ETV Bharat / bharat

প্ৰতিবাদৰ মাজতে গিলগিত-বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান - অস্থায়ী প্ৰাদেশিক মৰ্যদা

গিলগিত বাল্টিস্তান বিষয়ক লৈ ইমৰান খান নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ গিলগিত -বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা প্ৰধান মন্ত্ৰী ইমাৰান খানৰ ৷ এই ঘোষণাৰ ফলত অধিক ক্ষোভৰ বৰ্হিপ্ৰকাশ হোৱাৰ আশংকা ৷

প্ৰতিবাদৰ মাজতে গিলগিত বালতিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান

author img

By

Published : Nov 1, 2020, 8:56 PM IST

ইচলামাবাদ, 1 নৱেম্বৰ : গিলগিত - বাল্টিস্তানৰ মৰ্যদা সলনি কৰাক লৈ পাকিস্তানত প্ৰতিবাদ অব্যাহত থকাৰ মাজত শনিবাৰে প্ৰধান মন্ত্ৰী ইমাৰান খানে গিলগিত - বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ এই সিদ্ধান্তৰ লগে লগে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা চৌদি আৰৱক আঁতৰি যোৱাৰ লগতে পাকিস্তানৰ মানচিত্ৰৰ পৰা গিলগিত বাল্টিস্তান আঁতৰি যাব ৷

উক্ত অঞ্চলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে " মই গিলগিত বাল্টিস্তানলৈ অহাৰ এক এক অন্যতম প্ৰধান কাৰণ হ'ল এয়ে যে আমি গিলগিত - বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছো ৷

গিলগিত বালতিস্তানৰ বিষয়টোক লৈ ইতিমধ্যে ইমৰান খান নেতৃত্বাধীন চৰকাৰখনৰ বিপক্ষে তীব্ৰ প্ৰতিবাদ গঢ় লৈ উঠিছে ৷ এই ঘোষণাৰ ফলত অধিক ক্ষোভৰ বৰ্হিপ্ৰকাশ হোৱাৰ আশংকা কৰা হৈছে ৷

উল্লেখ্যস যে অক্টোবৰ 8 তাৰিখে পাকিস্তান অধিকৃত কাশ্মীৰৰ মোজাফৰবাদ চহৰত জম্মু আৰু কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট আৰু ষ্টুডেন্টছ লিবাৰেচন ফ্ৰন্টে গিলগিত বাল্টিস্তানক প্ৰদেশ ঘোষণা কৰাক লৈ চৰকাৰে কৰা সিদ্ধান্তৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

নিজকে উৎসৰ্গা কৰিলেও অঞ্চলটোৰ মৰ্যদা সলনি কৰিব নিদিয়ে বুলি ৰাজনৈতিক নেতা সকলে হংকাৰ প্ৰদান কৰে ৷ পাকিস্তানৰ অন্য চহৰ সমূহত বাস কৰা গিলগিত - বাল্টিস্তানৰ লোক সকলেও এই অনিচ্ছাকৃত সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ উলাই আহে ৷ প্ৰতিবাদকাৰী সকলে পাকিস্তানে অঞ্চলটোক এফালৰ পৰা ধ্বংস কৰি নিয়াৰ অভিযাগ উত্থাপন কৰে ৷

লগতে পঢ়ক: শ্ৰীনগৰত হিজাবুল মুজাহিদিনৰ শীৰ্ষ নেতাক হত্যা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.