ETV Bharat / bharat

বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিত বাধা প্ৰদানৰ প্ৰচেষ্টা ভাৰতৰ - expansion policy

নতুন দিল্লীয়ে পৰিকল্পনা কৰিছে বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিসমূহক বাধা প্ৰদান কৰাৰ ৷ ইটিভি ভাৰতযোগে এই বিষয়ত মন্তব্য আগবঢ়ায়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চীনা আৰু দক্ষিণ-পূৰ্ব এছিয়া অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ বি. আৰ দীপকে ৷

বেইজিঙৰ তীক্ষ্ন সম্প্ৰসাৰণবাদী নীতিত বাধা প্ৰদানৰ প্ৰচেষ্টা ভাৰতৰ

author img

By

Published : Aug 3, 2020, 5:41 PM IST

নেশ্যনেল ডেস্ক, 3 আগষ্ট: ভাৰত -চীনে চলিত বৰ্ষৰ জুন মাহত লাডাখত সংঘটিত হোৱা ঘাতক সংঘৰ্ষৰ পাচত উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা কৰি থকাৰ সময়তে সীমান্তত ঘটা এই ঘটনাৰ পৰিণামস্বৰপে, নতুন দিল্লীয়ে পৰিকল্পনা কৰিছে বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিসমূহক বাধা প্ৰদান কৰাৰ ৷

প্ৰতিবেদন অনুসৰি, ভাৰতৰ নৱ নামাংকৃত শিক্ষা মন্ত্ৰণালয়ে স্থানীয় ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান সমূহৰ সৈতে মিলি চীনৰ কন্ফিউচিয়াছ প্ৰতিষ্ঠানৰ অধ্যায়সমূহৰ সমীক্ষা কৰিবলৈ প্ৰস্তুতি চলাইছে ৷

কন্ফিউচিয়াছ প্ৰতিষ্ঠান চীন আৰু অন্য দেশৰ মহাবিদ্যালয় সমূহৰ মাজৰ সাৰ্বজনিক শৈক্ষিক অংশীদাৰ ৷ এই অংশীদাৰিত্বত হানবান (আনুষ্ঠানিক চীনা ভাষা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয়) ৰ দ্বাৰা বিত্ত বিনিয়োগৰ ব্যৱস্থা কৰা হয় ৷ যি নিজেই চীন শিক্ষা মন্ত্ৰণালয়ৰ সৈতে জড়িত ৷

এই প্ৰতিষ্ঠানৰ উদ্দেশ্য হ'ল চীনা ভাষা আৰু সংস্কৃতিক বহুলভাৱে সম্প্ৰসাৰণ কৰা ৷ আন্তঃৰাষ্ট্ৰীয় স্তৰত চীনা শিক্ষাক সমৰ্থন কৰা আৰু সাংস্কৃতিক আদান-প্ৰদানৰ সুবিধা কৰা ৷ যিবোৰ দেশত এইয়া সঞ্চালন হৈ আছে, তাত ক্ৰমাগতভাৱে বৃদ্ধি হৈ থকা চীনীয় প্ৰভাৱসমূহৰ চিন্তাৰ বাবে এই সংগঠনটো বহু আলোচনাৰ মেৰপেচত সোমাই পৰিছে ৷

2004 বৰ্ষত আৰম্ভ হোৱা কন্ফিউচিয়াছ প্ৰতিষ্ঠান হানবানৰ দ্বাৰা সমৰ্থিত ৷ যি বেলেগ বেলেগ বিশ্ববিদ্যালয় সমূহৰ দ্বাৰা নিৰীক্ষণ কৰা হয় ৷ এই সংস্থানে বিশ্বজুৰি স্থানীয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ সৈতে সহযোগিতা কৰে আৰু বিত্ত প্ৰদানৰ লগতে প্ৰতিষ্ঠান সমূহৰ মাজত অংশীদাৰিত্ব কৰে ৷

বিশেষজ্ঞ সকলৰ মতে, কন্ফিউচিয়াছ প্ৰতিষ্ঠান সংস্থা বেইজিঙৰ তীক্ষ্ন সম্প্ৰসাৰণবাদী নীতিৰ এক অংশ ৷

লক্ষ্য কৰি লোৱা এখন দেশৰ ৰাজনৈতিক প্ৰাণালীক প্ৰভাৱিত কৰিবলৈ আৰু সেই ৰাজনৈতিক ক্ষমতা কম কৰিবলৈ তীক্ষ্ন কুটনৈতিক নীতিৰ প্ৰয়োগ কৰা হয় ৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ National Endowment for Democracy ৰ দ্বাৰা এই শব্দক উপস্থাপন কৰা হৈছিল, স্বৈৰাচাৰী চৰকাৰসমূহৰ দ্বাৰা নিযুক্ত আগ্ৰাসনমূলক আৰু ধ্বংসাত্মক নীতিসমূহক গণতান্ত্ৰিক দেশসমূহত ৰাষ্ট্ৰ ক্ষমতাৰ প্ৰক্ষেপন হিচাপে ৷

ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ে এতিয়া কন্ফিউচিয়াছ প্ৰতিষ্ঠানৰ অধ্যায় স্থাপনৰ বাবে শীৰ্ষস্থানীয় শৈক্ষিক সংস্থা আৰু চীনীয় সংস্থাসমূহৰ মাজত স্বাক্ষৰিত বুজাবুজি স্মাৰকসমূহৰ পৰ্যালোচনা কৰাৰ পৰিকল্পনা কৰিছে ৷

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চীনা আৰু দক্ষিণ-পূৰ্বীয় এছিয়া অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ বি. আৰ দীপকে ইটিভি ভৰতযোগে কয়, কন্ফিউচিয়াছ প্ৰতিষ্ঠানক বেইজিঙে অন্যান্য দেশৰ উদাৰ পদ্ধতিত প্ৰবেশৰ বাবে ব্যৱহাৰ কৰে ৷

জেএনইউ আৰু পেকিং বিশ্ববিদ্যালয়ৰ মাজত এনে ধৰণৰ সংস্থা স্থাপনৰ বাবে 2005 চনত 5 বছৰৰ পাচত হোৱা চুক্তি স্বাক্ষৰ কৰাৰ পাচত এক বুজাবুজি স্থাপন কৰা হৈছিল ৷

যদিও পেকিং বিশ্ববিদ্যালয়ে এই বুজাবুজিৰ মাধ্যমৰ পৰা এৰাই চলাৰ চেষ্টা কৰে, জেএনইউ বুজাবুজি অনুযায়ী বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত কাম কৰে আৰু আগলৈ এনে ধৰণৰ সংস্থা স্থাপন কৰিব নোৱাৰে ৷

বি.আৰ দীপকে কয় যে, "জেএনইউয়ে হানবান আৰু চীনা দূতাবাসক আনুষ্ঠানিকভাৱে অৱগত কৰিছে যে, তেওঁলোকৰ এনেধৰণৰ সংস্থা স্থাপিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আগ্ৰহ নাই ৷"

জেএনইউয়ে UGC ৰ কথা উল্লেখ কৰি কয় যে, এনে ধৰণৰ চীনা সংস্থাক স্থানীয় আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন কৰিবলৈ অনুমতি দিয়াৰ ক্ষেত্ৰত দুটা পৰিমিতি থকা উচিত নহয় ৷

"এতিয়া শিক্ষা মন্ত্ৰণালয়ে এই বিষয় উত্থাপন কৰিছে" বুলি বি.আৰ দীপকে কোৱাৰ লগতে, "এটা সমনীতি হোৱাৰ প্ৰয়োজন" বুলি উল্লেখ কৰে ৷

বিশ্বজুৰি 500 তকৈয়ো অধিক কন্ফিউচিয়াছ প্ৰতিষ্ঠান আছে আৰু কেৱল আমেৰিকাতে 100 ৰো অধিক আছে ৷

তথাপেও এই বেইজিঙে নিজৰ তীক্ষ্ন নীতি সম্প্ৰসাৰণৰ বাবে এই প্ৰতিষ্ঠানৰ ব্যৱহাৰ কৰিছে বুলি এক বিৰূপ নামো অৰ্জন কৰিছে ৷

বি. আৰ দীপকে কয়, "এই প্ৰতিষ্ঠান শ্ৰীলংকা আৰু নেপালৰ লগতে, মধ্য এছীয় আৰু বেলকনৰ দৰে সৰু সৰু দেশসমূহত স্থাপিত কৰা হৈছিল ৷"

বি. আৰ দীপকে কয়, আফ্ৰিকাৰ শহস্ৰাধিক শিক্ষাৰ্থীয়ে চীনৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰবৃত্তিৰ বাবে আবেদন কৰে ৷ কিয়নো বেইজিঙে সেই মহাদেশত নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰে ৷

শেষত, সম্প্ৰতি ভাৰতে চীনৰ সেই তীক্ষ্ন সম্প্ৰসাৰণবাদী নীতিসমূহ বাধা দিয়াৰ প্ৰচেষ্টা কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷

লগতে পঢ়ক: ৰঙা গ্ৰহ মংগলৈ NASAৰ সাহসী মহাকাশ যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.