ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ সাম্প্ৰতিক তথ্য - কৰ'ণা

ভাৰতত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা 99.79 লক্ষাধিকলৈ বৃদ্ধি পালে ৷ অৱশ্যে বৰ্তমানলৈ 95 লক্ষাধিক লোকে এই ৰোগৰ পৰা আৰোগ্যও লাভ কৰিছে ৷

COVID-19
COVID-19
author img

By

Published : Dec 18, 2020, 5:49 PM IST

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: ভাৰতত COVID-19 আক্ৰান্ত ৰোগীৰ সংখ্যা 99.79 লক্ষাধিকলৈ বৃদ্ধি পালে ৷ বিগত 24 ঘণ্টাত দেশত 22,890 গৰাকী লোকৰ দেহত পোৱা গৈছে মহামাৰীৰ অৱস্থিতি ৷ অৱশ্যে বৰ্তমানলৈ 95 লক্ষাধিক লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৷ শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি প্ৰকাশ কৰা হৈছে এই তথ্য ৷

বিগত 24 ঘণ্টাত 338 গৰাকী লোকে নতুনতৈ মৃত্য়ুক আকোৱালি লোৱাৰ লগে লগে দেশত কৰ'ণা আক্ৰান্ত মৃতকৰ সংখ্যা 1,44,789 গৰাকীলৈ বৃদ্ধি পায় ৷ উল্লেখ্য যে ভাৰতত বৰ্তমানলৈ 99,79,447 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ সাম্প্ৰতিক তথ্য

এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 95,20,827 গৰাকীলৈ বৃদ্ধি পাইছে ৷ যিটো মুঠ আক্ৰান্তৰ সংখ্যাৰ 95.40 শতাংশ ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 1.45 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ দেশত কৰ'ণা মহামাৰীৰ বাবে 15,89,18,646 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ বৃহস্পতিবাৰৰ দিনটোত মুঠ 11,13,406 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে দেশত ৷

লগতে পঢ়ক: মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.