নেশ্যনেল ডেস্ক, 18 জুন : বুধবাৰে শক্তিশালী ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ দুবছৰৰ বাবে লাভ কৰিছে ভাৰতে ৷ সাধাৰণ পৰিষদৰ 193 সদস্য পদৰ 184 টা ভোট ভাৰতবৰ্ষই লাভ কৰিবলৈ সক্ষম হয় ৷
ভাৰতৰ লগতে আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱে'ই লাভ কৰিছে এই সদস্য পদ ৷ এই নিৰ্বাচনত উপস্থিত আছিল 192 সদস্য ৰাষ্ট্ৰ ৷ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল 128 টা ভোট ৷ ভাৰতে 184 টা ভোট লাভ কৰাৰ পৰিৱৰ্তে কানাডা নিৰ্বাচনত পৰাস্ত হয় ৷
![184 টা ভোট লাভ কৰে ভাৰতে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7661826_313_7661826_1592431931987.png)
সদস্য ৰাষ্ট্ৰসমূহে ভাৰতক 2021-22 চনৰ অস্থায়ী সদস্য পদৰ বাবে অভূতপূৰ্ব সমৰ্থনেৰে নিৰ্বাচিত কৰে ৷ 1 জানুৱাৰীৰ পৰা ভাৰতে সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৷ উল্লেখ্য যে, সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য পদ লাভ কৰা দেশসমূহ হৈছে চীন, ফ্ৰান্স, ৰাছিয়া, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ আনহাতে, অস্থায়ী সদস্য হিচাপে বৰ্তমান আছে এষ্টনিয়া, নিগাৰ, ছেইন্ট ভেনচেন্ট আৰু দা গ্ৰেনাডাইনছ, তুনিচিয়া আৰু ভিয়েটনাম ৷
যোৱা বছৰৰ জুন মাহত চীন আৰু পাকিস্তানৰ লগতে 55 খন এছিয়া মহাদেশৰ ৰাষ্ট্ৰই ভাৰতক নিৰ্বাচনৰ বাবে সমৰ্থন জনাইছিল ৷
ইয়াৰ পূৰ্বে ভাৰতে 1950-1951, 1967-1968, 1972-1973, 1977-1978, 1984-1985, 1991-1992 আৰু বৰ্তমানৰ 2011-2012 চনত সদস্য পদ লাভ কৰিছে ৷
উল্লেখ্য যে, 15 জনীয়া সুৰক্ষা পৰিষদত 5 খন স্থায়ী আৰু 10 খন অস্থায়ী সদস্য পদ আছে ৷
লগতে পঢ়ক : দিল্লীৰ মন্ত্ৰীৰ দেহত COVID-19, শীৰ্ষ নেতালৈ চিন্তাৰ কাৰণ