই সঘনাই ভ্ৰমণ আৰু বাণিজ্যৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি আহিছে। আমি বিশ্ব স্বাস্থ্য সংস্থাৰ পেছাদাৰী পৰামৰ্শ মানি চলিব লাগিব। বিশ্বৰ দেশসমূহে মানুহৰ সাধাৰণ যোগাযোগ আৰু ব্যৱসায়িক আদান-প্ৰদান অব্যাহত ৰখাৰ লগতে অধিক প্ৰতিক্ৰিয়াৰ পৰা বিৰত থাকিব লাগিব।” ৰাষ্ট্ৰদূত ছানে এনেদৰে কয় ।

নতুন দিল্লীয়ে আগবঢ়োৱা চিকিৎজনিত সহায়ক তেওঁ প্ৰশংসা কৰাৰ লগতে আশ্বাস দিয়ে অধিকভাৱে আক্ৰান্ত চীনৰ প্ৰদেশসমূহত থকা ভাৰতীয় নাগৰিকসকলৰ যত্ন লোৱা হ’ব । “চীন আৰু ভাৰতে এই মহামাৰী সন্দৰ্ভত সঘন যোগাযোগ ৰাখিছে । অলপতে প্ৰধানমন্ত্ৰী মন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰিছে য’ত এই মহামাৰীৰ সৈতে যুঁজিবলৈ চীনৰ চৰকাৰৰ আপ্ৰাণ চেষ্টাক স্বীকৃতি প্ৰদান কৰা হৈছে । ভাৰতীয় পক্ষই চীনৰ কাষত থিয় হ’বলৈ তথা সহায় কৰিবলৈ সাজু বুলি আশ্বাস প্ৰদান কৰিছে কিয়নো একে প্ৰত্যাহ্বানৰ ভাৰতেও সন্মুখীন হ’ব পাৰে ।” তেওঁ কয়। “ আমি আশা কৰো যে ভাৰতীয় পক্ষই এই মহামাৰীৰ পৰিস্থিতি বস্তুনিষ্ঠ,যুক্তিপূৰ্ণ আৰু শান্তভাৱে পৰ্যালোচনা কৰিব পাৰে,নেতা দুগৰাকীৰ নিৰ্দেশৱলী কাৰ্যকৰী কৰে,চীনক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰাত মানৱীয় দৃষ্টিভংগী প্ৰদৰ্শন আৰু আমাৰ দুয়োখন দেশৰ মাজতে স্বাভাৱিকভাৱে মানুহৰ আদান-প্ৰদান তথা ব্যৱসায়ত সহায় কৰিব ।” ছানে এনেদৰে উল্লেখ কৰে । দুয়োখন দেশৰ মাজত এবছত এক মিলিয়নতকৈ অধিক লোকে ভ্ৰমণ কৰে আৰু দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় ৯০ বিলিয়নতকৈ অধিক ।

ভাৰত চৰকাৰে ঘোষণা কৰিছে যে এই সপ্তাহৰ শেষৰ পিনে চৰকাৰে চীনলৈ চিকিৎসা সামগ্ৰী এক সাহায্য বিমানযোগে ৱুহানলৈ প্ৰেৰণ কৰিব যাতে চীনে COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পাৰে । ওভতনি যাত্ৰাত ৱুহান আৰু হুবেইৰ পৰা ভাৰত বা আন দেশৰ নাগৰিকে অনুৰোধ কৰিলে তেওঁলোকক লৈ আহিবলৈ বিমানখনত সীমিত ক্ষমতা থাকিব । বিগত কিছুদিনত ভাৰতবৰ্ষই সফলতাৰে চীনৰ পৰা ছশৰো অধিক ভাৰতীয় নাগৰিকৰ লগতে সাতজন মালদ্বীপৰ নাগৰিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । মালদ্বীপৰ নাগৰিককেইজন কিছুদিন নিৰীক্ষণত থাকি নিৰাপদ বুলি ঘোষণা কৰাৰ পাছত দ্বীপ ৰাষ্ট্ৰখনলৈ উভতি গৈছে ।

