ETV Bharat / bharat

ৰেড জ'ন অঞ্চল সমূহ গ্ৰীণ জ'নলৈ পৰিৱৰ্তনৰ প্ৰস্তুতি ভাৰতৰ

লক্ ডাউনৰ সময়সীমা বৃদ্ধিৰ লগে-লগে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নতুন পৰিকল্পনা । সকলো COVID-১৯ ৰেড জ'ন চিনাক্ত অঞ্চল সমূহ গ্ৰীণ জ'নলৈ পৰিৱৰ্তনৰ প্ৰস্তুতি ।

author img

By

Published : Apr 16, 2020, 10:35 AM IST

india-all-set-to-convert-its-red-zone-to-green-zone-in-its-fight-against-covid19

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ দেশত ২১ দিনীয়া লক্ ডাউনৰ পাচত পুনৰ ১৯ দিনলৈ বৃদ্ধি কৰা হ'ল লক্ ডাউনৰ সময়-সীমা । এই বৰ্ধিত সময়ত সকলো COVID-১৯ ৰেড জ'ন চিনাক্ত অঞ্চল সমূহ গ্ৰীণ জ'নলৈ পৰিৱৰ্তনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।

ইয়াৰ বাবে ইতিমধ্যে মন্ত্ৰণালয়ে তৈয়াৰ কৰি উলিয়াইছে এক ৰ'ড মেপ । বুধবাৰে স্বাস্থ্য সচিব প্ৰীতি চুডানে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক এই ৰণনীতি বা পৰিকল্পনাৰ বিষয়ে অৱগত কৰে ।

বৰ্তমান ৩ মে'লৈ লক্ ডাউনৰ সময়-সীমা বৃদ্ধি কৰা হৈছে । ভাৰতৰ ১৭০ খন জিলা ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে । ইয়াৰে ১২৩ খন জিলাত মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰকোপ আৰু ৪৭ খন জিলাত ক্লাষ্টাৰ প্ৰকোপ সন্নিৱিষ্ট হৈ আছে । আনহাতে ২০৭ খন জিলা অ-সম্ভাৱ্যপূৰ্ণ (Non Hotspot) বুলি চিনাক্ত কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে । কিন্তু এই ৰণনীতি অধীনত ৰেড জ'ন জিলা সমূহক গ্ৰীণ জ'নলৈ পৰিৱৰ্তন কৰা হ'ব যদিহে ২৮ দিনৰ ভিতৰত COVID-১৯ৰ কোনো নতুন ঘটনা পোহৰলৈ নাহে জিলা সমূহত ।

ৰেড জ'নৰ পৰা অৰেঞ্জ জ'নলৈ পৰিৱৰ্তন কৰা হয় যদিহে ১৪ দিনলৈ কোনো আক্ৰান্ত নহয় । তাৰ পাচতেই যদি পুনৰ ১৪ দিনলৈ আক্ৰান্তৰ সংখ্যা পোহৰলৈ নাহে তেন্তে অৰেঞ্জ জ'নৰ পৰা গ্ৰীণ জ'নলৈ পৰিৱৰ্তন কৰা হয় অঞ্চলটোক ।

বৰ্তমানলৈকে অন্ধ্ৰ প্ৰদেশৰ ১১ খন জিলা, বিহাৰৰ ১ খন, চণ্ডীগড়ত ১ খন, চত্তীছগড়ত ১ খন, দিল্লীত ৯ খন, গুজৰাটত ৫ খন, হাৰিয়ানাত ৪ খন, জম্মু-কাশ্মীৰত ৬ খন, কৰ্ণাটকত ৪ খন, কেৰালাত ৬ খন, মধ্যপ্ৰদেশত ৫ খন, মহাৰাষ্ট্ৰত ১১ খন, ওড়িশাত ১ খন, পাঞ্জাৱত ৪ খন, ৰাজস্থানত ১১ খন, তামিল নাডুত ২৩ খন, তেলেংগানাত ৮ খন, উত্তৰ প্ৰদেশত ৯ খন, উত্তৰাখণ্ডত ১ খন আৰু পশ্চিম বংগত ৪ খন জিলা ৰেড জ'ন হিচাপে চিনাক্ত কৰা হৈছে ।

আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক সম্ভাৱনীয় পূৰ্ণ অঞ্চলৰ সমূহ (Hotspots with Cluster) হিচাপে চিনাক্ত কৰা হৈছে । ইয়াৰ বিপৰীতে অসমৰ ৫ খন জিলা, বিহাৰৰ ৩ খন, চত্তীশগড়ত ৰায়পুৰ, নৰ্থ ৱেষ্ট দিল্লী, গুজৰাটত পাটান, হাৰিয়াণাত ২ খন, হিমাচল প্ৰদেশত ৫ খন, জম্মু-কাশ্মীৰত ২ খন, ঝাৰখণ্ডত ২ খন, কৰ্ণাটকত ৫ খন, ১ খনকৈ কেৰালা, লাডাখ, ওড়িশা, ৰাজস্থান, তেলেংগানা আৰু মধ্য়প্ৰদেশ, মহাৰাষ্ট্ৰত ৩ খন,পাঞ্জাৱত ৪ খন, উত্তৰ প্ৰদেশত ৪ খন, উত্তৰাখণ্ডত ২ খন জিলা চিনাক্ত কৰা হৈছে ।

ইপিনে অ-সম্ভাৱ্যপূৰ্ণ জিলা (Non Hotspot) হিচাপে অৰুণাচল প্ৰদেশৰ লুহিত জিলাৰ লগতে অসমৰ ৭ খন জিলা, বিহাৰৰ ৭ খন, চত্তীশগড়ৰ ৩ খন, নৰ্থ ইষ্ট দিল্লী, গোৱাৰ ২ খন, গুজৰাটৰ ১৪ খন, হাৰিয়ানাৰ ১২ খন, জম্মু-কাশ্মীৰৰ ৫ খন, ঝাৰখণ্ডৰ ৩ খন, কৰ্ণাটকৰ ১১ খন, কেৰালাৰ ৬ খন, লাডাখত ১ খন, মধ্যপ্ৰদেশত ১৭ খন, মহাৰাষ্ট্ৰত ১৫ খন, মেঘালয়ৰ ইষ্ট খাছী হিলছ, মিজোৰামৰ আইজল, ওড়িশাৰ ৭ খন, পণ্ডেচেৰীৰ ২ খন, পাঞ্জাৱৰ ৯ খন, ৰাজস্থানৰ ১৩ খন, তামিল নাডৰ ৯ খন, তেলেংগানাৰ ১৯ খন, ত্ৰিপুৰাৰ ২ খন, উত্তপ প্ৰদেশৰ ২৮ খন, উত্তৰাখণ্ডৰ ২ খন, পশ্চিম বংগৰ ৮ খন জিলা চিনাক্ত কৰা হৈছে ।

লগতে চাওকঃ চীনৰ পৰা অসম আহি পালে 50 হাজাৰ PPE kit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.