ETV Bharat / bharat

ভাৰতত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য় - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

ভাৰতত ধাৰাবাহিকভাৱে বৃদ্ধি হৈয়ে আছে কৰ’ণা ৰোগীৰ সংখ্যা ৷ সম্প্ৰতি ভাৰতত 75,97,063 গৰাকী লোক ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷ ধাৰাবাহিকভাৱে কৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি হ’লেও বিগত প্ৰায় তিনি মাহৰ পিছত এই সংখ্যা 50,000 তকৈ হ্ৰাস পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য ৷

India Covid 19 tracker State wise report etv bharat news
ভাৰতত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য়
author img

By

Published : Oct 20, 2020, 3:30 PM IST

নতুন দিল্লী,20 অক্টোবৰ: মঙলবাৰৰ দিনটোত ভাৰতত 46,790 গৰাকী ব্যক্তি নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,15,197 গৰাকীলৈ ৷ বিগত 24 ঘণ্টাৰ ভিতৰত 587 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ সম্প্ৰতি দেশখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 75,97,063 গৰাকীলৈ ৷

India Covid 19 tracker State wise report etv bharat news
ভাৰতত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য়

মঙলবাৰৰ দিনটোত 7,48,538 গৰাকী চিকিৎসাধীন ব্যক্তিৰ ভিতৰত 67,33,328 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰে ৷ এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৷ মহাৰাষ্ট্ৰত 42,240 গৰাকী লোকৰ মৃত্যুৰ সংখ্যাৰ সৈতে কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 16,01,365 গৰাকীলৈ ৷ ইয়াৰ পিছতে আছে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু নতুন দিল্লী ৷

ভাৰতীয় আয়ুৰ্বিজ্ঞান অনুসন্ধান পৰিষদৰ তথ্য অনুসৰি, 19 অক্টোবৰৰ দিনটোলৈকে সংগৃহিত 9,61,16,771 টা নমুনাৰ পৰীক্ষণ সম্পূূৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত সোমবাৰৰ দিনটোত 10,32,795 টা পৰীক্ষণ সম্পূৰ্ণ হয় ৷

লগতে চাওকঃ কোভিড 19: ভাৰতত নতুনকৈ 46,790 আক্ৰান্ত ব্য়ক্তি চিনাক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.