ETV Bharat / bharat

বিগত ২৪ ঘণ্টাত দেশত ২২,৭৫২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ

author img

By

Published : Jul 8, 2020, 4:19 PM IST

ভাৰতীয় মেডিকেল গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য় অনুসৰি ৭ জুলাইলৈকে দেশত মুঠ ১,০৪,৭৩,৭৭১ গৰাকী লোকৰ কোভিড-১৯ ৰ নমুনা পৰীক্ষা কৰা হৈছে। কেৱল মঙলবাৰৰ দিনটোতেই ২,৬২,৬৭৯ গৰাকী লোকৰ নমুনা পৰীক্ষা সম্ভৱ হৈ উঠিছে।

COVID-19
India sees spike of 22,752 COVID-19 cases, tally reaches 7,42,417

নিউজ ডেস্ক, ৮ জুলাইঃ সমগ্ৰ দেশতে একপ্ৰকাৰ কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰ'ণা ভাইৰাছে। ভাৰতৰ প্ৰায় প্ৰতিখন জিলাতে দ্ৰুত গতিত বৃদ্ধি পাইছে এই ভাইৰাছৰ সংক্ৰমণ । বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ২২,৭৫২ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । সম্প্ৰতি দেশজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭,৪৬,১৫৩ গৰাকীলৈ বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই তথ্য।

সম্প্ৰতি দেশত কোভিড-১৯ আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ২,৬৬,৮৭৩ গৰাকী চিকিত্সাধীন অৱস্থাত আছে। তদুপৰি, ৪,৫৮,৪৯৯ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ২০,৬৮৩ গৰাকী ৰোগী । উল্লেখ্য যে, মঙলবাৰৰ দিনটোতে দেশত মুঠ ৪৮২ গৰাকী লোকৰ মৃত্যু হৈছে ।

স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত মুঠ ২,২৭,২২১ গৰাকী লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে মুঠ ৯,২৫০ গৰাকী ৰোগীৰ।

ইফালে, তামিলনাডুত ১,১৮,৫৯৪ গৰাকীলৈ বৃদ্ধি হৈছে কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । ইয়াৰ বিপৰীতে, এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছে ১,৬৩৬ গৰাকী লোক। ৰাজধানী দিল্লীতো ১,০২,৮৩১ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে, চহৰখনত কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত মৃত্য়ু হৈছে ৩,১৬৫ গৰাকী ৰোগীৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.