নিউজ ডেস্ক, 30 মাৰ্চ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে অসমৰ ডিব্ৰুগড়ত উপস্থিত হৈ এক জনসভাত অংশগ্ৰহণকৰে ৷ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত মোডীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, যিসময়ত গোটেই ভাৰতেই পাকিস্তানৰ মাটিত ভাৰতীয় বায়ুসেনাই কৰা ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সেইসময়ত কংগ্ৰেছ আৰু সন্ত্ৰাসবাদী সংগঠনসমূহহে ইয়াক লৈ অসন্তুষ্ট ৷ ভাৰতে প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদীৰ মাটিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী হত্যা কৰিছে আৰু গোটেই পৃথিৱীয়ে ভাৰতক সমৰ্থন আগবঢ়াইছে কিন্তু কংগ্ৰেছ দলৰহে ইয়াক লৈ টোপনি নাইকিয়া হৈছে ৷
এই ক্ষণতো কংগ্ৰেছ নেতাসকলৰ চকুপানী ওলাইছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ভাৰতে ছুপাৰ পাৱাৰ দেশসমূহৰ সৈতে সমানে খোজ পেলাব চেষ্টা কৰাৰ সময়তে কংগ্ৰেছৰ দুঃচিন্তা বাঢ়িছে ৷