নিউজ ডেস্ক, 16 অক্টোবৰ : ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত নতুনকৈ এদিনত সৰ্বাধিক 63,371 গৰাকী লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ সমান্তৰালকৈ দেশত এতিয়া সৰ্বমুঠ কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই 73,70,468 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈ আৰোগ্য হৈছে প্ৰায় 64 লাখ লোক ৷ এই তথ্য শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে ৷
আনহাতে এই পৰ্যন্ত কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হৈছে 1,12,161 গৰাকী লোকৰ ৷ বিগত 24 ঘণ্টাত দেশত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 895 গৰাকী লোকৰ ৷
লগতে পঢ়ক : কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য