ETV Bharat / bharat

ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !

author img

By

Published : Jun 16, 2020, 1:48 AM IST

ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআইএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে । পাক সংবাদ মাধ্যমত প্ৰকাশ হোৱা তথ্যমতে, দুই ভাৰতীয়ক কঢ়িয়াই নিয়া এখন বাহনে ভাৰতীয় দূতাবাসৰ সমীপত এজন পাকিস্তানী নাগৰিকক খুন্দা মাৰে আৰু পলায়নৰ চেষ্টা কৰে ।

India summons Pak diplomat over arrest of two officials in Islamabad
ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !

নিউজ ডেস্ক, ১৫ জুন : ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে । পাক সংবাদ মাধ্যমত প্ৰকাশ হোৱা তথ্যমতে, দুই ভাৰতীয়ক কঢ়িয়াই নিয়া এখন বাহনে ভাৰতীয় দূতাবাসৰ সমীপত এজন পাকিস্তানী নাগৰিকক খুন্দা মাৰে আৰু পলায়নৰ চেষ্টা কৰে ।

পূৰ্বৰে পৰা ভাৰতীয় দূতাবাসত থকা কূটনীতিবিদসকলক ফাণ্ডত পেলোৱাৰ ষড়যন্ত্ৰৰ অংশ হিচাবেই সোমবাৰে হোৱা দূৰ্ঘটনাৰ সুযোগ ল'লে পাক আৰক্ষীয়ে ।

যি সময়ত সমগ্ৰ বিশ্ব ক'ৰণাৰ বিৰুদ্ধে যুজ দি আহিছে, তেনে সময়তো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনাত ব্যস্ত হৈ আহিছে । শেহতীয়াকৈ ভাৰতবৰ্ষত সন্ত্ৰাস বিয়পোৱাত বিফল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে এতিয়া আৰম্ভ কৰিছে পাকিস্তানস্থিত ভাৰতীয় দূতাবাসৰ বিষয়া কৰ্মচাৰীক ব্যতিবস্ত কৰাত । দেওবাৰে পুৱা দুগৰাকীকৈ ভাৰতীয় কূটনীতিকক অপহৰণৰ বাতৰিৰ পাছতেই এতিয়া পাকিস্তানী মিডিয়াই এই ঘটনাক দুৰ্ঘটনাৰ ৰূপ দি আটকৰ দাবী কৰিছে ।

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ সবিশেষ জনাৰ উদ্দেশ্যে সোমবাৰে বিদেশ মন্ত্ৰালয়ে মাতি পঠালে ভাৰতস্থিত পাকিস্তানী দূতাবাসৰ উচ্চায়ুক্ত চৈয়দ হাইদৰ শ্বাহক আৰু উচ্চায়ুক্তগৰাকীয়ে দুই ভাৰতীয় কূটনীতিকক আটকৰ কথা সদৰি কৰে মন্ত্ৰালয়ক । পাকিস্তানী উচ্চায়ুক্তগৰাকীয়ে এই কথাৰ নিশ্চিতি দি কয় যে, তেওঁলোকক কোনো ধৰনৰ সোধপোচ অথবা নিৰ্যাতন চলোৱা হোৱা নাই । তেওঁ জনালে যে, পাকিস্তানস্থিত ভাৰতীয় কূটনীতিক সকলক সুৰক্ষা দিয়াটো তেওঁলোকৰ দায়িত্ব ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ভাৰতৰ সুৰক্ষা সম্পৰ্কীত তথ্য হৰলুকি সংক্ৰান্তীয় এক অভিযোগত নতুন দিল্লীত দুই পাকিস্তানী বিষয়া সহিতে এজন চালকক প্ৰথমে আটক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ভাৰতৰ পৰা ওভতাই পঠিওৱা হৈছিল । এই অভিযোগ ইছলামাবাদে অস্বীকাৰ কৰিছিল । মন কৰিবলগীয়া যে, এই ঘটনাৰ পাছৰে পৰা পাকিস্তানস্থিত ভাৰতীয় দূটাবাসৰ কূটনীতিবিদসকলক আমনি দিবলৈ আৰম্ভ কৰিছিল পাক চোৰাংচোৱাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.