নিউজ ডেস্ক, ৯ জুন : লক ডাউনৰ সময়ত ঋণৰ বোজা সহিব নোৱাৰি মঙলবাৰে ভীলবাৰা অঞ্চলৰ একোটা পৰিয়ালৰ তিনিজন লোকে আত্মহত্যাৰ চেষ্টা চলাই । বৰ্তমান আটাইকেইগৰাকী লোককে মহাত্ম গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
মহাত্মা গান্ধী চিকিৎসালয়ৰ চিকিৎসক এগৰাকীয়ে জনোৱা অনুসৰি,পৰিয়ালটিৰ সদস্য মোহিত বিদলা,পত্নী ৰিংকু বিদলা আৰু পুত্ৰ দেৱ বিদলাই আত্মহত্যাৰ চেষ্টা চলাই । পৰিয়ালটিৰ এজন সদস্য ইতিমধ্যে মৃত্যু হোৱাৰ লগতে দুগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে ।
পৰিয়ালটিৰ সদস্য কেইজনে ঋণৰ বোজা সহিব নোৱাৰি এই পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, শ্বাহপুৰৰ বাসিন্দা পৰিয়ালটিয়ে আজাদ নগৰৰ এটা ফ্লে'টত বসবাস কৰিছিল ।
লগতে পঢ়ক : জেপি নাড্ডাই সম্বোধন কৰিব প্ৰথম ভাৰ্চুৱেল ৰেলী:ৰূপম গোস্বামী