নেশ্যনেল ডেস্ক, 4 জুলাই : ভাৰতত এদিনীয়া সৰ্বাধিক কোভিড-19ত আক্ৰান্তৰ সংখ্যা শনিবাৰে 22,771 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগে লগে দেশখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 6,48,315 গৰাকীলৈ বৃদ্ধি পায় ৷ জন হপকিনছ বিশ্ববিদ্যালয়ে সদৰী কৰা মতে, আমেৰিকা, ব্ৰাজিল আৰু ৰাছিয়াৰ পিছত বিশ্বৰ আটাইতকৈ বেছি কোভিড-19ত আক্ৰান্ত দেশৰ ভিতৰত ভাৰত শোচনীয়ভাৱে চতুৰ্থ স্থানলৈ অনুধাৱন কৰিছে ৷
উল্লেখ্য যে, মুঠ 2,794,321 টা কোভিড-19 ঘটনাৰ সৈতে আমেৰিকা বিশ্বৰ ভিতৰত প্ৰথম স্থানত, 1,539,081 গৰাকী আক্ৰান্তৰ সৈতে ব্ৰাজিল দ্বিতীয় স্থানত আৰু আক্ৰান্তৰ সংখ্যা 666,941 গৰাকীৰ সৈতে ৰাছিয়া তৃতীয় স্থানত বৰ্তি আছে ৷ ইয়াৰ লগতে, 295,599 টা ঘটনাৰ সৈতে ইংলেণ্ড পঞ্চম স্থানত আছে ৷ জন হপকিনছ বিশ্ববিদ্যালয়ৰ গৱেষকে জনোৱা মতে, ভাৰতত শনিবাৰৰ লেখীয়াকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে আগন্তুক কিছুদিনলৈ ৰাছিয়াৰ স্থানো অতিক্ৰম কৰিব ৷
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 442 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ লগে লগে ভাৰতত কোভিড-19ত আক্ৰান্তৰ মৃত্যু সংখ্যা 18,665 গৰাকীলৈ বৃদ্ধি পায় ৷ উল্লেখ্য যে, ভাৰতৰ এয়া দ্বিতীয়টো দিন, য’ত এদিনতে কোভিড-19ত আক্ৰান্তৰ সংখ্যা 20,000 গৰাকীৰো অধিকলৈ বৃদ্ধি পাইছে ৷
আনহাতে, সম্প্ৰতি ভাৰতত মুঠ 3,94,226 গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ইয়াৰ হাৰ 60.80 শতাংশ হয় ৷ ভাৰতত এতিয়াও 2,35,433 টা সক্ৰিয় ঘটনা আছে ৷ বিগত 4 টা দিনত ভাৰতৰ তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানা ৰাজ্যত মুঠ 4,57,780 টা কোভিড-19 পজিটিভ ঘটনা পোৱা গৈছে ৷ স্বাস্থ্য বিভাগে সদৰী কৰে এই কথা ৷
বৰ্তমানো মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে আক্ৰান্তৰ সংখ্যা সৰ্বাধিক ৷ সম্প্ৰতি মহাৰাষ্ট্ৰত 1,92,990 টা কোভিড-19 পজিটিভ ঘটনাৰে মহাৰাষ্ট্ৰ প্ৰথম স্থানত, 1,02,721 গৰাকী আক্ৰান্তৰ সংখ্যাৰে তামিল নাডু দ্বিতীয় স্থানত আৰু আক্ৰান্তৰ সংখ্যা 94,695 গৰাকীৰ সৈতে ৰাজধানী দিল্লী তৃতীয় স্থানত আছে ৷
ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদ (ICMR)ৰ প্ৰতিবেদন অনুসৰি, শনিবাৰলৈকে ভাৰতত 2,42,383 টা শ্বাৱ পৰীক্ষাৰ সৈতে বৰ্তমানলৈ মুঠ 95,40,132 টা শ্বাৱ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷
লগতে পঢ়ক : কোভিড-19ৰ ফলত আঠুকাঢ়িছে নক্সালবাদীয়ে: আইজি সুন্দৰৰাজ পি