ETV Bharat / bharat

কৰ'ণা ভাইৰাছ : চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বৃহৎ কোম্পানীসমূহ - দেশৰ বিমানসেৱা বিভাগৰ বিভিন্ন সেৱা প্ৰদান

দেশৰ বিমানসেৱা বিভাগৰ বিভিন্ন সেৱা প্ৰদান ৷ এই জটিল সময়ছোৱাত চৰকাৰৰ সৈতে সহযোগিতা দেশৰ বৃহৎ কোম্পানীসমূহৰ ৷

কৰ'ণা ভাইৰাছ
ভাৰত চৰকাৰে প্ৰদান কৰিলে চিকিৎসা সামগ্ৰী ৰখা বাকচ
author img

By

Published : Mar 29, 2020, 1:09 PM IST

Updated : Mar 29, 2020, 1:48 PM IST

নেশ্যনেল ডেস্ক, 29 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে 6,60,000 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 30,000 লোক ৷ বৰ্তমানলৈকে ভাৰতত হাজাৰোধিক লোক আক্ৰান্ত হৈছে ৷ এই সংকটৰ সময়ত ভাৰতীয় চৰকাৰে ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে পূৰ্ণ সহযোগিতা প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা আগবঢ়াইছে ৷

মহিন্দ্ৰা & মহিন্দ্ৰা কোম্পানীয়ে চিকিৎসা সামগ্ৰী কঢ়িয়াবৰ বাবে প্ৰস্তুত কৰি উলিয়াব এক বিশেষ বাকচ ৷ এই কথা প্ৰকাশ কৰে মহিন্দ্ৰাৰ সঞ্চালক প্ৰধান পৱন গোয়েংকাই ৷

বৰ্তমান এনেধৰণৰ 500 টা বাকচ প্ৰস্তুত কৰি উলিয়াব আৰু পাচৰ পৰ্যায়ত ইয়াৰ সংখ্যা বৃদ্ধি কৰিব ৷

ইয়াৰোপৰি, দৰৱ-পাতি, টেষ্ট কিট আৰু অন্যান্য় যাৱতীয় সামগ্ৰী দেশৰ বিভিন্ন অঞ্চলত সৰবৰাহৰ বাবে 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ 21 দিনীয়া লকডাউনৰ মাজতে ভাৰতে 9 খন বিশেষ বিমানৰ ব্যৱস্থা কৰিছে ৷ এজন জ্যেষ্ঠ বিমানসেৱা কৰ্মচাৰীয়ে এই কথা জানিবলৈ দিয়ে ৷

মুম্বাই-বাংগালোৰ পথত 31 মাৰ্চত উৰণৰ বাবে প্ৰদান কৰা হৈছে B787-8 এয়াৰক্ৰাফ্ট ৷ পুৱাৰ ভাগত চিকিৎসা সামগ্ৰী প্ৰদান কৰি পুৱাৰ ভাগতে মুম্বাইলৈ উভতি আহিব বিমানখন ৷

দেশৰ সৰ্ববৃহৎ এয়াৰলাইনছ IndiGo ই ভাৰতৰ বিভিন্ন অঞ্চলত চিকিৎসা সামগ্ৰী বিতৰণ কৰাত চৰকাৰক সহযোগিতা আগবঢ়াইছে ৷

IndiGo ৰ মুখ্য় কাৰ্যবাহী সঞ্চালক ৰনজয় দত্তই বিমান সেৱা মন্ত্ৰী হৰদ্বীপ সিং পুৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি কয়, "মই জানো এই সময়ছোৱাত দৰৱ আৰু অন্যান্য় চিকিৎসা সামগ্ৰী প্ৰেৰণত আপোনালোকে জটিলতাৰ সন্মুখীন হৈছে ৷ দেশৰ প্ৰয়োজনৰ সময়ত আমি চৰকাৰক সহযোগিতা আগবঢ়াবলৈ সুযোগ লাভ কৰা বাবে গৌৰৱান্বিত ৷"

Hyundai Motor India Foundation (HMIF) য়েও দক্ষিণ কোৰিয়াৰ পৰা আমাদানিকৃত টেষ্ট কিট প্ৰদান কৰিছে ৷ এই টেষ্ট কিটসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিভিন্ন হাস্পতালত বিতৰণ কৰা হ'ব ৷

কোম্পানীটোৰ এক বিবৃতি অনুসৰি, এই কিটসমূহে 25,000 লোকলৈ সেৱা আগবঢ়াব ৷

দেশৰ বিভিন্ন ৰাজ্যত কৰ্মৰত বনুৱাসকলে হাজাৰ হাজাৰ মাইল খোজ কাঢ়ি নিজ ৰাজ্যলৈ ওভতাৰ পাচতে GoAir য়েও সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই লোকসকলক নিজ নিজ ৰাজ্যলৈ ওভতাই নিবৰ বাবে চৰকাৰৰ ওচৰত আবেদন দাখিল কৰা বূলি তথ্যত প্ৰকাশ ৷

আৰু পঢ়ক : অহা সপ্তাহত ধাৰ্য হ'ব টকিঅ' অলিম্পিকৰ দিন

Last Updated : Mar 29, 2020, 1:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.