ETV Bharat / bharat

ভাৰত-চীনৰ মাজত সম্পন্ন পাঁচঘন্টীয়া আলোচনা - পূৰ্বৱৰ্তী লাডাখৰ বিবাদমান গালৱান ভেলি

পূৰ্বৱৰ্তী লাডাখক লৈ ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শনিবাৰে দুয়োখন দেশৰ মাজতে এক আলোচনা অনুষ্ঠিত হৈ যায় ৷ ভাৰত আৰু চীনৰ মাজত প্ৰথমবাৰৰ বাবে সামৰিক বিবাদ নিষ্পত্তি কৰিবলৈ এইদৰে সেনাৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল ৷ চীনৰ পিএলএৰ টিবেট মিলিটাৰী ডিষ্ট্ৰিক্টৰ কামাণ্ডাৰৰ বিপৰীতে ভাৰতৰ 14 ক'ৰৰ কামাণ্ডাৰে বৈঠকত মিলিত হয় ৷ দুয়োটা দলৰ মাজত প্ৰায় 5 ঘন্টা ধৰি চলে এই আলোচনা ৷

ভাৰত-চীনৰ মাজত সম্পন্ন পাঁচঘন্টীয়া আলোচনা

author img

By

Published : Jun 6, 2020, 9:13 PM IST

নিউজ ডেস্ক, 6 জুনঃ ভাৰত-চীনৰ সামৰিক নেতৃত্বৰ মাজত লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ চীনৰ ফালৰ মোল্ডোত শনিবাৰে অনুষ্ঠিত হৈ যায় এখন বৈঠক ৷ পূৰ্বৱৰ্তী লাডাখত দুয়োখন দেশৰ সেনাৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ এই আলোচনা অনুষ্ঠিত কৰা হৈছিল য'ত চীনৰ পিএলএৰ টিবেট মিলিটাৰী ডিষ্ট্ৰিক্টৰ কামাণ্ডাৰৰ বিপৰীতে ভাৰতৰ 14 ক'ৰৰ কামাণ্ডাৰে পৰস্পৰৰ সৈতে বৈঠকত মিলিত হয় ৷ ভাৰত আৰু চীনৰ মাজত প্ৰথমবাৰৰ বাবে সামৰিক বিবাদ নিষ্পত্তি কৰিবলৈ এইদৰে সেনাৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল, দিনৰ 11 বজাত আৰম্ভ হোৱা এই বৈঠকখন প্ৰায় 5 ঘন্টাধৰি চলে ৷

ভাৰত-চীনৰ প্ৰথমখন লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বৈঠকখনত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰে লেহস্থিত 14 ক'ৰৰ কৰ্পছ কামাণ্ডাৰ লেফ. জেন. হৰিন্দৰ সিঙে ৷ ভাৰত-চীনৰ সীমান্ত, লাইন অৱ এক্সুৱেল কন্ট্ৰলৰ বৰ্ডাৰ পাৰ্ছনেল মিটিং পইন্ট মাল্ডোত অনুষ্ঠিত হৈ যায় এই বৈঠক ৷

সেনাৰ শীৰ্ষ পৰ্যায়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই আলোচনাত দুয়োখন দেশেই পৰস্পৰৰ সীমা বিবাদ মিলিটাৰী আৰু আমোলাতান্ত্ৰিক পৰ্যায়ত সম্ভৱপৰ আলোচনাৰ দ্বাৰা নিয়ন্ত্ৰণত অনাৰ বাবে সন্মতি প্ৰকাশ কৰে ৷ দুয়োখন দেশৰ স্থলসেনাৰ লোকেল কামাণ্ডাৰ পৰ্যায়ৰ 12খন মেজৰ জেনেৰেল আলোচনাৰ অন্তত শনিবাৰৰ লেফ. জেন. পৰ্যায়ৰ আলোচনাচক্ৰখন সম্ভৱপৰ হয় ৷ শুকুৰবাৰে দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈ যোৱা আমোলাতান্ত্ৰিক আলোচনাৰ পিচতে এইদৰে লেফ. জেন. পৰ্যায়ৰ সামৰিক আলোচনাচক্ৰলানি সফলতাৰে সামৰণি পৰে ৷

