ETV Bharat / bharat

চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান

বিগত চাৰি দশকত ভাৰতৰ শীৰ্ষ আদালতত সম্পন্ন হৈছে মাত্ৰ 67টা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান ৷ এইসমূহ গোচৰৰ ভুক্তভোগীসকল 16 বছৰৰ তলৰ আৰু এইসমূহ গোচৰত মাত্ৰ 12 জন অপৰাধীক ফাঁচীৰ শাস্তিৰ ৰায়দান প্ৰদান কৰা হৈছে ৷ উচ্চতম ন্যায়ালয়ে জনোৱা মতে, 15 টা গোচৰত ফাঁচীৰ ৰায়দান নিশ্চিত কৰা হৈছে ৷

author img

By

Published : Nov 4, 2020, 2:13 PM IST

চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান
চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান

নিউজ ডেস্ক, 4 নৱেম্বৰ : বিগত 40 বছৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ত নিৰাশাজনকভাৱে 67টা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান প্ৰদান কৰা হৈছে ৷ এইসমূহ গোচৰৰ ভুক্তভোগীসকল 16 বছৰ বয়সৰ তলৰ আছিল আৰু উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰা অনুসৰি, 15টা গোচৰত ফাঁচীৰ ৰায়দান চূড়ান্ত হোৱাৰ বিপৰীতে 12টা গোচৰত অপৰাধীক ফাঁচীৰ শাস্তি প্ৰদান কৰা হৈছে ৷ বাকী থকা 3টা গোচৰত অভিযুক্তক ফাঁচীৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিবলগা হয় ৷

আজিৰ দিনলৈ শীৰ্ষ আদালতে 12গৰাকী অপৰাধীক মৃত্যুৰ শাস্তি প্ৰদান কৰাৰ কথা প্ৰকাশ কৰিছে, যিসকলে 16 বছৰ বয়সৰ তলৰ ভুক্তভোগীৰ সৈতে ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল ৷ আনহাতে 67টা গোচৰৰ ভিতৰত 51টা গোচৰৰ ভুক্তভোগীয়ে 12 বছৰ বয়সৰ বুলি জনাইছে উচ্চতম ন্যায়ালয়ে ৷

মহাৰাষ্ট্ৰত 2013ত সংঘটিত হোৱা আঢ়ৈ বছৰীয়া এগৰাকী নাবালিকাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে এইসমূহ তথ্য দাঙি ধৰে ৷

লগতে পঢ়ক : হাথৰছ কাণ্ডঃ চিকিৎসালয়ৰ পৰা হেৰাল চিচি টিভিৰ ফুটেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.