ETV Bharat / bharat

আহি আছে ভাৰতৰ ’’প্ৰনাশ’’

অধিক শক্তিশালী হ’ব ভাৰত ৷ আহি আছে 200 কিলোমিটাৰ দূৰত্বলৈ শত্ৰুক ৰোধিবলৈ ভাৰতৰ নতুন বেলিষ্টিক মিচাইল ‘প্ৰনাশ’ ৷ স্থল আৰু বায়ুসেনাৰ বাবে তৈয়াৰ কৰা হ’ব এই ক্ষেপনাস্ত্ৰ ৷

author img

By

Published : Feb 11, 2020, 1:13 AM IST

Updated : Feb 11, 2020, 1:19 AM IST

India developing new ballistic missile Pranash
ভাৰতৰ ’’প্ৰনাশ’’

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰীঃ ভাৰতৰ সামৰিক শক্তিত সংযোজন ঘটিব এক নতুন শক্তিৰ ৷ শত্ৰুৰ বুকুত কঁপনি তুলিব পৰাকৈ 200 কিলোমিটাৰ দূৰত্ব ক্ষমতাসম্পন্ন নতুন বেলিষ্টিক মিচাইল ‘প্ৰনাশ’ৰ বিকাশৰ ওপৰত জোৰ দিছে ভাৰতে ৷ ইতিমধ্যে এই ক্ষেপানাস্ত্ৰ তৈয়াৰৰ ক্ষেত্ৰত তৎপৰ হৈছে ভাৰত চৰকাৰ তথা প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন ৷ এই ক্ষেপনাস্ত্ৰই ভাৰতৰ প্ৰতিৰক্ষা শক্তিত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

এই সন্দৰ্ভত প্ৰতিৰক্ষা বিভাগৰ বিষয়ববীয়াই কয়, প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (DRDO) য়ে 200 কিলোমিটাৰ দূৰত্বলৈ শত্ৰুক আক্ৰমণ কৰিব পৰা কৈ নতুন বেলিষ্টিক মিচাইল ‘প্ৰনাশ’ৰ ওপৰত কাম আৰম্ভ কৰিছে ৷ যিটো প্ৰচলিত যুদ্ধ সামগ্ৰীৰে সু-সজ্জিত হ’ব ৷

উল্লেখ্য যে, এই ক্ষেপনাস্ত্ৰ 150 কিলোমিটাৰ দূৰত্বলৈ আক্ৰমণ কৰিব পৰা পূৰ্বৰ মিচাইলৰ উন্নত সংস্কৰণ ৷ সামৰিক অভিযানৰ বাবেই এই ক্ষেপনাস্ত্ৰৰ বিকশিত কৰা হৈছে ৷ য’ত থাকিব অত্যাধুনিক মাৰক ক্ষমতা ৷ মাটিৰ পৰা মাটিলৈ আক্ৰমণ কৰিব পৰা এই মাৰাত্মক ক্ষেপনাস্ত্ৰটো বায়ুসেনা আুৰ স্থল সেনাই ব্যৱহাৰ কৰিব পাৰিব ৷ এই মিচাইলটোৰ আগন্তুক কেইটামান বছৰৰ ভিতৰতেই পৰীক্ষণ কৰা হ’ব ৷

ভাৰতৰ বেলিষ্টিক মিচাইল অগ্নি-2, কে-4 আৰু অগ্নি-3

মন কৰিবলগীয়া যে, ভাৰত বিশ্ব শান্তি নীতিত বিশ্বাসী যদিও শস্ত্ৰক সময়ত উচিত প্ৰত্যুত্তৰ দিবলৈ নিজৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এইয়া এক ভৱিষ্যৎৰ পৰিকল্পনা ৷ ভাৰতে শেহতীয়াকৈ অগ্নি 2, অগ্নি-3, চাবমেৰিন চালিত কে-4 আদি পৰমাণু সক্ষম বেলিষ্টিক মিচাইলৰ সফলভাৱে পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে ৷

Intro:Body:

India developing new ballistic missile Pranash

Conclusion:
Last Updated : Feb 11, 2020, 1:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.