পূৰ্বৱৰ্তী লাডাখৰ বিবাদমান গালৱান ভেলি, পাংগং ছ আৰু গৰ্গাৰ স্থিতি বৰ্তাই ৰাখিবলৈ গৈ দুয়োখন দেশৰ সেনাই প্ৰায় এমাহৰো অধিক কাল পৰস্পৰৰ সৈতে মুখামুখি হৈ আহিছিল ৷ ভাৰতীয় সেনাই গালৱান ভেলি, পাংগং ছ, ডেমচক আৰু দৌলত বেগ অল্ডিত নিজৰ খোপনি ধৰি ৰখাৰ লগতে চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল ৷ চীনে এই অঞ্চলত প্ৰায় 2.500ৰো অধিক সৈন্য নিয়োগ কৰি ৰখাৰ লগতে অস্ত্ৰভাণ্ডাৰৰ লগতে নিজৰ চাউনীও গঢ়ি তুলিছিল ৷ উপগ্ৰহৰ দ্বাৰা লাভ কৰা চিত্ৰত চীনে পাংগং ছৰ পৰা 180 কিলোমিটাৰ দুৰত্বত সামৰিক বিমানঘাটিও প্ৰস্তুত কৰাৰ তথ্য পোহৰলৈ আহিছিল ৷ পূৰ্বৱৰ্তী লাডাখৰ উপৰিও উত্তৰ ছিক্কিম আৰু উত্তৰাখণ্ডৰ কিছু অংশৰ ফালেও চীনে নিজৰ সামৰিক শক্তি বঢ়াই তুলিছিল ৷

ভাৰতে পাংগং ছ হ্ৰদৰ ফিংগাৰ অঞ্চলত নিৰ্মাণ কৰি থকা এটা পথৰ বিৰোধিতা কৰাৰ পিচতেই দুয়োখন দেশৰ মাজৰ সামৰিক উত্তেজনা বৃদ্ধি পাইছিল ৷ ইয়াৰ উপৰিও ডাৰবাক-ছায়োক-দৌলত বেগ অল্ডিত আন এটা পথ নিৰ্মাণতো আপত্তি দৰ্শাইছিল চীনে ৷ পাংগং ছ হ্ৰদৰ ফিংগাৰ অঞ্চলত নিৰ্মাণ কৰি থকা পথটো ভাৰতীয় সেনাৰ পেট্ৰলিঙৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হিচাপে চিনাক্ত কৰা হৈছিল ৷

উল্লেখ্য যে, পূৰ্বৱৰ্তী লাডাখত চীনৰ 250ৰো অধিক চীনা সৈন্যই অনাধিকাৰ প্ৰৱেশ কৰাৰ পিচতেই ভাৰতীয় স্থলসেনাই শক্তিৰে ইয়াৰ বিৰোধিতা কৰিছিল ৷ বিগত 5 আৰু 6 মে'ত সংঘটিত হোৱা এই ঘটনাৰ লগতে বিগত 9 মে'ত উত্তৰ ছিক্কিমত সংঘটিত আন এক ঘটনাত এগৰাকী ভাৰতীয় স্থলসেনাৰ কনিষ্ঠ বিষয়া(কেপ্টেইন)ৰ ঘোচাত এগৰাকী চাইনীজ আৰ্মিৰ মেজৰৰ নাক ফাটি তেজ ওলাই গৈছিল ৷ পৰৱৰ্তী সময়ত এই ঘটনাই ব্যাপক হাৰে বিস্তৃতি লাভ কৰাৰ লগতে দুয়োখন দেশৰ সেনাৰ মাজৰ উৎকন্ঠা বৃদ্ধি কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.