ETV Bharat / bharat

জনা-নজনা: এই মন্দিৰত কুকুৰক পূজা কৰা হয় - কুকুৰ

ছত্তিশগড়ৰ দুৰ্গ জিলাৰ খপড়ি গাঁও ৷ য'ত আছে এটা ব্যতিক্ৰমী মন্দিৰ ৷ কিয়নো তাত পূজা কৰা হয় কুকুৰক ৷ কিন্তু কিয় জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 6, 2020, 1:09 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰ: কুকুৰৰ মন্দিৰ ! অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য ৷ মন্দিৰটোত কুকুৰেই হৈছে প্ৰধান দেৱতা ৷ অৱশ্যে আমি সকলোৱে জনা দেৱতা সকলো আছে মন্দিৰটোত ৷ কিন্তু মন্দিৰটোৰ প্ৰধান আকৰ্ষণ হ'ল "কুকুৰদেৱ ৷"

মন্দিৰটো আছে ছত্তিশগড়ৰ দুৰ্গ জিলাৰ খপড়ি গাঁৱত ৷ মন্দিৰটো বহু প্ৰাচীন ৷ 200 মিটাৰ এলেকাত বিস্তৃত হৈ আছে সেই মন্দিৰ ৷ কিন্তু সেই মন্দিৰত কুকুৰৰ পূজা আৰম্ভ হ'ল কেনেদৰে ?

জনপ্ৰবাদ অনুসৰি, এটা সময়ত যাযাবৰ সকলে বাস কৰিছিল সেই গাঁৱত ৷ সেই যাযাবৰ সকলৰ মাজৰে এগৰাকীৰ আছিল এটি কুকুৰ ৷ এবাৰ গাঁৱত দুৰ্ভিক্ষই দেখা দিছিল ৷ সেই সময়ত টকাৰ অভাৱত সুতৰ ব্যৱসায় কৰা লোক এগৰাকীৰ তাত কামৰ বাবে বন্ধকত ৰখা হৈছিল কুকুৰটোক ৷ তাৰ পাচতে যিগৰাকী লোকৰ তাত কুকুৰটোক বন্ধকত ৰখা হৈছিল তেওঁলোকৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ড ৷ পিচে চোৰে চুৰি কৰি লৈ যোৱা সামগ্ৰী কাষৰে এটা পুখুৰীত পেলাই থৈ যায় আৰু কুকুৰটোৱে সেই সামগ্ৰী সমূহ উদ্ধাৰ কৰে ৷ এই ঘটনাৰ পাচতে ব্যৱসায়ী গৰাকীয়ে কুকুৰটোক মুক্ত কৰি দিয়ে ৷ কুকুৰটোক কিয় মুক্তি দিয়া হ'ল তাৰ কাৰণ লিখি কুকুৰটোৰ ডিঙিত আঁৰি দিয়া হ'ল ৷

তাৰ পাচতে কুকুৰটোৱে আনন্দ মনেৰে মালিকৰ ওচৰলৈ ঘূৰি আহে ৷ কিন্তু মালিকে তেতিয়ালৈ তাক ভুল বুজে আৰু লাঠিৰে পিটি তাক হত্যা কৰে ৷ কুকুৰটোৰ মৃত্যু হোৱাৰ পাচতহে মালিকে তাৰ ডিঙিত ওলমি থকা কাগজখনলৈ মন কৰে ৷ যিটো দেখাৰ পাচত নিজৰ ভুলৰ উপলব্ধি কৰি মালিকগৰাকী অনুতপ্ত হয় ৷

তাৰ পাচতেই সেই মন্দিৰ প্ৰাংগনত নিৰ্মাণ কৰা হয় কুকুৰৰ সমাধি ৷ এটা মূৰ্তিও নিৰ্মাণ কৰা হয় ৷ তাৰ পাচৰ পৰাই সেই গাঁৱত চলি আহিছে কুকুৰৰ পূজা ৷ স্থানীয় লোকৰ বিশ্বাস অনুসৰি সেই মন্দিৰত পূজা দিলে কুকুৰে নাকামোৰে ৷ জলাতংকৰ পৰাও ৰেহাই পায় ৷

লগতে পঢ়ক: জনা-নজনা: কোন দেশত কি ধৰ্ষণৰ শাস্তি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.