ETV Bharat / bharat

Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত উপস্থিত ভাৰত - ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় পৰ্যায়ত ভাৰত ৷ তৃতীয় পৰ্যায়ত আছে ইটালী, চীন আৰু ফ্ৰান্স ৷

তৃতীয় পৰ্যায়ত ইটালী, চীন আৰু ফ্ৰান্স
Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত ভাৰত
author img

By

Published : Mar 21, 2020, 5:37 PM IST

নেশ্যনেল ডেস্ক, 21 মাৰ্চ : কৰ'ণা ভাইৰাছে বিশ্বব্যাপী সকলোৰে জীৱনক প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে ৷ বহুলোকে আছুতীয়া কক্ষত নিজকে সোমোৱাই ৰখাৰ লগতে প্ৰাণনাশী ভাইৰাছবিধ প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ বহু সংস্থাই ইতিমধ্যেই তেওঁলোকৰ কৰ্মচাৰীক ঘৰৰ পৰা নিজৰ দায়িত্ব চম্ভালিবলৈ অনুমতি প্ৰদান কৰাৰ জৰিয়তে স্বাস্থ্যক সৰ্বোচ্চ স্থান দিয়াৰ প্ৰয়াস কৰিছে৷ কিন্তু, এই সকলোবোৰৰ পাচতো স্তব্ধ কৰিব পৰা নাই মহামাৰীবিধক ৷ শেহতীয়াকৈ ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে ঘোষণা কৰে যে, কৰ'ণা ভাইৰাছৰ দ্বিতীয় পৰ্যায়ত উপস্থিত হৈছে ভাৰত ৷ ইয়াৰ অৰ্থ কি জানো আহক :

Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত উপস্থিত ভাৰত
কৰ'ণা ভাইৰাছ সংক্ৰমণৰ চাৰিটা পৰ্যায়

কৰ'ণা ভাইৰাছৰ সংক্ৰমণক চাৰিটা বিভিন্ন পৰ্যায়ত বিভক্ত কৰিছে ভাৰতীয় চিকিৎসা পৰিষদে :

প্ৰথম পৰ্যায় : এই পৰ্যায়ত বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকা লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ এয়া ভাইৰাছবিধ সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায় ৷ এই পৰ্যায়ত সংক্ৰমণৰ সকলো ঘটনা বিদেশ ভ্ৰমণ কৰাৰ ফলত হোৱা বুলি নিৰ্ধাৰণ কৰা হৈছে ৷

দ্বিতীয় পৰ্যায় : এই পৰ্যায়ক স্থানীয় সংক্ৰমণ বুলি অভিহিত কৰা হৈছে ৷ এই পৰ্যায়ত এজন আক্ৰান্ত লোকৰ পৰা এই ভাইৰাছ বিয়পিব পাৰে ৷ ইয়াৰ অৰ্থ হৈছে এজন সংক্ৰমিত লোকে তেওঁৰ ঘনিষ্ঠ লোকসকলৰ মাজত এই ভাইৰাছ বিয়পাব পাৰে৷ বৰ্তমান ভাৰত এই পৰ্যায়ত আছে ৷

তৃতীয় পৰ্যায় : সামূদায়িক সংক্ৰমণ তৃতীয় পৰ্যায়ত আৰম্ভ হয় যেতিয়া কোনো সমূদায়ৰ মাজত এই ভাইৰাছ সংক্ৰমিত হয় ৷ ইয়াৰ ফলত কোনো আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ নহাকৈ আৰু বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকাকৈ আক্ৰান্ত হ'ব পাৰে ৷ এই পৰ্যায়ত ভাইৰাছৰ উৎসৰ অনুসন্ধান কৰিব পৰা নাযায় ৷ ইটালী, চীন আৰু ফ্ৰান্স এই পৰ্যায়ত আছে ৷

চতুৰ্থ পৰ্যায় : মহামাৰীক অন্তিম তথা চূড়ান্ত পৰ্যায় বুলি গণ্য কৰা হৈছে ৷ এই পৰ্যায়ত ভাইৰাছবিধৰ কোনো অন্তিম স্তৰ নাথাকে ৷ এয়া ভাইৰাছবিধৰ আক্ৰমণৰ নিকৃষ্টতম আৰু চূড়ান্ত পৰ্যায়, এই পৰ্যায়কে মহামাৰী আখ্যা দিয়া হয় ৷

বৰ্তমান সকলোৰে স্বাস্থ্যৰ ক্ষেত্ৰত আশংকাই দেখা দিলেও এই পৰিস্থিতিক লৈ চিন্তিত হোৱা উচিত নহয় ৷ ঘৰতে বাস কৰা, ঘনাই হাত ধোৱা, ৰাজহুৱা স্থান পৰিত্যাগ কৰা, চকু, মুখ আৰু নাক স্পৰ্শ নকৰা, জনসমাগমৰ পৰা দূৰত থকা আদি ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷ ৰোগ প্ৰতিৰোধী খাদ্য গ্ৰহণ কৰিলেও এই ৰোগৰ পৰা বিৰত থাকিব পৰা যাব ৷

আৰু পঢ়ক : বিদেশ ভ্ৰমণৰ ইতিবৃত্ত নথকা মহিলাৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.