ETV Bharat / bharat

ভাৰত অবিশ্বাস্য, এই যাত্ৰাই দ্বি-পাক্ষিক সম্পৰ্কত অগ্ৰগতি আনিছেঃ ট্ৰাম্প

author img

By

Published : Feb 27, 2020, 12:13 PM IST

দুদিনীয়া ভাৰত ভ্ৰমণৰ অন্তত নিজ দেশলৈ উভতি সংবাদ মাধ্যমৰ আগত ভাৰতক প্ৰশংসা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ৷ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক ‘অসাধাৰণ’ আৰু এই যাত্ৰাৰ জৰিয়তে ভাৰত-আমেৰিকাৰ দ্বি-পাক্ষিক সম্পৰ্কত অগ্ৰগতি হৈছে বুলি তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ইয়াৰোপৰি ট্ৰাম্পৰ কন্যা ইভাংকা,ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প আৰু হোৱাইট হাউচৰ প্ৰেছ সচিব ষ্টেফানী গ্ৰীশমেও এই সফল যাত্ৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু ভাৰতবাসীক টুইটযোগে ধন্যবাদ জনায় ৷

India is incredible, lot of progress made in bilateral ties during visit: Trump
ভাৰত অবিশ্বাস্য, এই যাত্ৰাই দ্বি-পাক্ষিক সম্পৰ্কত অগ্ৰগতি আনিছেঃ ট্ৰাম্প

নিউজ ডেস্ক, 27 ফেব্ৰুৱাৰীঃ ‘‘ ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্ক এতিয়া ‘অসাধাৰণ’ আৰু এই যাত্ৰাৰ জৰিয়তে ভাৰত-আমেৰিকাৰ দ্বি-পাক্ষিক সম্পৰ্কত অগ্ৰগতি হৈছে ৷’’ এতিয়া আমেৰিকাৰ ব্যৱসায়ত আৰু অধিক সুফল দেখিবলৈ পাব ৷ দুদিনীয়া ভাৰত ভ্ৰমণৰ অন্তত নিজ দেশলৈ উভতি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সংবাদ মাধ্যমক এইদৰে জানিবলৈ দিয়ে ৷ বুধবাৰে ভাৰতৰ পৰা নিজ দেশলৈ উভতি আহি ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমত কয় যে,‘‘প্ৰধানমন্ত্ৰী মোডী এগৰাকী মহান ব্যক্তি,এজন মহান নেতাভাৰত এখন অবিশ্বাস্য দেশ ৷’’

  • Thank you PM @narendramodi for your warm hospitality as we visited your beautiful country and celebrated the strength, spirit and unity of the US & India!

    Throughout our visit we saw monumental achievements of human creativity & proof of the infinite capacity of the human heart! https://t.co/EwHvwdvbuR

    — Ivanka Trump (@IvankaTrump) February 26, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয়,‘‘ভাৰতবাসীৰ শুশ্ৰুষাত আমি খুবেই আনন্দিত ৷ ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক অসাধাৰণ হৈ পৰিছে ৷ ভাৰতৰ সৈতে আমি ব্যৱসায়িক চুক্তি কৰিম,এই ক্ষেত্ৰত তেওঁলোকে বিলিয়ন ডলাৰ আমালৈ প্ৰেৰণ কৰিছে ৷’’

ট্ৰাম্পৰ কন্যা ইভাংকাই এক টুইটযোগে মহিলাসকলৰ বৌদ্ধিক বিকাশ আৰু সবলীকৰণৰ দিশত ভাৰতৰ সৈতে এক স্থায়ী পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰি কৰে ৷ ভাৰতৰ দৰে সুন্দৰ দেশ দৰ্শনৰ লগতে ভাৰতবাসীৰ একতাক উপভোগ কৰিবলৈ সুযোগ পোৱাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোডীক টুইটযোগে ধন্যবাদ জনায় ৷ আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে তাজমহলৰ সন্মুখত ট্ৰাম্পৰ সৈতে তোলা দুখন ফটো টুইটাৰযোগে প্ৰচাৰ কৰি ‘বিশ্বৰ 7টা আশ্বৰ্যকৰ বস্তুৰ ভিতৰত তাজমহলো অন্যতম’ বুলি উল্লেখ কৰে ৷ ইফালে, হোৱাইট হাউচৰ প্ৰেছ সচিব ষ্টেফানী গ্ৰীশমেও এই যাত্ৰাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ৷

আমেৰিকাৰ এই ভাৰত ভ্ৰমণৰ দ্বাৰা ভাৰত আৰু আমেৰিকাই 3 বিলিয়ন মূল্যৰ প্ৰতিৰক্ষা চুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই চুক্তিৰ অধীনত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত দুজন আমেৰিকান প্ৰতিৰক্ষা সেনা মেজৰ থাকিব আৰু ভাৰতৰ বাবে 30 খন সামৰিক হেলিকপ্টাৰৰ ব্যৱস্থা কৰিব ৷ এই চুক্তিত ব্যয় কৰিব লগা 2.6 বিলিয়ন আমেৰিকান ডলাৰত 24 এম এইচ-60 ৰোমিঅ’ হেলিকপ্টাৰৰ ব্যৱস্থাও অন্তৰ্ভুক্ত হ’ব ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা 800 মিলিয়ন আমেৰিকান ডলাৰৰ 6টা এ এইচ-8ই আপাচি হেলিকপ্টাৰ অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়কঃসূৰ্যমুখী ফুলৰ খেতিৰে স্বাৱলম্বী দৰঙৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.