নিউজ ডেস্ক, 6 মে': পশ্চিমবংগৰ চৰকাৰে COVID-19 সম্পৰ্কে প্ৰকৃত তথ্য লুকুৱাইছে বুলি অভিযোগ কৰিছে বিজেপিৰ সম্পাদক কৈলাশ বিজয়ভাৰ্গিয়ে । তেওঁ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখে আৰু তাত স্বাস্থ্য বাৰ্তাত তথ্যৰ ব্যাপক বিসংগতিৰ কথা উল্লেখ কৰে ।
IMCT ৰ ৰাজ্য পৰ্যবেক্ষণৰ পাচত মুখ্য সচিব ৰাজিব সিন্হাই মমতালৈ এখন চিঠিত লিখিছিল যে, মৃত্যুৰ হাৰ 12.8 শতাংশ দেশৰ ভিতৰত অতি বেছি । এই হাৰে কম পৰীক্ষণৰ প্ৰত্যক্ষ ইংগিত দিছে ।
সোমবাৰে COVID-19 সম্পৰ্কে এখন বুলেটিন প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে । এই বুলেটিন খনত তীব্ৰ বিসংগতি থকা বুলি দাবী কৰিছে বিজেপি নেতাজনে । সোমবাৰে চৰকাৰে কৈছিল যে, 24 ঘন্টাত পশ্চিমবংগত 11 জনৰ মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা 61 লৈ বৃদ্ধি হৈছে । তাৰ পাচত প্ৰকাশ পোৱা বুলেটিন খনত মৃত্যুৰ সংখ্যা 72 জন প্ৰকাশ কৰিছিল ।