ETV Bharat / bharat

ভাৰতৰ Covid-19 আৰোগ্যৰ হাৰ 26.59 শতাংশ : ড0 হৰ্ষ বৰ্ধন - হাৰ্ডিংগে মেডিকেল কলেজত এই মন্তব্য বৰ্ধনৰ

ভাৰতৰ Covid-19 আৰোগ্যৰ হাৰ 26.59 শতাংশ ৷ এই মন্তব্য় কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড0 হৰ্ষ বৰ্ধনৰ ৷

কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰী
ড0 হৰ্ষ বৰ্ধন
author img

By

Published : May 3, 2020, 10:18 PM IST

নেশ্যনেল ডেস্ক, 3 মে' : কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড0 হৰ্ষ বৰ্ধনে দেওবাৰে কয় যে, যোৱা 24 ঘন্টাত 682 গৰাকী কৰ'ণা ভাইৰাছ আক্ৰান্ত আৰোগ্য হৈ উঠিছে ৷ ইয়াৰ ফলত দেশখনত আৰোগ্যৰ হাৰ 26.59 শতাংশলৈ বৃদ্ধি পাইছে ৷

"ভাৰতত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 39,980 জন ৷ যোৱা 24 ঘন্টাত ভাৰতত 2,644 লোক আক্ৰান্ত হৈছে" - হাৰ্ডিংগে মেডিকেল কলেজৰ Covid-19 পৰিচালনাৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা কৰি এই মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি, 17 মে'লৈ সকলোকে লকডাউন মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰ ফলত Covid-19 ৰ সংক্ৰমণ ৰোধ হ'ব বুলি মন্তব্য কৰে বৰ্ধনে ৷

তেওঁ কয়, "যোৱা কিছুদিনত মই AIIMS, LNJP, RML,ছফডৰজং, ৰাজীৱ গান্ধী ছুপাৰ স্পেছিয়েলিটি আৰু আজি LHMC পৰিদৰ্শন কৰিছো ৷ এই হাস্পতালসমূহত গ্ৰহণ কৰা ব্যৱস্থাক লৈ মই সন্তুষ্ট ৷"

তেওঁ লগতে কয়, "বৰ্তমান 130 খন হটস্পট জিলা, 284 নন-হটস্পট জিলা আৰু 319 আক্ৰান্ত জিলা আছে ৷ আমি কোন কোন অঞ্চল সৰ্বাধিক আক্ৰান্ত হৈছে সেই সম্পৰ্কত জ্ঞাত আৰু সেই অনুসৰি আমি ৰোগ প্ৰতিৰোধৰ চেষ্টা কৰিম ৷"

বৰ্তমানলৈকে চৰকাৰে দেশৰ বিভিন্ন অঞ্চলত 20 লাখ PPE কিট বিতৰণ কৰিছে ৷ ইয়াৰোপৰি, প্ৰায় 100 খন বিভিন্ন দেশলৈ হাইড্ৰ'ক্সিক্লৰ'কুইন আৰু পেৰাচিটামোল প্ৰেৰণ কৰিছে ৷ লাহে লাহে দেশৰ অৰ্থনৈতিক কাৰ্যসমূহো আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে ড0 বৰ্ধনে ৷ এই সয়ছোৱাত Covid-19 ৰোগীক চিকিৎসা প্ৰদান কৰি অহা সকলো চিকিৎসককে সমৰ্থন জনাবলৈ আহ্বান জনাই তেওঁ ৷

উল্লেখ্য যে, দেওবাৰে হেলিকপ্তাৰৰ জৰিয়তে ফুল ছটিয়াই ভাৰতীয় বায়ু সেনাই চিকিৎসক সকলক তেওঁলোকে আগবঢ়াই অহা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.