ETV Bharat / bharat

হিন্দু সকলৰ উপাসনাৰ বাবে পাকিস্তানত নিৰ্মাণ কৰা হ'ব শ্ৰীকৃষ্ণ মন্দিৰ

author img

By

Published : Jun 24, 2020, 8:27 PM IST

পাকিস্তানৰ ৰাজধানীত হিন্দু সকলৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা হ'ব যাৰ জৰিয়তে হিন্দু ধৰ্মৰ লোক সকলে উপাসনা কৰিব পাৰিব । ইয়াৰ লগতে হিন্দু সকলৰ বাবে এক শ্মশানও নিৰ্মাণ কৰা হ'ব ।

in-a-first-pak-capital-to-get-hindu-temple-crematorium

নিউজ ডেস্ক, ২৪ জুন : কোভিড-১৯ ৰ সন্ত্ৰাসৰ মাজতে পাকিস্তানত বসবাস কৰা হিন্দু সকলৰ বাবে সু-খবৰ । পাকিস্তানৰ ৰাজধানীত হিন্দু সকলৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা হ'ব যাৰ জৰিয়তে হিন্দু ধৰ্মৰ লোক সকলে উপাসনা কৰিব পাৰিব । ইয়াৰ লগতে হিন্দু সকলৰ বাবে এক শ্মশানও নিৰ্মাণ কৰা হ'ব ।

in-a-first-pak-capital-to-get-hindu-temple-crematorium
হিন্দু সকলৰ উপাসনাৰ বাবে পাকিস্তানত নিৰ্মাণ কৰা হ'ব শ্ৰীকৃষ্ণ মন্দিৰ

ইছলামবাদৰ কে এচ- ৯ সেক্টৰ অঞ্চলত এক সমাৰোহ অনুষ্ঠিত কৰা হৈছিল আৰু সেই সমাৰোহতে ৰাজধানীখনত প্ৰথমতো হিন্দু মন্দিৰ নিৰ্মাণৰ বাবে ৪ কনাল ভূমি আৱন্টন কৰা হৈছে ।

মানৱ অধিকাৰ পদৰ সংসদীয় সচিব লাল চন্দ মোল্লীয়ে জনাই যে, বিগত দুটা দশকৰ পৰাই ৰাজধানীখনত হিন্দু লোকৰ সংখ্যা বৃদ্ধি পাইছে যাৰবাবে তেওঁলোকক উপাসনা কৰাৰ বাবে এটা মন্দিৰৰ প্ৰয়োজন হৈছে । তেওঁ পুনৰ জনাই যে, বিগত বহু বছৰৰ পৰাই ইছলামবাদত হিন্দু মন্দিৰ নিৰ্মাণৰ দাবী উখাপন হৈ আহিছে ।

ইছলামবাদ হিন্দু পঞ্চায়তে মন্দিৰটোৰ নাম শ্ৰীকৃষ্ণ মন্দিৰ নামকৰণ কৰিছে । যাৰ উচ্চতা H-9/2 ফুট আৰু দৈঘ্য ২০,০০০ মিটাৰ হ'ব । ইতিমধ্যে মন্দিৰটো নিৰ্মাণৰ যাবতীয় মানচিত্ৰ তৈয়াৰ কৰা হৈছে । তৈয়াৰ কৰা মানচিত্ৰ অনুসৰি, মন্দিৰটোৰ সমীপত এখন শ্মশান নিৰ্মাণ কৰা হ'ব ।

পাকিস্তানৰ ধাৰ্মিক মন্ত্ৰী পীৰ নৰুল হকে জনোৱা অনুসৰি, পাকিস্তান চৰকাৰে মন্দিৰটো নিৰ্মাণৰ বাবে ১০০ মিলিয়ন টকা ব্যয় কৰিব ।

লগতে পঢ়ক : ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.