এই বৰ্ষটো নতুন দিল্লী আৰু বেইজিঙৰ মাজৰ দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বছৰ । ‘Year of China-India Cultural and People-to-People Exchanges’ ৰ অনুষ্ঠান এই মহামাৰীৰ দ্বাৰা প্ৰভাৱিত নহ’ব বুলি ৰাষ্ট্ৰদূতগৰাকীয়ে আশা প্ৰকাশ কৰে । “মই বিশ্বাস কৰো যে ভাইৰাছৰ দ্বাৰা দ্বিপাক্ষিক আদান প্ৰদান ৰুদ্ধ নহ’ব বা চীন-ভাৰতৰ সম্পৰ্ক প্ৰভাৱিত নহ’ব। চেন্নাইত অনুষ্ঠিত দ্বিতীয় অনানুষ্ঠানিক বৈঠকৰ সময়ত নেতা দুগৰাকীয়ে একমত হোৱা বিষয়বোৰ আমি কাৰ্যকৰী কৰিব লাগে । আমি উচ্চ পৰ্যায়ৰ বিনিময়, আনুষ্ঠানিক বৈঠক,উদযাপন জাতীয় কাৰ্যাৱলী,নাগৰিকৰ মাজত আদান প্ৰদান আৰু বাণিজ্যৰ লগতে দ্বিপাক্ষিক সমপ্ৰকক এক নতুন পৰ্যায়ত উপনীত কৰাব লৈগিব।”চীনৰ প্ৰতিনিধি ছানৰ ভাষ্য এয়া ।

ৰাষ্ট্ৰদূতগৰাকীয়ে দাবী কৰে যে মহামাৰী বৰ্তমান নিয়ন্ত্ৰণাধীন আৰু সঠিকভাৱে পৰিচালনা কৰা হৈ আছে । ১৭ ফেব্ৰুৱাৰীলৈ হুবেই প্ৰদেশৰ বাহিৰত ১৪ দিনৰ পৰা সমগ্ৰ চীনতে কৰ'না ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা ৫০ শতাংশলৈ হ্ৰাস পাইছে বুলি তেওঁ জনায়। দেশজুৰি আক্ৰান্ত হৈ মৃত্যুৰ হাৰ ২.২৯ শতাংশ হোৱাৰ বিপৰীতে হুবেই প্ৰদেশৰ বাহিৰত ইয়াৰ হাৰ ০.৫৫ শতাংশ । ৰাষ্ট্ৰদূতগৰাকীৰ মতে পূৰ্বতে চীনত প্ৰতি দিনে আক্ৰান্ত হোৱাৰ সন্দেহ কৰা লোকৰ সংখ্যা ৫ হাজাৰ থকাৰ বিপৰীতে বৰ্তমান এই সংখ্যা ২ হাজাৰলৈ নামি আহিছে । যি মহামাৰীয়ে ৮৫০ৰো অধিক লোকৰ প্ৰাণ কাঢ়িছে আৰু ৭০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে সেই কৰ'না ভাইৰাছৰ মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ ৫জি-হাইস্পীড নেটৱৰ্কক এক সঠিক মাধ্যম বুলি আখ্যা দিয়ে । চীনা ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে দাবী কৰে যে চীনৰ অৰ্থনৈতিক বুনিয়াদ এতিয়াও ধুমুহাই খুন্দা মাৰি ক্ষতি কৰিব নোৱৰা পাহাৰৰ দৰে শক্তিশালী হৈ আছে ।

“এই মহামাৰীয়ে কিছুসংখ্যক উদ্যোগ যেনে—পৰিবহণ,পৰ্যটন,অভ্যৰ্থনা,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ওপৰত প্ৰভাৱ পেলাইছে ।খুউব কম সময়তে চীনৰ অৰ্থনীতিৰ ওপৰত নিম্নমুখী হেঁচা বৃদ্ধি পাব,কিন্তু ইয়াৰ প্ৰভাৱ এতিয়াও স্থানীয়,ক্ষন্তেকীয়া আৰু সীমিত । শক্তিশালী দৃঢ়তা,সক্ষমতা আৰু আগবাঢ়ি যোৱা সুবিধাৰে পৰিপূৰ্ণ চীন এখন বৃহৎ দেশ।” ছানে এনেদৰে দাবী কৰে । আনহাতে তেওঁ কয় যে এই ভাইৰাছৰ সম্পৰ্কে আমাৰ এতিয়াও যথেষ্ট জ্ঞান নাই । বিজ্ঞানীসকলে এই নতু ভাইৰাছৰ বিষয়ে অধিক জানিবলৈ যৎপৰোণাস্তি কৰি আছে । জিন’মিক ছিকুৱেন্সৰ পৰা বিশ্লেষণ কৰি আমি যি পাঁও তাৰ ভিত্তিত এয়া প্ৰকৃতিৰ দ্বাৰা সৃষ্ট ভইৰাছহে, মানৱসৃষ্ট নহয় বুলি তেওঁ দাবী কৰে । তেওঁ ৰাইজ তথা চৰকাৰক উদ্বিগ্ন নহ’বলৈ বা উৰা বাতৰিৰ ওপৰত ভিত্তি কৰি বিভাজন নকৰিবলৈ আহ্বান জনায় ।

লগতে চাওকঃ

অসমৰ ভূমিত মেঘালয়ৰ অস্থায়ী সীমান্ত আৰক্ষী চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.