ETV Bharat / bharat

ভাৰত-চীনৰ কামাণ্ডাৰ পক্ষৰ পঞ্চমলানি বৈঠক সম্পন্ন

দেওবাৰে পুৱা 11 বজাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ চীনা পক্ষৰ মোল্পোত কামাণ্ডৰ পৰ্যায়ৰ পঞ্চমলানি বৈঠক অনুষ্ঠিত হয় ৷ সেনা বাহিনীৰ বিস্তাৰ প্ৰক্ৰিয়াৰে অনুষ্ঠিত হয় এই বৈঠক ৷

India China held fifth round of Corps Commander-level talks
ভাৰত-চীনৰ কামাণ্ডো পক্ষৰ পঞ্চম ৰাউণ্ডৰ বৈঠক সম্পন্ন
author img

By

Published : Aug 2, 2020, 3:19 PM IST

নেশ্যনেল ডেস্ক, 2 আগষ্ট: বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC)ৰ চীনা পক্ষৰ মোল্পোত দেওবাৰে পুৱা 11 বজাত কামাণ্ডৰ পৰ্যায়ৰ পঞ্চমলানি বৈঠক অনুষ্ঠিত হয় ৷ সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি, ফিংগাৰ এলেকাত চীনৰ নিষ্ক্ৰীয়কৰণৰ বিষয়ে ভাৰতীয় সেনাই দৃষ্টি নিক্ষেপ কৰিব ৷

উল্লেখ্য যে, ভাৰত-চীনৰ সেনাৰ কামাণ্ডাৰসকলৰ মাজত 6 জুন, 22, 30 আৰু 14 জুলাইত চাৰিবাৰ বৈঠক অনুষ্ঠিত হয় ৷ লাডাখ এলেকাৰ গালৱান ঘাটি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত সেনাৰ ছত্ৰভংগ নিষ্ক্ৰীয় কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছিল ৷ এই স্থিতি অব্যাহত থাকিব লাগে আৰু সীমান্তৱৰ্তী সুৰক্ষা বাহিনীৰ বিস্তাৰ কৰিব লাগে বুলি চৰকাৰী সূত্ৰই সদৰি কৰে এই কথা ৷

আনহাতে, বিদেশ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে জনোৱা মতে, ‘‘সেনা বাহিনীৰ বিস্তাৰ প্ৰক্ৰিয়া এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই ৷ কিন্তু চীনে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি কৈছিল’’ ৷

কামাণ্ডাৰ পৰ্যায়ৰ চতুৰ্থ বৈঠকৰ পাচত সেনাই জানিবলৈ দিয়ে যে, ‘‘সেনাসকলৰ সম্পূৰ্ণ বিস্তাৰৰ বাবে দুয়োপক্ষই দায়িত্বত আছে ৷ এই প্ৰক্ৰিয়াটো এটা ‘জটিল প্ৰক্ৰিয়া’ আৰু ইয়াৰ বাবে ‘নিৰন্তৰ সত্যতা’ৰ আৱশ্যক’’ ৷

বিগত সপ্তাহত পূৱ লাডাখ যাত্ৰাৰ পাচত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, ‘‘সীমা বিবাদৰ সমাধান উলিয়াবলৈ চীনৰ সৈতে আলোচনা অব্যাহত ৰখা হৈছে ৷ কিন্তু এই সমাধান কিমান পৰিসৰলৈ উলিয়াব পৰা যাব, সেয়া সঠিকভাৱে ক’ব পৰা নাযাব’’ ৷

অন্তিম সেনা বৈঠকৰ পাচত চৰকাৰী সূত্ৰই জনোৱা মতে, ‘‘ভাৰতীয় পক্ষই চীনা সৈন্য বাহিনীক স্পষ্টভাৱে বাৰ্তা প্ৰেৰণ কৰি কয় যে, পূৱ লাডাখত স্থিতাৱস্থা বাহাল ৰখা হ’ব আৰু সীমা ব্যৱস্থাপনাৰ বাবে পাৰস্পৰিকভাৱে সহমত প্ৰটক’লৰ পালন কৰিব লাগিব, যাতে সীমাত পুনৰ শান্তি ঘূৰি আহে’’ ৷

‘‘লাডাখত বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ সৈতে সকলো অঞ্চলৰ ওপৰত কঠোৰ দৃষ্টিনিক্ষেপ কৰা হৈছে আৰু যিকোনো ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ উচ্চ পৰ্যায়ত সতৰ্কতা অব্যাহত ৰখা হ’ব’’ ৷

লগতে পঢ়ক : ৰাম জন্মভূমি নে নতুন ৰাম মন্দিৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.