ETV Bharat / bharat

একে আছে ভাৰত-চীনৰ সীমান্তত উত্তেজনাৰ তীব্ৰতা - চীনা সেনা

যোৱা ৫ মে'ত ভাৰত আৰু চীনৰ সেনাৰ মাজত সীমান্তত হোৱা মুখামুখি সংঘৰ্ষৰ প্ৰায় ৬০ দিনৰ পাছতো পূৱ লাডাখৰ ১৩৪ বৰ্গ কিল'মিটাৰ দৈৰ্ঘ্যৰ চল্টৱেৰ লেকৰ উত্তৰ দিশে থকা ফিংগাৰ ৫ৰ পথটো অৱৰোধ কৰি সেই স্থানৰ পৰা ওভতি যাবলৈ অস্বীকাৰ কৰিছে চীনা সেনা পিএলএয়ে । এই কথা উল্লেখ কৰিছে জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ ৱৰুৱাই ।

India-China de-escalation hits Pangong block as both sides harden positions
একে আছে ভাৰত-চীনৰ সীমান্তত উত্তেজনাৰ তীব্ৰতা
author img

By

Published : Jul 16, 2020, 9:48 PM IST

নিউজ ডেস্ক,১৬ জুলাই: এটা উৎসৰ পৰা পোৱা তথ্য মতে ফিংগাৰ ৫ৰ যি স্থানত চীনা সেনাই অৱস্থান কৰিছে তাৰ পৰা কোনো পধ্যেই উভতি যাবলৈ অস্বীকাৰ কৰিছে সেনাৰ দলটো । দুই পক্ষৰ মাজত উত্তেজনা প্ৰশমিত কৰাৰ আলোচনাৰ অন্তত প্ৰথম পৰ্যায়ত ফিংগাৰ৪ৰ পৰা ফিংগাৰ৫লৈ ওভতাৰ দৰে দ্বিতীয় পৰ্যায়ত ফিংগাৰ৫ৰ পৰাও চীনা সেনা উভতিব লাগিছিল ।

India-China de-escalation hits Pangong block as both sides harden positions
একে আছে ভাৰত-চীনৰ সীমান্তত উত্তেজনাৰ তীব্ৰতা

চীনা সেনাৰ এনে স্থিতিৰ সন্দৰ্ভত ইটিভি ভাৰতক ভাৰতীয় সেনাৰ উচ্চ স্তৰীয় সূত্ৰই জনালে,অপেক্ষা কৰি মাথো অগ্ৰগতি চাম । পিএলএৰ এনে স্থিতিয়ে এতিয়া দুয়োপক্ষৰ আলোচনা প্ৰক্ৰিয়াটোকে স্তিমিত কৰি তুলিছে ।

সেনাৰ আন এক সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, ১৫জুনৰ গালৱান ঘাটিত সংঘটিত ঘটনাৰ পাছত দুয়ো পক্ষৰ মাজত বিশ্বাস ওভতাই আনিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। উত্তেজনা প্ৰশমিত কৰিবলৈ দুয়ো পক্ষৰ সেনা পৰ্যায়ত অধিক আলোচনাৰ প্ৰয়োজন আছে ।

লগতে চাওকঃ বানৰ কালৰূপঃ যোগীঘোপাত শতাধিক গাঁও জলমগ্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.